হংসধ্বনি শুনিছোঁ – জ্যোতি খাটনিয়াৰ

PC - ASSAM TIMES POST

হংসধ্বনি শুনিছোঁ

জ্যোতি খাটনিয়াৰ

সৃষ্টিয়ে অভিজ্ঞতাক ধৰি ৰাখে। এই অভিজ্ঞতাৰ পোহৰত পঢ়ুৱৈ আৰু দৰ্শক আলোড়িত হ’ব পাৰিলে , সেই সৃষ্টিয়ে সাৰ্থকতা বহন কৰে। আধুনিক মানুহৰ অভিজ্ঞতা বিচিত্ৰ । তাত কিমান ঠাই নিজৰ আৰু কিমান ঠাই আনৰ, সেয়া কোৱা কঠিন। তেজ আৰু মাটিৰেই মানুহ। এই মানুহে কেতিয়াবা উচুপি উঠে আৰু কেতিয়াবা বেলি আৰু বতাহে তেওঁক কঁপাই যায়। জীৱন আৰু মৃত্যুৱে তেওঁৰ মনত অহৰহ ঘৰ পাতে। এনে মানুহ পৃথিৱীৰ সকলো সভ্যতা আৰু সংস্কৃতিত আছে। মানুহৰ প্ৰয়োজন বিভিন্ন হ’লেও ক’ৰবাত এই প্ৰয়োজনবোৰৰ মাজত এক উমৈহতীয়া কথা বতৰা লুকাই থাকে। দৈনিক অসমৰ যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে প্ৰকাশিত এখন ছবিত দেখা গৈছে ইজৰাইলৰ সেনাই ধ্বংস কৰা পেলেষ্টাইনৰ কোনো এক অঞ্চলত এগৰাকী কিশোৰীয়ে এই ধ্বংসস্তুপৰ মাজতে লিখা পঢ়া কৰিছে। মানুহৰ উমৈহতীয়া প্ৰয়োজন, ইচ্ছা আৰু বাসনাৰ সেইখন এখন নিকা নিভাঁজ ছবি। কবিতাও এনে উমৈহতীয়া প্ৰয়োজনৰ আখৰা আৰু অভিজ্ঞতাৰ ৰাশি ৰাশি কথাৰ পূঞ্জিভূত ৰূপ। কবিতাৰ সন্মুখত উপস্থিত মনবোৰে নিবিচৰা লৈকে কবিতাই নিজে একো নকয়। কিন্তু কবিতাক তৈয়াৰ কৰি দিয়াৰ আঁৰত নিৰ্দিষ্ট এটা মন থাকে। এই মনটোৱেই হ’ল এজন নিৰ্দিষ্ট কবিৰ মন। এই মনটো কেনেদৰে গঠন হ’ল, সেইটোৱে আকৌ নানা প্ৰশ্নৰ অৱতাৰণা কৰে। জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ কবি মনটোৰ আঁৰত নিঃসন্দেহে বহু মন লুকাই আছে। এই মনৰ বতৰা ৰসজ্ঞ পঢ়ুৱৈয়ে নানা ঠাইত, নানা উৎসৰ মাজত বিচাৰি পাব পাৰে। নীলমণি ফুকনৰ ক্ষেত্ৰত এই উৎসবোৰ হব তেওঁৰ শৈশৱৰ কৰুণ কোমল স্মৃতি ; ৰামায়ণ সাহিত্যৰ বিশিষ্ট পণ্ডিত, অধ্যাপক প্ৰয়াত উপেন্দ্ৰনাথ লেখাৰুৰ ধম্মপদৰ অসমীয়া তাঙৰণ , তাহানিৰ পাঠ্যপুথিত ছাত্ৰ ফুকনে দেখা সাৰনাথৰ বৌদ্ধ মূৰ্তিৰ ছবি , বিশ্বৰ বিভিন্ন আগশাৰীৰ কবিৰ কবিতাৰ নিবিড় পাঠ, ৰাতিৰ নিৰ্জনতা, স্পেনিছ কবি গাৰ্থীয়া লৰকা, জাপানী কবিতা, ভাৰতীয় শাস্ত্ৰীয় সংগীত, বিশ্বৰ বিভিন্ন আগশাৰীৰ শিল্পকৰ্মৰ কিতাপত ছপা হোৱা ছবিবোৰৰ সান্নিধ্য , ইতিহাসৰ ছাত্ৰ ৰূপে ভাৰতীয় ইতিহাসৰ নন্দনতাত্বিক দিশ, সমালোচক অধ্যাপক ভৱেন বৰুৱা আৰু হীৰেন গোহাঁইৰ নিৰন্তৰ উপস্থিতি। কবি ফুকনে এইবোৰ প্ৰতিপালন কৰিছে সযতনে। তাৰ পৰাই উঠি আহিছে কল্পনাৰ নানা তৰংগ; শব্দৰ স্পন্দিত যাত্ৰা আৰু ধ্বনিময় তন্ময়তা। নীলমণি ফুকনৰ কবিতা আৰু তেওঁৰ শিল্প আলোচনাৰ বিস্তৃতিয়ে দেখুৱাই যে তেওঁৰ মনে নানান ঠাইৰ পৰা সাৰ পানী গ্ৰহণ কৰিলেও ইয়াৰ ঘাই শিপাডাল অসমতে আছে। কবিয়ে দুটা কাম কৰিব পাৰে। প্ৰথম কামটো হ’ল তেওঁ শব্দৰ ওজন বঢ়াব পাৰে। দ্বিতীয়তে , তেওঁ শব্দৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। কবি হিচাপে নীলমণি ফুকনে দুয়োটা কামকে সাৰ্থকতাৰে কৰিবলৈ সক্ষম হৈছে। জাপানী কবিতাই তেওঁক বাক সংযম প্ৰদান কৰিছে। স্পেনিছ কবি লৰকাই তেওঁক এক প্ৰাণ চঞ্চলতা দিছে। পেইণ্টিং আৰু ভাস্কৰ্যৰ জগতখনৰ সৈতে থকা সম্পৰ্কই তেওঁক এনে কেতবোৰ পৰিবেশ সৃষ্টিত উদগনি জগাইছে যে তেওঁৰ উপলব্ধিয়ে এক নৃত্যৰতা ৰূপ লাভ কৰিছে। ভেন গঘৰ সূৰ্য্যমুখি ফুল বা তেওঁৰ কোঠালীটোৰে ৰাতিৰ তৰা ভৰা আকাশ বা হালধীয়া ঘেঁহু পথাৰখন, কোনোটোৱেই নীলমণি ফুকনৰ মনটো চুই নোযোৱাকৈ থকা নাই। উল্লেখ্যযোগ্য যে তেওঁ এই প্ৰসংগবোৰ থকা শক্তিশালী কবিতাটো উৎসৰ্গা কৰিছে আন এগৰাকী শক্তিশালী কবিৰ নামত। তেওঁ নীলপৱন বৰুৱা।

