সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো – বন্দিতা শৰ্মা কন্দলি

Pc Universe Today

সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো

বন্দিতা শৰ্মা কন্দলি,দেৰগাঁও

সৌৰজগত বুলিলে আমি সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘুৰি থকা নভোমণ্ডলীয় বস্তু অৰ্থাৎ তৰা,গ্ৰহ, চন্দ্ৰ , ধূমকেতু,গ্ৰহাণু ,উল্কা আৰু আকাশৰ আন ভালেমান বস্তুবোৰ একেলগে থকাকে বুজো। এই সকলোবোৰ লগ হৈ সৌৰজগত খন সৃষ্টি হৈছে। সূৰ্য আৰু নভোমণ্ডলীয় বস্তু সমুহৰ মাজত থকা মহাকৰ্ষণিক বলৰ প্ৰভাৱত নভোমণ্ডলীয় বস্তু সমুহে সূৰ্যৰ চাৰিওফালে ঘুৰি থাকে। আমি বাস কৰা পৃথিৱী খনেও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ।সূৰ্যক পৰিভ্ৰমণ কৰা আঠোটা গ্ৰহৰ ভিতৰত জীৱৰ অৱস্থিতি থকা একমাত্ৰ গ্ৰহটোৱেই হৈছে পৃথিৱী । আঠোটা গ্ৰহ হৈছে ক্ৰমে বুধ,শুক্ৰ, পৃথিৱী,মংগল, বৃহস্পতি,শনি,ইউৰেনাছ আৰু নেপচুন। সূৰ্যৰ আটাইকেইটা গ্ৰহৰ আকাৰ – আকৃতি একে সমান নহয়। সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। এই গ্ৰহ ইমানেই ডাঙৰ যে ইয়াৰ ভিতৰত প্ৰায় ১৩০০ খন পৃথিৱী সুমুৱাই থʼব পাৰি। পৃথিৱীতকৈ ৩১৮ গুণে অধিক ভৰৰ আৰু ১৩২০ গুণে অধিক আয়তনৰ যথেষ্ট উজ্জ্বল গ্ৰহটোৱেই হৈছে বৃহস্পতি। সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহৰ স্থান পঞ্চম।বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহ তুলনামূলকভাৱে সূৰ্যৰ ওচৰত অৱস্থিত বাবে ইহঁতক অন্তঃগ্ৰহ আৰু বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন বহু বেছি দূৰত অৱস্থিত বাবে ইহঁতক বহিঃগ্ৰহ বোলা হয়। এই চাৰিটা গ্ৰহৰ আন এটা নাম হৈছে জোডিয়ান গ্ৰহ ।জোডিয়ান শব্দটো জুপিটাৰ শব্দৰ বিশেষণ ৰূপ। বৃহস্পতি গ্ৰহক ইংৰাজীত জুপিটাৰ বুলি কোৱা হয়। জুপিটাৰ ৰোমান পুৰাণৰ প্ৰধান দেৱতা। ৰোমানসকলে গ্ৰহটোৰ নাম পৌৰাণিক আখ্যানমতে জুপিটাৰৰ নামত ৰাখিছিল।নৱেম্বৰ মাহৰ শেহৰ ফালে এই গ্ৰহটোৱে সূৰ্যৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান কৰাৰ বাবে বেলি মাৰ যোৱাৰ পৰত পূব আকাশত জোনৰ কাষত এটা উজ্বল তৰাৰ দৰে ইয়াক দেখা পোৱা গৈছিল। পৃথিৱীৰ আকাশত দেখা পোৱা তৃতীয়টো উজ্জ্বল জ্যোতিষ্ক হৈছে বৃহস্পতি।পৃথিৱীৰ মাত্ৰ এটাহে উপগ্ৰহ আছে। কিন্তু বৃহস্পতি গ্ৰহৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা উপগ্ৰহৰ সংখ্যা ৯৫ টা। ইয়াৰ চাৰিওফালে কিছুমান পাতল আঙঠিও আছে। এই গ্ৰহটো যথেষ্ট উজ্জ্বল বাবে সহজেই চিনি পাব পাৰি।

১৬১০ চনত গেলিলিৱে প্ৰথম বৃহস্পতি গ্ৰহৰ চাৰিটা উপগ্ৰহ আৱিষ্কাৰ কৰিছিল। উপগ্ৰহ কেইটাৰ নাম দিছিল ক্ৰমে ইউৰোপা,গেনিমেড,আয়ো আৰু কেলিষ্টো। ইউৰোপা উপগ্ৰহটোৰ আকাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ আকাৰৰ সৈতে সমান। সকলো উপগ্ৰহ একে সমান নহয়। ৭৯ টা উপগ্ৰহৰ ব্যাস ১০ কিলোমিটাৰত কৈয়ো কম। বৃহস্পতিয়ে নিজ কক্ষপথত এপাক ঘুৰিবলৈ ৯ ঘণ্টা ৫৫ মিনিট ৩৩ ছেকেণ্ড সময় লয়। গ্ৰহটো অতি উচ্চ গতিৰে ঘুৰি থাকে বাবে গ্ৰহটোৰ চাৰিওফালে এটা চুম্বকীয় ক্ষেত্ৰ সৃষ্টি হয় আৰু ইয়াৰ নিজা ৰেডিঅ’ শক্তি থাকে। সেই কাৰণে গ্ৰহটোৱে এটা তৰা আৰু এটা গ্ৰহ দুয়োটাৰে ওণ দেখুৱায়।