স্বেচ্ছাসেৱী যুৱ-সংস্থা টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেচনে যৌথভাৱে আয়োজন কৰিছে গ্ৰীষ্মকালীন শিবিৰ গোলাঘাটৰ কুশল কোঁৱৰ বাল্য ভৱনত

স্বেচ্ছাসেৱী যুৱ-সংস্থা টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেচনে যৌথভাৱে আয়োজন কৰিছে গ্ৰীষ্মকালীন শিবিৰ গোলাঘাটৰ কুশল কোঁৱৰ বাল্য ভৱনত

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- দুই উদীয়মান স্বেচ্ছাসেৱী যুৱ-সংস্থা টিম জীৱন আৰু কেয়াৰ গ্ৰীণ ফাউণ্ডেচনে যৌথভাৱে আয়োজন কৰা বহু প্ৰত্যাশিত গ্ৰীষ্মকালীন শিবিৰৰ আৰম্ভণি হয় বাৰ তাৰিখ বুধবাৰে গোলাঘাটৰ কুশল কোঁৱৰ বাল্য ভৱনত এক সজীৱ মুকলি অনুষ্ঠানৰ সৈতে। এবছৰীয়া এই পৰিবেশ প্ৰকৃতি আৰু যুৱচামৰ সৈতে জড়িত কেয়াৰ গ্ৰীণ ফাউণ্ডেচন আৰু যুৱ প্ৰজন্মৰ ব্যৱহাৰিক শিক্ষা কেন্দ্ৰিক টিম জীৱনৰ ইতিহাসত এই আয়োজনেই আজিলৈকে সৰ্ববৃহৎ বুলি জানিবলৈ দিয়ে । প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ তিনি শতাধিক যুৱ অংশগ্ৰহণকাৰী, আৰু সন্মানীয় অতিথিসকলৰ এক উৎসাহী সমাৱেশত উপস্থিত থাকে জিলাখনৰ উপায়ুক্ত, লেখিকা তথা সাংস্কৃতিক কৰ্মী পাপৰি শইকীয়া, কুশল কোঁৱৰ বাল্য ভৱনৰ প্ৰধান শিক্ষয়িত্ৰী বিজয়া বৰা। অনুষ্ঠানটো মুকলি কৰি গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে এই অনুষ্ঠানটোৰ উদ্যোগক্তা সকলৰ শলাগ লোৱাৰ লগতে অংশগ্ৰহণকাৰী সকলৰ পৰা সংগ্ৰহ কৰা মাননি বানপীড়িত লোকলৈ আগবঢ়োৱাৰ চিন্তাক প্ৰশংসাৰে উপচাই পেলায় l এই কৰ্মশালাত বহু বিষয় বিশেষজ্ঞৰ তত্বাৱধানত শিক্ষাৰ্থী সকলক সৰ্বমুঠ দহটা বিষয় যেনে- নৃত্য, চিত্ৰকলা, পাব্লিক স্পীকিং,মডেলিং আৰু ব্যক্তিত্ত বিকাশ, নাটক, আৱৰ্জনা ব্যৱস্থাপনা, ফটোগ্ৰাফী, গ্ৰামাৰ আৰু স্প’কেন ইংলিছ,আত্মৰক্ষা, নেট বল আদি বিষয়ত প্ৰশিক্ষণ দিয়া দেখিবলৈ পোৱা গৈছে । কৰ্মশালা খনিত এতিয়ালৈকে প্ৰতিদিনেই একাধিক অতিথি প্ৰশিক্ষক সমল ব্যক্তি হিচাবে আহি তেখেতলোকৰ মূল্যৱান সময় প্ৰদান কৰিছেহি l অহা ২৪ জুলাই তাৰিখে গোলাঘাট এমেছাৰ থিয়েটাৰ ছছাইটিৰ মঞ্চত তেৰ দিনীয়া এই গ্ৰীষ্মকালীন শিবিৰৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব। উদ্যোক্তা সকলৰ মতে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক, প্ৰশিক্ষক, আৰু স্বেচ্ছাসেৱককে ধৰি প্ৰায় ৬০০ জন লোকৰ সমাবেশত ছাত্ৰ-ছাত্ৰীসকলৰ কৃতিত্বক উদযাপন কৰাৰ লগতে জড়িতসকলৰ প্ৰচেষ্টাক স্বীকৃতি দিবলৈ যথেষ্ট সময় প্ৰদান কৰা হ’ব । কেয়াৰ গ্ৰীণ ফাউণ্ডেচনৰ সভাপতি ঋষভ ৰঞ্জন মজুমদাৰ, কোষাধ্যক্ষ ৰিপুকন হাতীবৰুৱা আৰু টিম জীৱনৰ সভাপতি সাগৰিকা গোস্বামী তথা সম্পাদক নিলাভ নয়ন সন্দিকৈৰ সৈতে কৰা বাৰ্তালাপত তেওঁলোকে জানিবলৈ দিয়ে যে গোলাঘাটবাসীৰ এই বিপুল সহযোগত তেওঁলোক অভিভূত হৈছে আৰু ভৱিষ্যতে এনে ধৰণৰ আয়োজন কৰিবলৈও উৎসাহিত হৈছে ।