সোনোৱাল কছাৰী সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ অধিৱেশন সম্পন্নঃ ৩ খন গ্ৰন্থ উন্মোচন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সোনোৱাল কছাৰী সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ অধিৱেশন এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দেওবাৰে [১৯ জানুৱাৰী] ত টিংখাং অঞ্চলৰ ন-খাট উচ্চ মাধ্যমিক বিদ্যালয়ত সফলতাৰে সম্পন্ন হৈ যায়৷ পুৱাৰ ভাগত আদৰণী সমিতিৰ সভাপতি ভূৱনেশ্বৰ সোনোৱালে অধিৱেশন ক্ষেত্ৰ মুকলি কৰাৰ পিছত অধিৱেশনৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি দিব্য সোনোৱালে৷ স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে সম্পাদক আদিত্য কুমাৰ সোনোৱালে৷ আনহাতে সোনোৱাল জনজাতিৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ’ৰ নামত চাৰিমুখীয়া চাকি প্ৰজ্বলন কৰে বাইথ’গুৰু লাচিত সোনোৱালে৷ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে স্থানীয় সমাজকৰ্মী অনিল সোনোৱালে৷ প্ৰতিনিধি শিৱিৰ মুকলি কৰে জিলা সমিতিৰ প্ৰাক্তন সভাপতি, মুখ্য উপদেষ্টা ফুলেশ্বৰ শইকীয়াই৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বাৰখন শাখাৰ অৰ্ধ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় প্ৰতিনিধি আৰু বিষয়বাচনি সভা৷ সভাপতি দিব্য সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিগত দুবছৰীয়া কাৰ্যকালৰ খতিয়ান আৰু আয়-ব্যয়ৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক আদিত্য কুমাৰ সোনোৱালে৷ উক্ত সভাতেই সৰ্বসন্মতিক্ৰমে আগন্তুক দুবছৰৰ বাবে পুনৰ দিব্য সোনোৱালক সভাপতি আদিত্য কুমাৰ সোনোৱালক সম্পাদক হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়৷ দুপৰীয়া মাহেকীয়া ‘সোনোৱাল বাৰ্তা’ কাকতৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত গীত-মাত, কবিতা পাঠৰ এক ৰসাল অনুষ্ঠান ‘সোনোৱালৰ সোণোৱালী সাহিত্য অনুষ্ঠান’ উদ্বোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্পাদক তথা প্ৰকাশন সচিব দিগন্ত হাজৰিকাই৷ এই অনুষ্ঠানত বিভিন্নজনে তেওঁলোকৰ কথিত ভাষাত গীত-মাত, কবিতা পাঠৰ জৰিয়তে অনুষ্ঠানটি জীপাল কৰি তোলে৷ এই অনুষ্ঠানতে ন-খাট গাঁৱৰ সত্তৰোৰ্ধৰ ব্যক্তি উমা হাজৰিকাই ৬০ কিলোগ্ৰাম ওজনৰ দগা দাঁতেৰে কামুৰি দাঙি ধৰা আৰু ইটা চোবাই খাই অদ্ভুত কলা প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰি তোলে৷ গাঁওখনৰ এই অনুষ্ঠানতে নখাট অঞ্চলৰ লেছেৰী আৰু টেপৰগুৰিৰ লগবিহুও প্ৰদৰ্শন কৰা হয়৷ নৱনিৰ্বাচিত সভাপতি দিব্য সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, মুখ্য উপদেষ্টা তথা সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোনোৱালে৷ আদৰণি ভাষণ প্ৰদান কৰে সভাপতি ভূৱনেশ্বৰ সোনোৱালে৷ সম্পাদক আদিত্য কুমাৰ সোনোৱালে আঁতধৰা কৰা এই সভাতেই মুঠ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়৷ ইয়াৰে জিলা সমিতিৰ মুখপত্ৰ ‘লৌাহিত্য’ উন্মোচন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্পাদক, গল্পকাৰ প্ৰশান্ত শইকীয়াই৷ আদৰণী সমিতিৰ স্মৃতিগ্ৰন্থ ‘ৰেঙণি’ উন্মোচন কৰে ‘বকুল বন’ৰ বঁটা প্ৰাপক, শিল্পী পেঞ্চনাৰ মণিৰাম সোনোৱালে আৰু দিব্য সোণোৱালৰ গ্ৰন্থ ‘বিচিত্ৰ মন বিচিত্ৰ চিন্তা’ উন্মোচন কৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱালে৷ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সভাৰ সভাপতি মোহন সোনোৱালে সভাৰ লক্ষ্য-উদ্দেশ্য আৰু কাম-কাজ ইত্যাদি সামৰি বক্তব্য আগবঢ়ায়৷ সভাত আদৰণী সমিতিৰ সম্পাদক ভূৱন সোনোৱালে শলাগ জ্ঞাপন কৰা সভাত সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মহানন্দ সোনোৱাল, তোষেশ্বৰ সোণোৱাল, কুসুম সোনোৱাল শইকীয়া, সদস্য নেত্ৰ বড়া, ডম্বৰুধৰ সোণোৱাল, লনেন সোনোৱাল, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ লীলা শইকীয়া, সোনোৱাল স্বায়ত্তশাসিত পৰিষদৰ চহৰীকটা সমষ্টিৰ সদস্যা দুলেশ্বৰী সোনোৱাল, স্থানীয় অৱসৰী শিক্ষক, সমাজকৰ্মী নাৰায়ন সোনোৱাল, কামিনীকান্ত সোণোৱালৰ লগতে সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, নাৰী সন্থাৰ সভাপতি ৰশ্মিৰেখা সোনোৱাল, সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ মুখ্য সচিব ভক্তিপ্ৰসাদ সোনোৱালকে ধৰি স্থানীয় ন-খাট অঞ্চলৰ তিনি শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে৷