স্বার্থপৰতা
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
নিজৰটো সকলোৱে বুজে
ভূমিষ্ঠ হোৱা নৱজাত শিশু এটাও
মাতৃৰ দুগ্ধস্তনৰ পৰশ বুজে,
আমি জন্মৰ পৰাই যেন কিছু
স্বার্থতাত লীন যাও।
কিন্তু যেতিয়া ঘূৰনীয়া পৃথিৱীখনত
চকু মেলি চাৰিও ফালে চাও,
স্বাৰ্থপৰতাৰ লেতেৰা অভিসন্ধিৰ
গোন্ধই চৌপাশ আমোলমোলাই,
আৰু যেতিয়াই স্বার্থত আঘাত লাগে
তেতিয়াই ফুটি উঠে ভদ্রতাৰ
আঁৰত থকা কুৎসিত মুখাবোৰ।
নিজৰ বিপদত সহস্র কাৰোক্তিৰে
কার্য সিদ্ধি কৰাৰ পিছত, তুমি কোন ?
অকৃতজ্ঞতাই ছানি ধৰে, সেই সকলৰ
সংকুচিত পৃথিৱীখনত ।
সুযোগ বুজি তীৰ মাৰিব পৰাটো
কম চোকা বুদ্ধিৰ কাম নহয়
নতুবা দুর্বলতাক অস্ত্ৰ কৰি
বাকাঘাত কৰা লোকবোৰ,
সদায় অপ্ৰিয় , সেয়া লাগে
আপোন মানুহেই নহওক কিয়!
প্রকৃত স্বৰূপটো জনাৰ পিছত
ঘৃণা ওপজে সেইবোৰ চেহেৰাৰ প্রতি
সহ্য নহয় তথাপিও, নিস্তব্ধতাক
আপোন কৰি লও, খুব বেছি
দুখ লাগিলে প্রয়োজনাৰ্থে
পাহাৰৰ বুকুত নতুবা মৌনতাৰ পাদদেশত
বহি শুনাও মোৰ বিষাদৰ একুকি গল্প।
কিন্তু, ক্ষন্তেক পিছত ঘূৰি আহি
সেইবোৰ চেহেৰাৰ লগত অবাধ্য হৈ
কটাব লাগে গোটেই দিন,
স্বাৰ্থতাৰ জয়গান গোৱা সকলৰ লগত।
সত্যতাত ঘুণে ধৰা দিনটোৰ পৰাই
সমাজখন বোজাস্বৰূপ হৈ গ’ল
আৰু জীৱনটো উত্তাল তৰংগত
ভাহি থকা অভিশাপ।
তথাপিও আছো নাটকীয় ৰঙ্গমঞ্চত
ভালে থকাৰ অজুহাত দেখুৱাই
অভিনয়ক প্রিয় শাৰীত স্থান দি..!