স্বাধীনতাৰ ৭৫ বছৰ আৰু অসম- জয়ন্ত কলিতা

Pc onlyTech

স্বাধীনতাৰ ৭৫ বছৰ আৰু অসম

১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়।অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্রধানমন্ত্ৰী ক্লীমেণ্ট এটলী (Clement Attlee) এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।সেই সময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেন (Louis Mountbatten) এ কংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধিতা হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে।তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে।১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে।ভাৰতীয় স্বাধীনতা আইন (Indian Independence Act 1947) অনুসৰি অৱশেষত ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰে।ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে।কিন্তু স্বাধীনতা লাভৰ পূৰ্বে
ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ দিনটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে ঘোষিত হৈছিল। কংগ্ৰেছে জনগণক আইন অমান্য আন্দোলনৰ পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষই পুৰ্ণাংগ স্বাধীনতা নোপোৱা পৰ্যন্ত “সময়ে সময়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰিত নিয়মাৱলী” পালন কৰিবলৈ আহ্বান জনাইছিল।এই ধৰণৰ স্বাধীনতা দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য আছিল- জনগণৰ জাতীয়তাবাদী উদ্দীপনাক জীপাল কৰি তোলা আৰু ইয়াৰ জৰিয়তে অধিবেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা বা ভাৰতৰ স্বাধীনতাৰ ঘোষণা কৰা হৈছিল আৰু ২৬ জানুৱাৰী ১৯৩০ চনৰ পৰা ১৯৪৬ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল। এই উদযাপনৰ অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলে “স্বাধীনতাৰ অংগীকাৰ” গ্ৰহণ কৰিছিল।জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত এই অনুষ্ঠানসমূহ শান্তিপূর্ণ, গাম্ভীৰ্যপূৰ্ণ আৰু “কোনো ভাষণ বা বক্তৃতাবিহীন” আছিল বুলি বৰ্ণনা কৰিছে। গান্ধীৰ চিন্তাধাৰা অনুসৰি সভা সমিতিৰ উপৰিও এই দিনটো “কিছুমান গঠনমূলক কাম, যেনে সূতা কটা, অথবা অস্পৃশ্য সকলৰ সেৱা কৰা, অথবা হিন্দু আৰু মুছলমান সন্মিলন আয়োজন, অথবা বাধা আৰোপ বা এই সকলোবোৰ…” কাৰ্যসূচীৰ মাজেৰে পালন কৰা হওক। ১৯৪৭ চনৰ প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটোক গণতন্ত্ৰ দিৱস আৰু ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপিত হৈ আহিছে।১৯৪৭ চনৰ পৰা বৰ্তমানলৈকে চাওতে চাওতে ভাৰত বৰ্ষই স্বাধীনতাৰ কেইবাটাও বছৰ অতিক্রম কৰিলে। ২০২১ চনত ভাৰত বৰ্ষই স্বাধীনতাৰ ৭৫ টা বছৰত ভাৰি দিলে।এই মুহুৰ্তটোক স্মৰণীয় কৰি তুলিবলৈ তথা স্বাধীনতা আন্দোলনৰ প্ৰকৃত অৰ্থটোক আজিৰ প্ৰজন্মৰ লগতে সমাজত উপস্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মমোডী ডাঙৰীয়াই আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক নামেৰে এক অনুষ্ঠান সমগ্র দেশতেই ইতিমধ্যে আৰম্ভ কৰিছে।নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৈছে -“দেশখনৰ স্বাধীনতাৰ অমৃত মহোৎসৱ হৈছে কোটি কোটি ভাৰতীয়ৰ এটি পৰ্ব, যি হৈছে সমগ্ৰ ভাৰতৰে ঐতিহ্য, তদুপৰি এয়া হৈছে স্বাধীনতা সংগ্ৰাম আৰু স্বাধীন ভাৰতৰ গৌৰৱময় প্ৰগতিৰ প্ৰতিফলন। এই উৎসৱে বিশ্বখনক আমাৰ ৭৫ বছৰৰ সফলতাসমূহ প্ৰদৰ্শন কৰিছে আৰু এয়া হৈছে অহা ২৫ বছৰৰ অৰ্থে উন্নয়নৰ ৰূপৰেখা অংকন আৰু সংকল্প গ্ৰহণৰ বাবে অনুপ্ৰেৰণা লাভৰ এটি উপলক্ষ্য “।

