স্বাধীনতা- হিমাদ্ৰী বৰঠাকুৰ ডেকা 

স্বাধীনতা

বৃটিছৰ দুশবছৰীয়া দমনৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে ৷স্বাধীনতা এই সুন্দৰ ভাললগা শব্দটো মনেপ্ৰাণে প্ৰতিজন ভাৰতীয়ই অন্তৰৰে ভাল পায় ৷কিনতু আচলতে আমি স্বাধীন দেশৰ নাগৰিক হয়নে ৷স্বাধীনতাদিৱস ,গণৰাজ্য দিৱস আহিলেই ৰাষ্টাই ঘাটে তালাচিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হবই লাগিব ৷স্নিফাৰদগৰ ওচৰ চাপিবই লাগিব ৷কিয় কিয় আমি মুক্তমনে ওলাব নোৱাৰো ৷ডাঙৰডাঙৰ সভাত স্বাধীনতাৰ কথা কলেই বা চচিয়েলমিডিয়াত পতাকাখন আৰি লৈ স্বাধীনতাৰ কথা কোৱাতো সহজ আৰু তাৰ মানে এইটো নুবুজাই যে আমি স্বাধীন ৷মাজেমাজে চক খাই উঠো পৰাধীন আৰু স্বাধীন ,এই শব্দদুটাৰ অৰ্থ কি? গতিকে আমাৰ চৰকাৰে প্ৰকৃত স্বাধীনতাৰ সোৱাদ লব পৰাকৈ এটা মুকলি পৰিবেশৰ সৃষ্টি কৰিলে আমাৰ সুবিধা হ’ব ৷আৰম্ভণিতে কোনো বাধা নাছিল সেইটো সচা কথা ৷লাহেলাহে কিছুবছৰৰ পৰা আমাৰ হাতভৰি বান্ধি পেলাইছে ৷ভয় ভয় কৈ আহযাহ কৰিব লগা অৱস্থা ৷আলিবাটলৈ অকলে যাব নোৱাৰা অৱস্হা ৷আমি প্ৰকৃত স্বাধীনতা বিছাৰো ৷সমাপ্তিত এইটো মোৰ দৃঢ়বিশ্বাস যে এই স্বাধীনতাদিৱস আমি দলেবলে উদযাপন কৰিম আৰু ভৱিষ্যতেও যাতে কোনো বাধাবিঘিণি নোহোৱাকৈ মুক্তমনে আমি সকলোৱে স্বাধীন বুলি স্বাধীনতাৰ গীত গাই আমাৰ দেশক ভাল পাব পাৰো ৷চৰকাৰ তথা প্ৰসাশনৰ ওচৰত এইয়া মোৰ কাতৰ আহ্বান ৷

হিমাদ্ৰী বৰঠাকুৰ ডেকা 

মঙলদৈ