সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাৰ বিসংগতিয়ে ছাত্ৰ-ছাত্ৰীৰ মনত কেনেদৰে প্ৰভাৱ পেলাব ?
দেবর্ষি গৌতম
বনগাঁও
সৰ্বভাৰতীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীটৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ মনত যি উৎসুকতা থাকে সেয়া হয়তো কোনেও ভাষাৰে বৰ্ণনা কৰিবলৈ সক্ষম নহব। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে National Testing Agency (NTA) ৰ হাতত দায়িত্ব থাকে। বিশেষকৈ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নমভৰ্তিৰ বাবে যি যোগ্যতা নিৰ্ণায়ক পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই পৰীক্ষাটোকে NEET বুলি অভিহিত কৰা হয়। দেশত অনুষ্ঠিত হোৱা নিৰ্দিষ্ট কিছু সংখ্যক সৰ্বভাৰতীয় পৰ্য্যায়ৰ শ্ৰেষ্ঠ আৰু সুৰক্ষিত পৰীক্ষাৰ ভিতৰত এই NEET পৰীক্ষাকো ধৰা হয়। NEET পৰীক্ষাত সফলতা লাভ কৰিবলৈ হলে দেশৰ যিকোনো প্ৰান্তৰ ছাত্ৰ -ছাত্ৰী সকল মেধাসম্পন্ন হোৱাটো বাধ্যতামূলক বুলি সকলোৱে বিশ্বাস কৰে। নিশ্চিতভাৱে সৰ্বভাৰতীয় প্ৰতিযোগিতা মূলক পৰীক্ষাত সফলতা লাভ কৰাটো কোনো কাৰণতে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে সাধাৰণ কথা হব নোৱাৰে। বিভিন্ন দুৰ্নীতি আৰু অনিয়মৰ বাবে নিজৰ ভৱিষ্যত অন্ধকাৰ বুলি ভাবিবলৈ বাধ্য হোৱা বহু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে NEET ৰ দৰে নিৰ্দিষ্ট দুই-চাৰিটা পৰীক্ষাই শেষ ভৰসাৰ থল। নীতি-নিয়মৰ মাজেৰে যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হব বুলি ভাবিয়ে তেনে ছাত্ৰ-ছাত্ৰী সকলে NEET ৰ দৰে পৰীক্ষা সমূহৰ জৰিয়তে নিজৰ ভৱিষ্যত গঢ়াৰ সপোন দেখে। কিন্তু অতি সুৰক্ষিত আৰু নিকা বুলি অনুমান কৰি লোৱা পৰীক্ষা এটাৰ বিৰুদ্ধে বছৰৰ পিছত বছৰ ধৰি বিভিন্ন অনিয়ম হোৱা বুলি উত্থাপিত অভিযোগ যেতিয়া ৰাজহুৱাকৈ ফাদিল হৈ যায় তেনে ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে কি আশাৰে নিজৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিব ? যেতিয়া দেশৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খণ্ড, শিক্ষাখণ্ডটো শিক্ষা লাভ কৰাৰ বাবে টকা আৰু ক্ষমতাৰ প্ৰয়োগ হবলৈ আৰম্ভ হয় তেনেহলে তেনে এখন দেশৰ ভবিষ্যত কোন দিশে গতি কৰিব সেয়া কিন্তু আজিৰ তাৰিখত অতি মূল্যবান প্ৰশ্ন। শিক্ষা আৰু চিকিৎসা দুইটা খণ্ড এখন উন্নয়নশীল দেশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিন্তু এনে অতি স্পৰ্শকাতৰ খণ্ডত যদি মেধা আৰু যোগ্যতাৰ পৰিবৰ্তে বেআইনী ভাবে অন্য পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা নিৰূপণ কৰা হয় তেনেহলে সেইয়া দেশৰ বাবে অতি দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হব। সদ্য ঘোষিত NEET পৰীক্ষাৰ ফলাফলত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কেৱল অভিযোগ উত্থাপন হোৱাই নহয় অৱশেষত ফলাফল ঘোষণা হোৱা পৰীক্ষা বাতিল কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্থাপিত অভিযোগ অনুসৰি বিভিন্ন মাধ্যমযোগে NEET পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বে নিৰ্দিষ্ট কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ হাতলৈ আহি গৈছিল। দেশৰ ভিতৰতে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত জড়িত হৈ থকা এনে এটা স্পৰ্শকাতৰ পৰীক্ষাৰ প্ৰশ্নকাকত কিদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে ফাদিল হবলৈ পালে সেয়া কিন্তু অতি সোনকালে পোহৰলৈ অনাটো বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ নৈতিক দায়িত্ব। দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যক লৈ হেতালি খেলাৰ অধিকাৰ কাৰোৰে যে নাই সেই কথা অতি দৃঢ়তাৰে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে সকলোৰে সন্মুখত এক দৃষ্টান্তমূলক নজীৰৰ জড়িয়তে উপস্থাপন কৰিব লাগে। সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত যদি