স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে বিজুলীভৱনৰ সন্মুখত বিক্ষোভ

স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে বিজুলীভৱনৰ সন্মুখত বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰাহক স্বাৰ্থবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ বিৰুদ্ধে  গুৱাহাটীৰ বিজুলীভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। দিনৰ ১২ বজাত শতাধিক বিদ্যুৎ গ্ৰাহকে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড ফেষ্টুন লৈ পল্টন বজাৰৰ বিশাল মেগামাৰ্টৰ সন্মুখৰ পৰা এক বিক্ষোভ সমদল কৰি আহি বিজুলীভৱনৰ গেটত আৰক্ষীৰ লগত ঠেলাহেঁচা কৰি বিজুলীভৱনৰ ভিতৰতে প্ৰৱেশ কৰে । তাতে বিশাল আৰক্ষী বাহিনীয়ে সমদলক বাধা প্ৰদান কৰাত বিক্ষোভকাৰীসকলে তাতেই গ্ৰাহক স্বাৰ্থবিৰোধী প্ৰিপেইড মিটাৰ বাতিল কৰক, বিদ্যুতৰ বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক, প্ৰিপেইড মিটাৰৰ যোগেদি ৰাইজক লুণ্ঠন কৰা বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে। ইয়াৰ পাছত উক্ত স্থানত জমায়েত হোৱা কৰ্মী সমৰ্থক তথা ৰাইজক সম্বোন্ধি ভাষণ প্ৰদান কৰে অল আছাম ইলেকট্ৰিছিটি কনজুমাৰ্ছ এছ’চিয়েছনৰ অসম ৰাজ্যিক ইউনিটৰ আহ্বায়ক অজয় আচাৰ্যই। তেওঁ ভাষণ প্ৰসংগত কয় যে, প্ৰথমতে স্মাৰ্ট পোষ্টপেইড মিটাৰৰ কথা কৈ স্থাপন কৰাৰ কেইদিনমান পিছতেই মোবাইলৰ যোগেদি গ্ৰাহক সকললৈ প্ৰিপেইড মিটাৰলৈ ৰূপান্তৰ কৰাৰ বাৰ্তা প্ৰেৰণ কৰি এ পি ডি চি এলে কাৰ্যত গ্ৰাহকলৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ভাবুকি দি প্ৰায় জোৰ কৰি প্ৰিপেইড মিটাৰ স্থাপন কৰি আছে । অথচ এই স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ আগত গ্ৰাহকসকলৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা কৰা নাই। তেওঁ উল্লেখ কৰে যে প্ৰিপেইড মিটাৰ স্থাপনৰ পাছত অস্বাভাৱিকভাৱে বিদ্যুতৰ বিল বেছি হৈ আছে বুলি বিদ্যুৎ গ্ৰাহকৰ পৰা অভিযোগ পোৱা গৈছে। গতিকে বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰী কৰণৰ পদক্ষেপ এই স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন বন্ধ কৰাৰ বাবে দাবী জনায় আৰু ইতিমধ্যে স্থাপন কৰা প্ৰিপেইড মিটাৰ উঠাই লোৱাৰ বাবেও দাবী জনায়।শেষত এ পি ডি চি এল কৰ্ত্তৃপক্ষৰ যোগেদি আহ্বায়কদ্বয় অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্য স্বাক্ষৰিত এখন স্মাৰক অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হয়। কৰ্ত্তৃপক্ষই উক্ত স্মাৰক পত্ৰ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগলৈ পঠাই দিব বুলি এছ’চিয়েছনক অৱগত কৰে।