সৰাপাত – সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও

p.c- pinterest
*সৰাপাত*
সৰি যোৱা পাতৰ দৰে
মনবোৰ মৰহি গ’ল
কেনেকৈ যে মানুহবোৰ ইমান সলনি হ’ল।
মানুহৰ হিয়াত জ্বলিছে
হিংসাৰ অগনি
নিবিচাৰে কোনোৱেই
স্বদেশৰ উন্নতি।
চৌদিশে মাথো
তেজ আৰু তেজ
মানুহৰ জীৱনৰ
আনন্দ হৈছে শেষ ।।