এনে ধৰণৰ বিসংগতি সংঘটিত হয় তেনেহলে ছাত্ৰ ছাত্ৰী সকলে কাৰ ওপৰত বিশ্বাস কৰিব। যুৱ প্ৰজন্ম এখন দেশৰ ভবিষ্যত। যদি দেশৰ ভবিষ্যত সকলক এক ঘোৰ অন্ধকাৰ মাজলৈ ঠেলি দিয়া হয় তেনেহলে তেনে এখন দেশৰ আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক ভৱিষ্যত কোনফালে গতি কৰিব সেয়া সহজে অনুমান কৰিব পৰা যায়। যেতিয়া মেধা অবিহনে কেৱল ক্ষমতা অথবা অৰ্থৰ বলত কোনো ছাত্ৰ-ছাত্ৰীয়ে NEET ৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ চিকিৎসাবিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি চিকিৎসক হিচাপে ওলাই আহিব তেতিয়া তেনে চিকিৎসক এগৰাকীৰ পৰা সমাজে কি আশা কৰিব ? এনেধৰণৰ চিকিৎসক সমূহে হয়তো নিজৰ বাহুবল আৰু ধনবলৰ জৰিয়তে চিকিৎসা খণ্ডটোক ধ্বংসৰ মুখলৈ ঠেলি দিব নাইবা সাধাৰণ মানুহক চিকিৎসা প্ৰদান কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব। জ্ঞান আহৰণৰ ক্ষেত্ৰতো যেতিয়া ধনবলৰ ব্যৱহাৰ আৰম্ভ হব তেতিয়াহলে সমাজ এখন কেতিয়াও উন্নতিৰ দিশলৈ অগ্ৰসৰ হব নোৱাৰে। মেধা সম্পন্ন হলেও যদি সাধাৰণ ছাত্ৰ-ছাত্ৰী সকলক প্ৰাপ্য অধিকাৰৰ পৰা ধনবলৰ জড়িয়তে বঞ্চিত কৰা হয় তেনেহলে দেশৰ নিৰ্দিষ্ট কিছু সংখ্যক লোকৰ বাহিৰে আন লোকসকলৰ বাবে সফলতাৰ দুৱাৰ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব। যেতিয়ালৈকে দেশত বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা নিকা ভাবে অনুষ্ঠিত নহয় তেতিয়ালৈকে দেশৰ ভবিষ্যত প্ৰজন্মই দেশৰ উন্নয়ন কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। শিক্ষা আহৰণ কৰাটোৱেই হৈছে যুৱ প্ৰজন্মৰ লক্ষ্য আৰু উদ্দেশ্য। ঠিক একেদৰে যুৱ প্ৰজন্মক শিক্ষিত আৰু কৰ্মমুখী হোৱাকৈ উপযুক্তকৈ গঢ়ি তোলাটো এখন দেশৰ মূল লক্ষ্য আৰু উদ্দেশ্য। এখন দেশৰ ভবিষ্যত সম্পূৰ্ণ যুৱপ্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে। যিখন দেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ অধিক যুৱ জনসংখ্যা আছে তেনে এখন দেশৰ যুৱ প্ৰজন্ম যদি শৈক্ষিক ভাবে পিছপৰি থাকে তেনেহলে তেনে এখন দেশে কিদৰে উন্নত দেশৰ শাৰীত উপনীত হোৱাৰ সপোন দেখিব পাৰিব ? দেশৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ আগশাৰীৰ পৰীক্ষা সমূহটো যদি বিসংগতি হবলৈ আৰম্ভ হয় তেনেহলে ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ ওপৰত এক নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত। যি নেতিবাচক প্ৰভাৱে যুৱপ্ৰজন্ম বিপথে পৰিচালিত হবলৈ যথেষ্ট ইন্ধন যোগাব। নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে NEET আৰু ইয়াৰ সমপর্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহে হৈ শেষ ভৰসাৰ থল। ধনবল আৰু বহুবল অবিহনে কেৱল নিজৰ মেধাৰ জৰিয়তে সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ একমাত্ৰ সম্বল হৈছে এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ। যেতিয়াই নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ শেষ সম্ভলখিনিকো মানসিকভাৱে হত্যা কৰা হয় তেতিয়াই কিন্তু তেনে ছাত্ৰ-ছাত্ৰীৰ মনবোৰ বিদ্ৰোহী হৈ উঠে আৰু কোনো বিষয়ত বিশ্বাস নোহোৱা হৈ পৰে। এনে বিদ্ৰোহী মনে বহু ছাত্ৰ-ছাত্রীৰ ভৱিষ্যত নিঃশেষ কৰি পেলায়। অন্য নহলেও দেশৰ এক সুস্থ ভৱিষ্যতৰ কথা ভাবি হলেও মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে হোৱা এনে ধৰণৰ অন্যায় আৰু অনিয়মৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ হোৱাটো অতিকৈ প্ৰয়োজনীয়। এনে অন্যায় আৰু অনিয়মৰ সৈতে জড়িত ব্যক্তিক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি এক নজীৰ সৃষ্টি কৰিলে নিশ্চিতভাৱে আগন্তক দিনত কোনোবাই এনে ধৰণৰ অনিয়ম সংঘটিত কৰিবলৈ এবাৰৰ বাবে হলেও চিন্তা কৰিবলৈ বাধ্য হব। এনে পদক্ষেপৰ জৰিয়তে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ হেৰুৱা আত্মবিশ্বাস আকৌ এবাৰ পুনৰ উজ্জীৱিত কৰাত যথেষ্ট সহায়ক হোৱাৰ থল আছে।