সৌন্দর্য – জোনামণি হাজৰিকা

pc irejn.org

সৌন্দর্য

জোনামণি হাজৰিকা

অপৰূপা প্রকৃতি এনে মোহনীয়া
চাওঁ মই প্ৰকৃতি ৰূপ বিনন্দীয়া।
বিনন্দীয়া প্ৰকৃতিক ঋতুৱে সজাই
সৌন্দৰ্যৰ ৰূপে মোৰ মন পৰশায়।
সেউজীয়া বননিত বিবিধ চৰায়ে
পঞ্চমত সুৰ ধৰি মধু গীত গায়,
শুনিলেই হিয়া-মন জুৰ পৰি যায়।
গছৰ ডালত, পাতৰ আঁৰত অলেখ চৰাই
গীত শুনাৰ হেঁপাহেৰে থাকো বাট চাই।
সেউজীয়া দূবৰিৰ পাতৰ আগত
পুৱাৰ নিয়ৰ পৰি মুকুতা জিলিকা
আঘোণৰ পথাৰত সোণগুটি ভৰা।
শৰতৰ শেৱালি তলভৰি সৰে,
বসন্ত কালত কুলি, কেতেকীয়ে মাতে।
‘প্ৰকৃতিৰ লীলাভূমি সৌন্দৰ্যৰ খনি’
আমাৰ আৱাসস্থল ধুনীয়া ধৰণী।