ছাত্ৰ জীৱনৰ পৰাই নীলমণি ফুকন আছিল বিচাৰি খোচাৰি আৰু বাচি বাচি কিতাপ পঢ়া লোক। তেওঁৰ আত্মজীৱনীমূলক টোকাবোৰে দেখুৱাইছে যে তেওঁ অবাৱত সময় ব্যয় কৰা নাই। ‘কটন কলেজত চাৰিটা ঋতু’ নামৰ এখন সুৰীয়া ৰচনাত তেওঁৰ মানুহজনৰ অন্তৰ্জগতৰ কেতবোৰ খণ্ডিত চিত্ৰ বিচাৰি পাব পাৰি। এই সময়ত তেওঁ পঢ়িছে বহু উল্লেখ্য যোগ্য গ্ৰন্থ। পঢ়া শুনা কেনেকৈ কৰিব লাগে বা পুথিভঁৰাল কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই সময়ত তেওঁ ছাত্ৰ ৰূপে ‘ Reading for Enjoyment’ নামৰ ডনাল্ড মেককেম্পবেলৰ সৰু কিতাপ খন পঢ়ি অটাইছিল। উপকৃত হৈছিল ৰবীন গোহাঁই, গজেন হাজৰিকা, আদি ছাত্ৰ বন্ধুৰ সান্নিধ্যৰে। সেই সময়ত গুৱাহাটীত অনুষ্ঠিত হোৱা দুখন সন্মিলনে তেওঁৰ মনটোক চুই গৈছিল। এখন আছিল ১৯৫৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক গণনাট্য সংঘৰ তৃতীয় সন্মিলন। তালৈ আহিছিল ওমৰ শ্বেইখ, সুচিত্ৰা মিত্ৰ, দেৱব্ৰত বিশ্বাস, হেমন্ত মুখাৰ্জী, বলৰাজ চাহানীৰ দৰে ব্যক্তি। সন্মিলনৰ আয়োজন আছিল তেনেই সাধাৰণ ; কিন্তু প্ৰভাৱ আছিল অপৰিসীম। নিমন্ত্ৰিত এই বিশিষ্ট অভ্যাগতসকল বহিছিল মাটিত পাৰি দিয়া বিভিন্ন ধান খেৰৰ ওপৰত : ” সকলোতে আছিল নতুন এটা ভাব মনোভাব, উদ্দীপনা আৰু সংগ্রামী আবেগ। হেমাংগ বিশ্বাস আছিল অসম গণনাট্য সংঘৰ প্ৰাণপুৰুষ। এবাৰ দেখিলে, তেওঁৰ কথা, গান শুনিলে পাহৰিব নোৱৰা মানুহ আছিল হেমাংগ বিশ্বাস।” আন এক উল্লেখযোগ্য আয়োজন আছিল সিংহ পুৰুষ ৰাধা গোৱিন্দ বৰুৱা, তাৰিণী মোহন বৰুৱাকে যে আদি কৰি গুৱাহাটীত কেইবাগৰাকীও সংগীত অনুৰাগীৰ উদ্যোগত জজ খেলপথাৰত কেইবা নিশা ধৰি অনুষ্ঠিত প্ৰথমখন সদৌ অসম সংগীত সন্মিলন। এই সম্মিলনলৈ বিনায়ক ৰাও পট্টৱৰ্ধন, দত্তাত্ৰেয় পুলস্কৰ, আলি আকবৰ, ৰবিশংকৰ, গিৰিজা দেৱী, কেৰামৎ উল্লা, নৃত্যশিল্পী দময়ন্তী যোশীকে আদি কৰি ভালেকেইগৰাকী যশস্বী শিল্পী আহিছিল। এই দুয়োটা অনুষ্ঠানে ফুকনৰ কাব্য জীৱনক কিদৰে সময়ে সময়ে চুই আছে, সেয়া এক বিশেষ অধ্যয়নৰ বিষয় হ’ব পাৰে।

