সৰবৰহী মহিলা বনদেৱী বৈশ্যৰ মৃত্যু

সৰবৰহী মহিলা বনদেৱী বৈশ্যৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ শ্ৰীমন্তপুৰ নিবাসী,সৰবৰহী মহিলা বনদেৱী বৈশ্যৰ ১৭ মে’ত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ৷তেওঁৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷শ্ৰীমন্তপুৰ ৰূপনগৰস্হিত চিলাৰায় নগৰৰ সমাজসেৱী হিচাপে জনাজাত ধাৰ্মিক মহিলা বৈশ্য অঞ্চলটোত বহুতৰ বাবে বৈশ্য বাইদেউ,জেঠাই,আইতা,খুৰী,মামী আদি বিভিন্ন আত্মিক সম্বন্ধেৰে বিভূষিত আছিল৷দুখীয়াক সহায় কৰাত তেওঁ আছিল আগৰণুৱা৷তেওঁ সদৌ অসম মইনা পাৰিজাত শাখাৰ সম্পাদিকা,সভাপতি হিচাপেও অৱদান আগবঢ়াইছিল৷তদুপৰি অসম আন্দোলনটো আগভাগ লৈছিল৷তেওঁৰ নেতৃত্বত মহিলা সমিতি,ভঙাগড় কালীমন্দিৰৰ সমিতি আদি সক্ৰিয় হৈ উঠিছিল৷বৈশ্যৰ মৃত্যুত পৰিয়াল পৰিজনৰ উপৰিও অঞ্চলবাসীয়ে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