স্বাক্ষৰতা বহনকাৰী লোকগীতসমূহ
অসমীয়া চহা কবিৰ ছন্দোবদ্ধগীত হিচাপে প্ৰাণ পাই উঠা লোকগীত সমূহ বৈচিত্ৰ্যপূৰ্ণ।লোকসমাজৰ জীৱন চেতনা আৰু আশা আকাঙ্খাৰ মাজতে ৰচিত হোৱা গীতবোৰ চহা কবিৰ এক অৰ্পূব সৃষ্টি।যুগে যুগে চলি অহা চহা কবিৰ মুক্ত পৰিস্ফুৰণ এই গীতবোৰে এটি এটি যুগৰ স্বাক্ষৰ দাঙি ধৰে।ৰসশাস্ত্ৰৰ জ্ঞানেৰে ভৰপূৰ হৈ থকা মুখে মুখে চলি অহা এই গীতবোৰে মনৰ সাঁচিপাতত ধৰি ৰাখে বিভিন্ন সময়ৰ পৰিৱৰ্তনকাৰী সামাজিক ঘটনাৱলীৰ জীৱন্ত ইতিহাস। অসমীয়া চহা জীৱনৰ প্রাণৱন্ত সৃষ্টি বিহুগীতসমূহো ইয়াৰ ব্যতিক্রম নহয়। বিহু আমাৰ তিনিটা হ’লেও প্ৰতিটো বিহুৰ লগত জড়িত হৈ আছে একোটা কৃষিভিত্তিক সম্পৰ্ক।ঠিক তেনেকৈ আমাৰ আলোচ্য বিষয় ৰঙালী বিহু – কাৰণ এই বিহুতেই বাদ্যযন্ত্ৰৰে ৰঙ ৰহইচ কৰি নাচনী জনীয়েও গীতৰ তালে তালে এপাক কঁকালটো ভঙা দেখা যায়।বিহু কৃষিভিত্তিক।কৃষিক বাদ দি সভ্যতা জীয়াই ৰখাতো ব্যৰ্থ।কিন্তু এই কৃষিভিত্তিক সভ্যতাই তাহানিৰ যুগতে শ্ৰেণী বৈষম্য সৃষ্টি কৰাত ইন্ধন যোগাইছিল।ইয়াৰ স্বাক্ষৰ পাব পাৰি চহা কবিৰ বিহু গীতত
দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলমলাই।”
দেউতা অৰ্থাৎ ইয়াত দেউতা শব্দটোৱে মহাজন শ্ৰেণীক বুজাইছে।সেইসময়ত সমাজৰ ডাঙৰীয়া শ্ৰেণীৰ চল চক্ৰান্তৰ কোনো আওঁভাও নোপোৱা শ্ৰমজীৱী লোকসকলকক কেৱল সম্পদ আহৰণৰ আহিলা হিচাপে ব্যৱহাৰ হোৱা বস্তু বুলি ভাবি সৃষ্টি কৰিছিল এখন উচ্চ নীচৰ প্ৰাচীৰ থকা সমাজ। যাৰবাবে শ্ৰমিকে তেওঁলোকক দেউতা সম্বোধনেৰে তোষামোদ কৰিছিল।
আকৌ এই বিহুগীত বোৰৰ জৰিয়তেই আমি আমাৰ আহোমসকলৰ বিষয়েও জানিব পাৰো।আমাৰ বাপতিসাহোন বিহুৰ ক্ষেত্ৰত আহোমসকলৰ অৱদান যথেষ্ট।আকৌ আহোম স্বৰ্গদেউ সকলৰ হাৰত বন গজাৰ পিছতো তেওঁলোকে পিন্ধা কাপোৰৰ বৰ্ণনা এই বিহুগীততেই পোৱা যায়। লাহে লাহে ঐ
বিহু কোনে ঢালে আহে?
পূবে পশ্চিমে উত্তৰে দক্ষিণে
বিহু কোনে ঢালে আহে?
মান দেশত আছিলে মানতৰা এযুৰি
আছিলে নৰিয়াত পৰি,
যেতিয়া শুনিলে বিহুৰে বতৰা
আহিলে কাছুটি ধৰি।” ইয়াৰ পৰাই জানিব পাৰি যে বিহু মান দেশৰ পৰা আহোমসকলৰ লগতে আহিছিল বুলি। আকৌ আন কিছুমান বিহুগীতত পোৱা যায় আমাৰ মৰমৰ ঢোল টোৰ কথা।ঢোলতো যে আহোমসকলে আনিছিল তাৰো প্ৰমান আমাৰ লোকগীত সমূহত পোৱা যায়।সাহিত্যৰ ফালৰপৰা চাবলৈ গ’লে আহোম ভাষাৰ সাহিত্যৰ বাক্য যিদৰে চুটি চুটি। সেইদৰে আমাৰ পুৰণি বিহুগীত বোৰও চুটি চুটি।এইদৰে লোকগীত সমূহৰ পৰা কেৱল বিহু বুলিয়েই নহয় আমাৰ অতীতৰ বহুখিনি তথ্যৰ স্বাক্ষৰ বহন কৰি আহিছে।
স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