স্বাগতম নৱবৰ্ষ – বন্দিতা শৰ্মা কন্দলি

স্বাগতম নৱবৰ্ষ

বন্দিতা শৰ্মা কন্দলি, বিজ্ঞান শিক্ষয়িত্ৰী
চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয় তিতাবৰ

সময় গতিশীল! অনন্ত গতিৰে অবিৰাম ভাৱে কালৈকো ৰʼবলৈ প্ৰয়োজন বোধ নকৰা সময়ক পল- অণুপলকৈ দিন, সপ্তাহ, মাহবোৰ সামৰি বছৰ হিচাপে গণ্য কৰি বাৰ্ষিক কেলেণ্ডাৰ খন প্ৰস্তুত কৰা হৈছে। সময়ৰ গতিত কেলেণ্ডাৰৰ অন্তিম দিনা পুৰণি বছৰটোৱে মেলানি মাগে।কালৰ বুকুত হেৰাই যায় ৩৬৫ দিন বা ১২টা মাহ বা এটা বছৰ। পাখি লগা কাঁড়ৰ দৰেই সময়ে অতীত, বৰ্তমান নেওচি গতি কৰে ভৱিষ্যতৰ দিশে ! এই চিৰ প্ৰবাহমান স্ৰোতত বিলীন হৈ পৰে হাঁহি – কান্দোন,সুখ -দুখ , প্ৰাপ্তি -অপ্ৰাপ্তি, চিন্তা – দুঃচিন্তা আদিবোৰ।অতীত হোৱা বছৰটোৰ সকলোবোৰ অৱসাদ আঁতৰাই নতুন আশাক নৱ প্ৰভাতৰ উদিত সূৰুযৰ আলোকেৰে পোহৰাই তুলিবলৈ বিচাৰোঁ নতুন বছৰটোক। যদিও আমাৰ সংস্কৃতিয়ে বʼহাগ মাহ টোকহে নৱবৰ্ষ হিচাপে লয় , কিন্তু গতিশীল সময়ে সকলো সলনি কৰি আধুনিক জীৱন শৈলীত ইংৰাজী মাহৰ এক জানুৱাৰীটোকে সকলোৱে নৱবৰ্ষ হিচাপে গণ্য কৰা হৈছে। সেয়ে এক জানুৱাৰীত নতুন সপোন, নতুন আশা, নতুন প্ৰতিশ্ৰুতিৰে স্বাগতম জনাইছোঁ নৱবৰ্ষক।সময় আমাৰ সাহ ।সময়ে আমাক দিয়ে শিক্ষা।সময় আমাৰ গুৰু।সময়ৰ অভিজ্ঞতাৰ পলসুৱা প্ৰজ্ঞাই প্ৰোজ্জ্বল কৰি তোলে একোটা জীৱন। চিৰ প্ৰবাহমান সময় অতি মূল্যৱান। সময়ে মূল্য সেই জনক হে দিয়ে,যিজনে সময়ৰ মূল্য বুজি পায়। অবাবত খৰচ কৰা সময় নিদিষ্ট সময়ত বৰ নিষ্ঠুৰ হৈ ধৰা দিয়ে।তেতিয়াই সময়ে ইংগিত দিয়ে অন্ধকাৰ ভৱিষ্যতৰ ।ফলস্বৰূপে আমাৰ জীৱন হৈ পৰে দোদুল্যমান । কেৱল কৰ্মই হে সময় নিৰূপণ কৰে । সেয়ে আমাৰ বাবে প্ৰতিটো পুৱাৰ, প্ৰতিটো দিনেই হওঁক নতুন।শীতৰ কুঁৱলী ফালি ভাহি অহা প্ৰভাতী পক্ষীৰ সুমধুৰ সুললিত কণ্ঠই প্ৰতি গৰাকী নাৰীকে কৰি তোলে প্ৰাণৱন্ত। নতুনৰ দিশে আগুৱাই যোৱা আমি নতুন নাৰী। আমাৰ আশা আকাংক্ষা হওঁক সুদূৰপ্ৰসাৰী ,আকাশলঙ্ঘী, কিন্তু আমি পাহৰি যাব নালাগিব আমাৰ শিপাডাল । আমাৰ শিপা হৈছে আমাৰ সংস্কৃতি , আমাৰ আচাৰ -আচৰণ, আমাৰ খাদ্যাভ্যাস আদি।সময়ৰ বালিত খোজ মিলাই যাবলৈ আমি সসন্মানে আগবাঢ়ি যাব লাগিব। সস্তীয়া প্ৰলোভনত ভোল গৈ নৈতিকতাক বিসৰ্জন দি লাভ কৰা স্বীকৃতি ক্ষন্তেকীয়া মনোৰঞ্জনহে ।ই ব্যক্তিক প্ৰকৃত সুখ বা মানসিক উত্তৰণ প্ৰদান কৰিব নোৱাৰে। ইয়াৰ বাবে আমি নিজকে জ্ঞানৰ জেউতিৰে আলোকিত কৰি পৰিয়ালটিক আদৰ্শ ৰূপে গঢ় দিব লাগিব। আমাৰ পৰিয়ালৰ ডাইনিং টেবুল খন যাতে নেতিবাচক চিন্তা ধাৰা,পৰচৰ্চা,পৰনিন্দা আদিৰ কেন্দ্ৰ স্থল নহয় তাৰ পৰা পৰিয়ালটিক বচাই ৰখাৰ দায়িত্বও নাৰী গৰাকীৰ ওপৰতেই থাকে। নাৰী গৰাকী এখন ঘৰৰ লখিমী! গতিকে প্ৰতি গৰাকী নাৰীয়েই সময় আৰু দায়িত্বৰ প্ৰতি সজাগ হৈ আত্মিক শক্তিৰে সমাজ আৰু দেশৰ উন্নতিৰ হকে কাম কৰি যাবলৈ মানসিকভাবে প্ৰস্তুত হ’ব লাগিব। নৱবৰ্ষই প্ৰতি গৰাকী নাৰীক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম কৰি তোলক। নৱবৰ্ষই সকলোৰে বাবে কঢ়িয়াই আনক সুখ- সমৃদ্ধিৰ শুভংকৰ ফল। প্ৰতি জন ব্যক্তিৰ মন ভৰি পৰক দয়া,ক্ষমা,ভাতৃত্ব বোধ আদি মানৱীয় প্ৰমূল্যৰে। হেৰাই যাব খোজা আন্তৰিকতা বোধক জীপাল কৰি সম্প্ৰীতিৰ বাৰ্তাবাহক হওক এই ২০২৩ তম নৱবৰ্ষটি । সকলো লৈকে থাকিল নৱবৰ্ষৰ আন্তৰিক শুভ কামনা।