স্মৃতিৰ শলিতা
মাজনিশা এন্ধাৰত
জোনাকী পৰুৱাই চিলমিল টোপনি ভাঙিলে
গোপনে আহি
মোক জগাই দিলে
কি বিছাৰিছা তুমি
এই বৈৰাগীৰ আজি একো নাই!
নিদ্ৰাদেৱীৰ অপেক্ষাত
চকুহাল মুদি ৰৈ আছোঁ
বৈ গৈছে ভাবনাবোৰ গধুৰ শিলাখণ্ডৰ দৰে
খট খট শব্দৰে
বুকুখন তিতি গ’ল
এজাক আবতৰীয়া বৰষুণৰে…
উশাহবোৰ চুটি হৈছে
স্মৃতিৰ শলিতা জ্বলি ৰৈছে
পাহৰিব নোৱাৰে তোমাক মোৰ ভগ্ন হৃদয়ে
ত্যাগ নকৰিবা
জীয়াই থাকিম তোমাৰ মৰমেৰে
আজুৰি আনিম সফল্যৰ ন-দুৱাৰ!
নিয়ৰৰ টোপালবোৰ
মজিয়াত পৰি ৰৈছে
তিতি গৈছে দুগালৰ অশ্ৰুৰ দৰে নীৰৱে
মানৱতাৰ জয়গান গাই
হিংস্ৰতাৰ ছৱিখন
তুলি ধৰিলা কিয়
আজি উত্তৰ লাগে এই নিঠৰুৱাক॥
কমলেশ কাঞ্চন