স্বদেশ
দিহিঙে দিপাঙে, অৰঙে দৰঙে
বহু দেশ ফুৰিলো,
একে আকাশ একেই বতাহ
‘স্বদেশ’ ক’তো নেপালো ।
নৈ পৰীয়া লুংলুঙীয়া বাটেৰে গৈ
নলৰ গজালিত উজুতি খোৱাৰ সুখ,
বা বিৰিণা বনৰ গেজেপনিত সপোনক
এৰি অহাৰ দুখ,
জাৰনিৰ আৰালত কোনো গোপন পথে
বৈ অহা জলধাৰাত আত্মবিভোৰ
হোৱাৰ মাদকতা,
কিম্বা ভূমিক সাৱতি অনুভৱ কৰা
‘নিজে হেৰাই যোৱাৰ সাৰ্থকতা’;
মোৰ বাবে এয়েই স্বদেশ
যাৰ বাবে প্ৰাণ দিয়াৰ নেলাগে আদেশ।
বুকুৰ মাজত মই কঢ়িয়াঁও
ভোগজৰা চেনেহ সঁফুৰা
হৈ অনভৱি চ’তৰ মহুৰা
এয়ে মোৰ স্বদেশ বতৰা।
মোৰ স্বাভিমাণী স্বদেশত ভৰি থাকে মনোবল
শেষ চ’তৰ যেন ঢেঁকীৰ কঁটৰা,
বুকুত ওলমি থাকে লোমালোম আশাৰ বতৰা ;
ছাব্বিশ অপ্সৰাৰ লৌকিকা ৰূপৰ সমাবেশ
একত্রিত ত্রিভূবন, দলদোপ মোৰেই স্বদেশ।
বাৰীৰ ঢাপত ফুলে পলাশ, শিমলু
উদং সুঠাম ভৰি – ধুলিয়ৰী পদুলীত
উৰুৱাই ফাগুনৰ ধুলি
বসন্তক নচুৱাম বুলি ।
জয়ন্ত শৰ্মা