কবি নীলমণি ফুকনক বাৰে বাৰে আলোড়ি‍ত কৰি আছে তেওঁৰ শৈশৱৰ স্মৃতি ভৰা জগতখনে। এই ক্ষেত্ৰত তেওঁ নোবেল বঁটা প্ৰাপক জৰ্জ চেফেৰিছৰ প্ৰসংগ উল্লেখ কৰিছে। ফুকনে কৈছে যে কোনো মানুহৰেই গোপন বা অগোপন সাঁচন অথলে নাযায়। বিশেষকৈ ল’ৰাকালৰ মনৰ সাঁচন। তেনে এক তেওঁৰ মনৰ সম্পদ হল হঠাৎ তেওঁতকৈ সৰু আৰু ফুৰা তথা খেলৰ লগ দেউতিৰ অভাৱনীয় মৃত্যু। জীৱনৰ বিয়লি বেলিকা এই মৃত্যু স্মৰণ কৰি তেওঁ লিখি থৈ গৈছে যে কৰুণ শীতল সেই অভিজ্ঞতাৰ কথা মনত পৰিলে আজিও গাৰ এডোখৰ চেঁচা হৈ যায়। জন্মৰ মূহুৰ্তৰে পৰা মানুহৰ জীৱনতে নিহিত হৈ থাকে মৃত্যু। এই প্ৰসংগত ফুকনে স্মৰণ কৰিছে দুটা বিষয়। এটা হ’ল এদভাৰ্ড মূণ্খৰ অমৰ সৃষ্টি The Dance of Life নামৰ ছবিখন। আৰু আনটো হ’ল ৰিলকেৰ এক অবিস্মৰণীয় উক্তি: “মৃত্যু জীৱনৰ প্ৰগাঢ় মূহুৰ্ত”। ফুকনৰ কবিতাৰ মৃত্যু অসমীয়া সাহিত্যৰ এতিয়া স্থায়ী সম্পদ। যেনে :
১. ” থৰ হৈ তেওঁ আমাৰ মুখলৈ চাই আছে। হাত দুখন যেন / উৰি যোৱা বগলীটোৰ ফালে মেলি দিবলৈ বিচাৰিছে / ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে। ” ;
২. ” হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল ঘণ্টা /জুই নুনুমুৱা চিতাৰ ওপৰত এতিয়া সন্ধ্যা”; ৩. ” মুঠি-মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি /আজাৰৰ আন্ধাৰত তয়ে বেচ/ বাই তোৰ কোন গাঁৱত ঘৰ/ মৰেনে মানুহ তাত” ; ৪. ” ক’তো যেন এতিয়া কোনো মৰা নাই/কোনো শিশু/কোনো বৃদ্ধ”

