হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিদ্যাৰ দ্বাৰা আমি সকলো কথা জানিব পাৰো৷বিদ্যাই বিভিন্ন দিশত চকু মেল খুৱাই৷বিদ্যা আহৰণ কৰা মানুহ বিনয় হয়৷বিদ্যা পদ্ধতি এটা ত্ৰিভুজৰ নিচিনা৷-এই মন্তব্য বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক,বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° জগদীন্দ্ৰ ৰায় চৌধুৰীৰ৷ গণেশগুৰিস্থিত পি ডব্লিউ ডি কনভেনশ্বন প্ৰেক্ষাগৃহত আয়োজন কৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনৰ পৰা স্থান লাভ কৰা ৫ জন শিক্ষাৰ্থীক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা অনুষ্ঠানত এইদৰে কয় ড° জগদীন্দ্ৰ ৰায় চৌধুৰীয়ে৷তেওঁ পুনৰ কয়-ছাত্ৰ ছাত্ৰীয়ে বিষুপ্ৰসাদ ৰাভা,জ্যোতি প্ৰসাদ আগৰৱালা,ড°ভূপেন হাজৰিকা আদি বিভিন্ন ব্যক্তিৰ বিষয়ে জানিব লাগিব৷চৰিত্ৰ গঠনত ধ্যানমগ্ন হ’ব লাগিব৷শৰীৰটো এটা মন্দিৰৰ দৰে হ’ব লাগে৷বন্ধুত্ব বিবেচনা কৰি চলিব লাগিব৷ বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ  ছাত্ৰী আৰু প্ৰথমবাৰলৈ ১০০% উৰ্ত্তীণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্যসকলক সম্বৰ্ধনা জনোৱা হয়৷প্ৰধানাচাৰ্য অৰূপ বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতেই অসমৰ ভিতৰতে নৱম স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন, চৰাইবাহীৰ বিদিশা নাথ, দশম স্থান প্ৰাপ্ত শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁৱৰ কৌস্তভ জ্যোতি নাথ,শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন, নলবাৰীৰ দিব্যজ্যোতি লহকৰ, ধৃতিস্মিতা ডেকা  আৰু  শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলীৰ অনুৰাগ বৰাৰ লগতে অসমৰ ভিতৰত বুৰঞ্জী বিষয়ত সৰ্বোচ্চ ৯৮ নম্বৰ প্ৰাপ্ত মানস প্ৰতিম শৰ্মাক নগদ ধন,গামোচা,বেগ আৰু মানপত্ৰৰে শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা মেধাৱী ছাত্ৰ- ছাত্ৰীক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০২২ প্ৰদান কৰা হয়। ইয়াৰ লগতে এশ শতাংশ উৰ্ত্তীণ হোৱা শিশু  শিক্ষা সমিতিৰ অন্তৰ্গত নিকেতন সমূহৰ প্ৰধান আচাৰ্য – আচাৰ্যা সকলকো অভিনন্দন  তথা সম্বৰ্ধনা  জনোৱা হয়।  সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত  সভাত সভাপতিত্ব কৰে শি,শি,স,অসমৰ উপ সভাপতি ড° যোগেশ কাকতিয়ে।সভাত নেডফিৰ অধ্যক্ষ পি,ভি,এচ,এল,এন,মূৰ্তি, বিশিষ্ট সমাজকৰ্মী প্ৰদীপনজী, বিদ্যা ভাৰতী অখিল ভাৰতীয়ৰ সম্পাদক ব্ৰক্ষ্মাজী ৰাও , শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক  কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী, পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সদা দত্ত,বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানী  প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।সভাত স্থানপ্ৰাপ্ত বিদিশা নাথ,দিব্যজ্যোতি লহকৰ,প্ৰধানাচাৰ্য ভাগ্যৰাম নাথ,দীপ শিখা বৰাই নিজৰ অনুভৱ ব্যক্ত কৰে৷ছাত্ৰী শ্যামন্তিকা কলিতাই গীত পৰিৱেশন কৰে৷