সৰুসজাইত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

সৰুসজাইত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। ৰাজ্যৰ ৩৪ খন জিলাৰ জুনিয়ৰ পৰ্যায়ৰ ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ ল’ৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৫৫০গৰাকী এথলীটে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ দুয়োটা দিনতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই ১৫২ পইন্টেৰে শিৱসাগৰ জিলা দলে শ্ৰেষ্ঠ দল আৰু ১৪৯ পইন্টেৰে ডিব্ৰুগড় জিলা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে। আনহাতে প্ৰতিযোগিতাখনত ব্যক্তিগত শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ১৪বছৰ অনুৰ্ধ্ব ল’ৰাৰ শাখাতমহান বড়ো(ওদালগুৰি),১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত দিশা নাথ (গুৱাহাটী),১৬বছৰ ল’ৰাৰ শাখাত অংশুমান ভাগৱতী (নলবাৰী),১৬বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত শিবাৰ্ছী মৰাণ(তিনিচুকীয়া),১৮বছৰ অনুৰ্ধ্ব ল’ৰা শাখাত সন্দীপ টাই(যোৰহাট),১৮বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত কাদম্বৰী মুদিয়াৰ(নলবাৰী),২০বছৰ অনুৰ্ধ্ব ল’ৰা শাখাত পিন্টু বৰঠাকুৰ (শিৱসাগৰ) আৰু ২০বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত গুৱাহাটীৰ নিকুমনি পাঠকে শ্ৰেষ্ঠ এথলেটৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত পদক বিজয়ী খেলুৱৈসকলৰ লগতে বিজয়ী আৰু বিজেতা দলক প্ৰশিক্ষক অনিতা গুহৰয়,অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভৰালী,লগতে অসম এথলেটিকচ সন্থাৰ বাবুল খান,কৰুনাধৰ দত্ত,কৰুণজ্যোতি শইকীয়া,নিপন দাস,গোবিন্দ মালাকৰ আৰু অসম অলিম্পিক সন্থাৰ দেৱজিৎ গগৈয়ে বঁটা সমূহ প্ৰদান কৰে।