স্বাধীনতা মনৰ স্বাধীনতা দেশৰ
মুকলিত ব- হ -ল কৈ হাত দুটা মেলি দিয়া, বুকুখন ভৰাই তোলা যি অনুভৱ মোৰ বাবে সেয়ে স্বাধীনতা। বাৰীৰ ফুলনিৰ মাজত দীঘলকৈ এটা উশাহ লোঁৱা,এটা নিৰ্মল আপোন আপোন গোন্ধ পাবা । নামবিহীন এই গোন্ধৰ স্বকীয়তা য়ে স্বাধীনতা। মনতে এটা প্ৰেমৰ কবিতা লিখাচোন,
ভাব পৰিধিৰ যি অনন্তব্যাপ্তি তাৰ নামো স্বাধীনতা। বান্ধোন মুক্ত পশুৱে আপোনমনে মুৰ জোকৰা চাই মনৰ যি আনন্দ অনুভুতি, সেয়ে স্বাধীনতাৰ অনুভৱ। এই অনুভুতিবোৰ সক্ৰিয় কৰিবলৈ মনৰ যি তাড়না, সিয়ে স্বাধীনতাৰ পিপাশা। সংঘবদ্ধ ৰূপেই স্বাধীনতাআন্দোলন, এক জনকল্লোল।
মনৰ তাড়নাৰ সাৰ্থক উপলব্ধিত অংকুৰিত হ’ল স্বাধীনতাৰ বীজ। এই বীজ সশব্দে পূৰ্ণ বৃক্ষ হ’ল, দিন বাচি ল’লে ১৯৪৭চনৰ ১৫ আগষ্ট।
পোন্ধৰ আগষ্ট মানে পৰাধীনতাৰ শৃংখল চিঙি স্বাভিমান সিঁচাৰ দিন, সফলতাক বিশালতালৈ প্ৰসাৰিত কৰাৰ দিন ।
জয়ন্ত শৰ্মা