হাতীগাঁৱৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা ৰহস্যৰ আৱৰ্তত

pc NEws Time Assam

হাতীগাঁৱৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা ৰহস্যৰ আৱৰ্তত

ৰঙিলী বাৰ্ত্তাসেৱা-   গুৱাহাটী হাতীগাঁৱৰ চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই সম্প্ৰতি ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। অভিযোগ-প্ৰত্যাভিযোগৰ মাজতে হাতীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই নতুন মোৰ লৈছে। খুদ ভুক্তভোগী যুৱতী গৰাকীৰ ভূমিকা লৈয়ো সমস্ত ঘটনা প্ৰবাহ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ”মোক এনকাউন্টাৰ কৰক মই এজন ১৭ বছৰীয়া ল’ৰা, মই এনেকুৱা ভুল কৰা নাই।” বুধবাৰে হাতীগাঁও নীলকমল পথত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্ত নাইমুদ্দিন আলীৰ ভাষ্য আছিল এয়া ৷ ইতিমধ্য সহকৰ্মী এগৰাকীৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাইমুদ্দিন আলী, মুকুল ইছলাম আশ্ৰাফুল আমিন আৰু কোম্পানীটোৰ স্বত্বাধিকাৰী ৰফিক আলীক ৷ কিন্তু শেহতীয়াকৈ এই ঘটনাই লৈছে নতুন মোৰ ৷ ভুক্তভোগী মহিলাগৰাকী কৰ্মৰত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বাকী সহকৰ্মীসকলৰ মতে এয়া সম্পূৰ্ণ পৰিকল্পিত ঘটনা ৷ কাৰণ যদিহে সঁচাই সেইদিনা মহিলাগৰাকীৰ লগত এনে ঘটনা হৈছিল তেন্তে কিয় লগে লগে অৱগত কৰা নাছিল বাকী সহকৰ্মীসকলক ৷তদুপৰি সেইদিনা কৰ্তব্য সম্পাদন কৰি বিয়লি কাৰ্যালয়ৰ পৰা সহকৰ্মীৰ সৈতে ওলাই গৈছিল মহিলাগৰাকী ৷ বাকী সহকৰ্মীসকলৰ অভিযোগ যে বিচৰা ধন নোপোৱাৰ বাবেই পৰিকল্পিতভাৱে দলবদ্ধ ধৰ্ষণৰ দৰে গোচৰ তৰিলে মহিলাগৰাকীয়ে ৷ একেদৰে মহিলাগৰাকীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তৰো মন্তব্য ৫ হাজাৰ টকা নিদিয়া বাবে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিলে ধৰ্ষণৰ গোচৰ৷অভিযোগ-প্ৰত্যাভিযোগৰ মাজত এতিয়া অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা প্ৰবাহ ৷ তাৰ মাজতে মহিলাগৰাকী কৰ্মৰত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰফিক আলীক আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৩জনক নিজৰ জিম্মাত লৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে ৷