স্থানীয় ভাষাৰ প্ৰচাৰ কৰাটো সমাজ আৰু চৰকাৰৰ দায়িত্ব: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

pc NDTV.com

স্থানীয় ভাষাৰ প্ৰচাৰ কৰাটো সমাজ আৰু চৰকাৰৰ দায়িত্ব: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছিল যে স্থানীয় ভাষাৰ প্ৰচাৰ কৰাটো সমাজ আৰু চৰকাৰৰ দায়িত্ব।তামুলপুৰত বড়ো সাহিত্য সভাৰ (বিএছএছ) ৬১ সংখ্যক বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে যোৱা ৭০ বছৰত বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতি শক্তিশালী কৰাত ই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এতিয়ালৈকে ১৭ জন লেখকক বড়ো ভাষাত কৰা কামৰ বাবে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ইয়াৰ ভিতৰত ১০ জনক কবিতাৰ বাবে পুৰস্কৃত কৰা হৈছে আৰু ই বড়ো লেখকসকলৰ মাজত কবিতাৰ প্ৰতি স্বাভাৱিক প্ৰৱণতা প্ৰদৰ্শন কৰে। বহু মহিলা সাহিত্যিকে বড়ো সাহিত্যৰ বিভিন্ন ধাৰাৰ লিখা-মেলা কৰাটো জানিবলৈ পাই মই আনন্দিত হৈছোঁ। কিন্তু মৌলিক ৰচনাৰ কাৰণে সাহিত্য অকাডেমি লাভ কৰাসকলৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলাহে আছে। সেয়েহে মহিলা সাহিত্যিকসকলে ৰাষ্ট্ৰীয় পর্যায়ত অধিক মান্যতা লাভ কৰাটো মই বিচাৰোঁ। মহিলা সাহিত্যিকসকলক উৎসাহিত কৰিবলৈ বড়ো সাহিত্য সভাই বিশেষ উদ্যোগ গ্ৰহণ কৰক। তদুপৰি যিকোনো সাহিত্যক জীৱন্ত আৰু প্ৰাসংগিক কৰি ৰাখিবলৈ হ’লে যুৱ প্ৰজন্মৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে বড়ো সাহিত্য সভাই যুৱ সাহিত্যিকসকলক উৎসাহিত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰক।