স্বাগতম নৱবৰ্ষ 2025 – ৰুণীয়া খাতুন প্ৰীতি

স্বাগতম নৱবৰ্ষ 2025

ৰুণীয়া খাতুন প্ৰীতি

হে যুৱ
নৱ-নৱ সৃষ্টিৰ শলিতা জ্বলাই
এন্ধাৰ বিনাশী
উজ্বলাই তোলা তুমি
বিশাল পৃথিৱী
হে যুৱ
তুমিয়েতো সৃষ্টিৰ পথাৰৰ
সেই জীৱন্ত কঠিয়া
শক্তিৰ উৎস শান্তিৰ নিচান
নৱ-প্ৰভাতৰ তুমি
ৰক্তিম আভা
হে যুৱ
যুগে যুগে
দেশে দেশে
তুমিয়ে বিশ্ববিজয়ী
ন-জোৱান
তুমি গোৱা মুক্তিৰ গান
শোষিত,বঞ্ছিত,লাঞ্ছিত
নিৰ্যাতিত,দুখিয়া,নিচলাৰ
মুক্তিৰ গান
হে যুৱ
তোমাৰ সন্মূখত দুটি বাট
এটি মশৃন এটি ধূসৰ
এটি ষ্কণ্টক এটি নিষ্কণ্টক
আগুৱাই যোৱা সন্মুখলৈ
মসৃন আৰু নিষ্কণ্টক বাটেৰে
নিদিবা খোজ কাহানিও
ধূসৰ আৰু ষ্কণ্টক বাটত
কাইটে বিন্ধিলে
ঘূনীয়া হ’বা চিৰদিনলৈ
হে যুৱ
সত্যক সাৰথি কৰি
সুন্দৰৰ সোনালী বাটেৰে
আগুৱাই যোৱা
এটি নতুন পোহৰৰ দেশলৈ
য’ত নাথাকিব
হত্যা-লুণ্ঠণ আৰু ধৰ্ষণ
হিংসা বিদ্বেষ আৰু
উচ্চ-নীচৰ বাধাৰ প্ৰাচীৰ আৰু
সাম্প্ৰদায়িকতাৰ বিকট কিৰিলি
তাৰে কামনাৰে
স্বাগতম নৱবৰ্ষ
    2025