হিজিৰা বা কিন্নৰ মানেই অভিশাপ নেকি ?- চন্দ্ৰ শেখৰ পৰাজুলী

Pc BBC
হিজিৰা বা কিন্নৰ মানেই অভিশাপ নেকি ?
             হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট । হিজিৰা লোকসকলে বিশেষ ৰীতি-নীতিৰ জৰিয়তে হিজিৰা বা কিন্নৰ সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছতহে ‘হিজিৰা’ উপাধি লাভ কৰে। ২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে হিজিৰা লোকসকলক তৃতীয় লিংগৰ মানুহৰ মৰ্যদা প্ৰদান কৰে। তেওঁলোকক  সম্পূৰ্ণ পুৰুষ বা সম্পূৰ্ণ মহিলাৰ মৰ্যদা প্ৰদান কৰা নহয়। ভাৰতবৰ্ষত প্ৰায়বোৰ হিজিৰা সমাজৰ লোকসকলে গুৰু পৰম্পৰা প্ৰথা ৰক্ষা কৰি চলে। তেনেধৰণৰ লোকৰ জন্মৰ পাছত পৰিয়ালে গ্ৰহণ নকৰা বা নিজ  ঘৰৰ দৰিদ্ৰতাৰ বাবে নাইবা সমাজৰ বৈষম্যৰ বাবে আদি অত্যাধিক কাৰণত সমাজৰ পৰা  পলাই অহি নাইবা স্বইচ্ছাৰে হিজিৰা সমাজত যোগ দিবলৈ বিচৰা ব্যক্তিসকলৰ বাবে কিন্নৰ বা হিজিৰা সমাজ বহু প্ৰজন্ম ধৰি নিজাকৈ এক আশ্ৰয়স্থলীৰ ব্যৱস্থা কৰি অহা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকৰ মাজৰ বেছি ভাগে জীৱন-ধাৰণৰ বাবে নাচ-গান, ভিক্ষা বৃত্তি আনকি বেশ্যা বৃত্তিৰ দৰে লজ্জাজনক কৰ্ম- কাৰ্যৰ ওপৰত নিৰ্ভৰশীল।
                      গতিকে এতিয়া কথা হ’ল হিজিৰা বা কিন্নৰ হোৱা মানেই অভিশাপ নেকি? আচলতে যিখন সমাজত আমি বসবাস কৰোঁ তাতে বৰ্তমান সময়তো সুস্থ,সৱল ব্যক্তিৰো যদি একোকে মৰ্যদা প্ৰদান কৰিবলৈ সামৰ্থ্য নাই তাতে তৃতীয় লিংগৰ ব্যক্তিসকলক কিনো মৰ্যদা প্ৰদান কৰিব ? চহৰৰ গলিয়ে,গলিয়ে,বাছ ইষ্টেট, ৰে’ল যাত্ৰা পথত হাতৰ তালি বজাই বজাই ‘এ চিক্নে দচ ৰোপীয়া দেদে’ বুলি নিজৰ জীৱন নিৰ্বাহৰ বাবে নাচ-গান কৰি থকা মানুহবোৰৰ অবস্থা কিমান দুখজনক হ’ব পাৰে সকলোৱে এবাৰ গহীনভাবে চিন্তা চৰ্চা কৰা উচিত।তেওঁলোকক দেখি আমি এতিয়াওঁ হয়তো হাঁহিবলৈ ধৰো কিন্তু হিজিৰা ৰূপত জন্মগ্ৰহণ কৰা কোনো ব্যক্তিগত দোষ নে নিজৰ দুৰ্ভাগ্য ?
                    ২০১৪ লোকপিয়ল অনুসৰি ভাৰতত আনুমানিক মুঠ ৪,৯০,০০০ জন তৃতীয় লিংগৰ মানুহ আছিল। চাওঁক এই হিচাপে বৰ্তমান সময়ত ভাৰতত প্ৰায় ৭,৮ লাখৰ ভিতৰত তৃতীয় লিংগৰ মানুহে বসবাস কৰে। সেয়েহে অন্যান্য মানুহৰ তুলনাত এই সামান্য সংখ্যক মানুহে বৰ্তমান সময়তো কিয় দোষত জনক পৰিস্থিতি ভোগ কৰি আহিব লগা হৈছে। আমি আচলতে সাধাৰণ মানুহকে অবহেলাৰ পাত্ৰ ৰূপে গণ্য কৰোঁ তেন্তে তৃতীয় লিংগৰ মানুহক আদৰ, সন্মান প্ৰদান কৰাটো বহু পিছৰ কথা নহয় জানো? চাওঁক কেৱল এটা, দুটা দিশত আগুৱাই যোৱা মানেই বিকশিত সমাজ বুলি গন্য কৰি লোৱা নহয়। কাৰণ সকলো দিশবোৰ সমান্তৰাল ভাৱে আকোঁৱালি লৈ আগুৱাই যাবলৈ প্ৰয়াস কৰিলেহে এক উন্নত সমাজৰ সৃষ্টি হোৱাটো সম্ভৱপৰ।
    চন্দ্ৰ শেখৰ পৰাজুলী
                    বিশ্বনাথ চাৰিআলি, অসম