স্বাধীনতাৰ ৭৫ বছৰ ভাৰতৰ সামাজিক,সংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মুহুর্তৰো এক প্ৰতিক।ভাৰত চৰকাৰে ১৫ আগষ্ট, ২০২২ত ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ মহোৎসৱ ,ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৰূপত পালন কৰাৰ সিদ্ধান্ত লৈছে। এই মহোৎসৱৰ মাননীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত ইতিপূৰ্বে এখন ৰাষ্ট্ৰীয় কাৰ্যান্বয়ন সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ উদযাপনৰ সময়ত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ দ্বাৰা কৰা কাৰ্যক্ৰমৰ বিষয়ে সিবিলাকৰ পথ প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে সচিবসকলৰ এখন অন্য সমিতিও গঠন কৰা হৈছে।
চৰকাৰে এতিয়া মাননীয় প্রধানমন্ত্ৰীৰ নেতৃত্বত ২৫৯জন সদস্যৰ এখন ৰাষ্ট্ৰীয় সমিতি গঠন কৰিছে।এই ৰাষ্ট্ৰীয় সমিতিত সমাজৰ সকলো ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তি আৰু নাগৰিক অন্তৰ্ভুক্ত আছে। এই সমিতিয়ে ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে আয়োজিত হ’বলগীয়া মহোৎসৱৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত কাৰ্যক্ৰম সম্পৰ্কীয় নীতিগত নিৰ্দেশনা আৰু পথ প্ৰদৰ্শন কৰিব।এই সমাৰোহৰ শুভাৰম্ভ ১৫ আগষ্ট, ২০২২ৰ পৰা ৭৫ সপ্তাহ আগতে অর্থাৎ ১২ মার্চ, ২০২১ত প্ৰস্তাৱিত। সেইদিনা মহাত্মা গান্ধীৰ নেতৃত্বত কৰা ঐতিহাসিক নিমখ সত্যাগ্ৰহৰ ৯১তম বৰ্ষপূর্তিও। ১২ মার্চ, ২০২১ত আৰম্ভ হোৱা এই স্মৰণ উৎসৱৰ অন্তৰ্গত আৰম্ভণিৰ কামকাজৰ সৈতে জড়িত কার্যক্রমত উচ্চ স্তৰীয় সমিতিৰ মাননীয় সদস্যসকলৰ সৈতে দিহা-পৰামৰ্শ কৰাৰ উদ্দেশ্যে এই সমিতিৰ প্ৰথম বৈঠক ৮ মার্চত, ২০২১ত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সুদীৰ্ঘ ৭৫ বছৰত ভাৰতে নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত উন্নতিৰ ন ন মাত্রা গঢ়িবলৈ সক্ষম হৈছে৷ বিকশিত ভাৰতবৰ্ষত অসমেও নিজৰ নৱ-উন্মেষৰ সূচনা কৰিছে৷ এখন আত্মবিশ্বাসী অসমৰ স্বপ্ন লাহে লাহে বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে৷ ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমে লাভলীনা বৰগোহাঁইৰ জৰিয়তে প্ৰথমটো পদক জয়ৰ অভিলেখ অসমে গঢ়িলে।ইয়াৰ উপৰিও কমনৱেলথৰ ইতিহাসত প্ৰথম টো স্বৰ্ণ জয় এগৰাকী অসম সন্তানৰ।লনবলৰ দলীয় শাখাত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে জয় কৰি স্বৰ্ণ জয় কৰিলে অসমৰ কন্যা নয়নমণি শইকীয়াই।এখন অপৰাধমুক্ত আৰু সমস্যামুক্ত অসম গঢ়ি অসমৰ বিকাশক এটা নতুন আয়তন প্ৰদান কৰিবলৈ ৰাজ্যৰ চৰকাৰখনে অসমৰ ৰাইজক সাহস আৰু প্ৰেৰণাও যোগাইছে৷ এয়া আগন্তুক সময়ৰ বাবে অতিশয় শুভ সংকেত। এখন আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ।৭৫ সংখ্যক স্বাধীনতা দিৱস অসমৰ বাবে কেইবাটাও কাৰণত হ’ব ব্যতিক্রম আছিল।প্ৰতিবছৰে অসমৰ ৰাইজে স্বাধীনতা দিৱসত সন্মুখীন হৈ আহিছিল বাধাৰ।বিশেষকৈ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাই জন্মলগ্নৰে পৰা স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান কৰি আহিছিল।সংগঠনটোৱে এই স্বাধীনতা দিৱসত বিভিন্ন কুটাঘাটমূলক কাৰ্য সংঘটিত কৰি আহিছিল।কিন্তু ৭৫ সংখ্যাক স্বাধীনতা দিৱসত অসমৰ জনতাক আলফাই তেনে কোনো আহ্বান জনোৱা নাছিল।কেৱল সংগঠনটোৱে কোভিডৰ মাজতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে চলোৱা প্ৰস্তুতিৰ সমালোচনাহে কৰিছিল।

স্বাধীনতাৰ এই ৭৫ বছৰত ভাৰত বৰ্ষৰ লগতে অসমেও এক নতুন দিগন্তৰ পিনে ধাৱমান হৈছে।ঠিক ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰেই –
” ভাৰতৰ আকাশত হাঁহে
স্বাধীনতাৰ ঊষাৰ প্ৰতিক
ভাৰতৰ বুকুত নতুন উছাহ
নতুন প্ৰতিজ্ঞা লৈ,”

শেষত স্বাধীনতাৰ এই ৭৫ বছৰীয়া ঐতিহাসিক মুহুর্তত দেশৰ প্ৰতি জন নাগৰিকলৈ শুভেচ্ছা জনালোঁ।

 জয়ন্ত কলিতা
ৰঙিয়া