হাছিনাই কান্দিছিল
তাই উচুপি উচুপি কান্দিছিল
শেষ হৈ গৈছিল এটা জীৱনৰ
যেতিয়া বুজি উঠিছিল
সৰগ ভাগি পৰিছিল তাইৰ মূৰৰ ওপৰত!
সেইদিনাখন মাদ্ৰাছাত
এক নতুন পৰিৱেশ গুঞ্জৰিত হৈছিল
আই মাতৃৰ চিৰ চেনেহী অসমীয়া ভাষাই প্ৰাণ পাইছিল
সকলোৱে চাইছিল আৰু শুনিছিল!
নাম তাইৰ হাছিনা
ধুবুৰীৰ তিনিটা নদীৰ চৰত তাইৰ ঘৰ
মৰাপাট আৰু সেউজীয়া ঘাঁহনিৰ
সৈতে চিনাকি তাইৰ জন্মলগ্নৰ…
নাবালিকা ছোৱালী হাছিনাৰ
আছিল দুচকুত হেজাৰ স্বপ্ন
এদিন তাই ডাঙৰ হ’ব চহৰৰ
বিদ্যালয়-মহাবিদ্যালয়ত পঢ়িব
তাই দুহাতেৰে আকাশ চুব!
ৰাতিপুৱা প্ৰাত:সভাত তাই কোৰাণৰ বাণী পঢ়িছিল
ধৰ্মৰ পৱিত্র বাণী বিয়পি গৈছিল
শ্ৰেণীকোঠাত উস্ম সম্ভাষন জনাই
সকলোৱে নিজৰ পৰিচয় দাঙি ধৰিছিল…
মিছাইল ম্যেনৰ বাণীৰে স্বপ্নৰ টোপোলাটো খুলিছিলোঁ
দেখুৱাইছিলোঁ স্বপ্নৰ ধৰিত্রী
কৈছিলোঁ সফলতাৰ চাবি-কাঠিৰ কথা
হৃদয়ত সিহঁতৰ সঞ্চাৰ হৈছিল সপোনৰ!
তাই কান্দিছিল
তাই উচুপি উচুপি কান্দিছিল
অবাক হৈ তাইলৈ চাইছিলোঁ
কি ভুল কৰিলোঁ?
বাল্য বিবাহৰ বিপক্ষে সজোৰে কৈ
কোমল হৃদয়ত খুন্দা মাৰিলো নেকি!
যামগৈ ছাৰ তাই কৈছিল
মোৰ ঘৰত আব্বা-আম্মীয়ে দূৰৈৰ দৰা চাইছে
এই মাদ্ৰাছাত আহিম মাথোঁ সাতদিন
স্বপ্ন ভগাৰ বেদনা দুগালেৰে বৈ গৈছিল
শেষ হৈ গৈছিল এগছি চাকিৰ পোহৰ…
সমাজৰ ব্যাধি বাল্য বিবাহে
মানৱ সম্পদক ধ্বংসৰ মুখলৈ ঠেলি দিছে
কঠোৰ হাতেৰে দমন নকৰিলে
অকালতে হেৰুৱাব লাগিব
পুৰীৰ দেশৰ সাধু শুনা মৰম আকুলুৱা হাছিনা॥
কমলেশ কাঞ্চন