হিংস্ৰ প্ৰাণী – প্ৰিন্স পাঠক

pc Green Matters
হিংস্ৰ প্ৰাণী
প্ৰিন্স পাঠক
কিমান যে ধুনীয়া এই বননি
কৰিছে পৃথিৱীখনক শুৱনি,
নানা ধৰণৰ জীৱ – জন্তু
লগতে চৰাই – চিৰিকটিৰ গুণগুণনি।
এওঁলোকৰ মাজত আছে
এক সুন্দৰ মিলাপ্ৰীতি,
এয়া অদ্ভূত এয়া অপূৰ্ব
এয়া প্ৰকৃতিৰ সৃষ্টি।
কিন্তু এই প্ৰকৃতিৰে সৃষ্টি,
এক হিংস্র প্ৰাণী
সেয়া মানৱ জাতি।
কাটিছে বন মাৰিছে জন্তু,
 ই হ’ল প্ৰকৃতিৰ
চিৰন্তন শত্ৰু।
চলাইছে ধ্বংসলীলা ই
না দিন চাইছে না ৰাতি,
ধৰাৰ ধ্বংসৰ কাৰণ
হʼবগৈ এই মানৱ জাতি।