ফুকনৰ কবিতাত কিন্তু জীৱনৰ সৌন্দৰ্য্য আৰু শক্তিক মৃত্যুৰ অগা-দেৱাই ম্লান পৰিবলৈ দিয়া নাই। তেওঁৰ বাবে জীৱনৰ সৌন্দৰ্য্য অধিক আৰু বেছি অৰ্থবহ । এই সৌন্দৰ্য্য এক মৰ্যাদাৰ সৈতে জড়িত। এই মৰ্যাদা ৰাজপথত আন্দোলন কৰি সাব্যস্ত কৰিব খোজা মৰ্যাদা নহয়। ই নিৰ্জনতা ( silence) ৰ সৈতে জড়িত। এই নিৰ্জনতাৰ স্পৰ্শ গুণ আছে। নীলমণি ফুকনৰ কবিতাত পৰাই এই স্পৰ্শ গুণ এনেদৰে আহিছে : ” হংসধ্বনি শুনিছোঁ ৰাতি পুৱাইছে নে ৰাতি হৈছে/….হংসধ্বনি শুনিছোঁ/সাঁজ লাগিছে নে ৰাতি পুৱাইছে”।

ইতিহাসৰ ছাত্ৰ / শিক্ষক ৰূপে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাৰ জগতখনত এক বিশেষ চেতনাবোধ জড়িত হৈ আছে। প্ৰথিতযশা সমালোচক ড° হীৰেন গোঁহাইয়ে এবাৰ লিখিছিল যে আধুনিক বিশ্বৰ মাজত মানৱ হৃদয় অকলশৰীয়া, অনাথ। এই অৱস্থাটোৱে আধুনিক মানুহক অসুস্থ আৰু অসুখী কৰি তুলিছে। নীলমণি ফুকনৰ কবিতা আৰু তেওঁৰ শিল্প সম্পৰ্কীয় ৰচনাসমূহ মানুহক সুখী আৰু বিবেকবান কৰি ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাবোৰৰ অন্যতম। ই বিশালতাৰ সৈতে জড়িত আৰু গতিশীল : ” ইয়াৰ পৰাই পানী/ ইপাৰ সিপাৰ নমনি । “

( নীলমণি ফুকনৰ ওপজা দিন উপলক্ষে )