স্বদেশ প্রেম – কবিতা শর্মা

স্বদেশ প্রেম

কবিতা শর্মা, দিল্লী

লৰাটোৱে প্ৰাণপনে দৌৰিছে। খালী শীৰ্ণ দুভৰি তাৰ ধুমুহাৰ গতিত চলিছে। আন কোনো ফালেই নাই তাৰ ভ্রূক্ষেপ। তাৰ ক’লা দেহাত ঘামবোৰ মুকুতা হৈ জিলিকিছিল। ওপৰলৈ চাই চাই সি মাথো দৌৰিছে। লক্ষ্য মাথো এটাই। বাটৰ কাষৰ প্ৰকাণ্ড জাবৰৰ দমটোৰ ওপৰত সূতা চিঙি ওপৰৰ পৰা পৰিব ধৰা চিলাখন থাপ মাৰি ধৰি সি ৰৈ গ’ল। মুখত বিজয়ৰ হাঁহি। উজ্জ্বল দুচকুত স্বদেশপ্ৰেমৰ তিৰবিৰনি। তাৰ ভঙা জুপুৰিটোৰ উৰুখা চালত সি গাঠি দিলে সেই চিলাখন। ওপৰলৈ মূৰ কৰি সগৌৰবে ফৰফৰাই উৰি থাকিল আমাৰ সকলোৰে প্ৰাণৰ জাতীয় পতাকা খন …..