হাইস্কুল শিক্ষান্ত পৰীক্ষাত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ সাফল্য
ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীৰ দাঁতালপাৰাস্হিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰাখি এইবছৰো বিদ্যালয়খনে পূৰ্বৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷মুঠ ৩৭ জন পৰীক্ষাৰ্থীৰ ৩০জনে প্ৰথম বিভাগত,৭ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷আনহাতে ৮ জনে ডিষ্টিংচন আৰু ৭জনে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা মুঠ লেটাৰ নম্বৰৰ সংখ্যা ৮৬৷উল্লেখ্য,বিদ্যালয়খনে গণিত,উচ্চ গণিত আৰু কম্পিউটাৰ বিজ্ঞানত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷আন আন বিষয়ৰ সৰ্বোচ্চ নম্বৰ সমূহ হ’ল-অসমীয়াত ৯৪,ইংৰাজীত ৯৪,বিজ্ঞানত ৯৬,সমাজ বিজ্ঞানত ৯৮,সংগীতত ৯৭ আৰু চাৰু কলাত ৮০৷বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনাত অধ্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মাই ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