সোণাৰু ফুল – ছেলিমা বেগম

সোণাৰু ফুল 
ছেলিমা বেগম,নগাঁও
সোণাৰু ফুলৰ সৌন্দৰ্য্যত মন মোৰ মতলীয়া
হালধীয়া সৌন্দৰ্য্যত মন মোৰ উৰনীয়া
চৌপাশে কেৱল হালধীয়াই হালধীয়া
ন সাজেৰে সাজি উঠিছে আজি ধৰণী ৷
নৈসৰ্গিক পৰিবেশত , বোকাচাত উঠি
আহিছে সোণাৰু ফুলৰ সৌন্দৰ্য
কবিৰ কবিতাৰ মাজতো জিলিকি উঠিছে
সোণাৰু ফুলৰ হালধীয়া ৰং খিনি ৷
বসন্ত ঋতুত বতাহত বিয়পি আছে
সোণাৰু তোমাৰ সুভাষ কি যে মিঠা মিঠা ,
সোণাৰু ৰাগিয়ে  মতলীয়া কৰে
মন মোৰ এবুকু মৰম লৈ ৷
সোণাৰু বসন্তক সজাই পৰাই তুলিছে
বাৰী ঘৰ ,হাবি বন সকলোতে
সেই সোণাৰু ফুলৰ গোন্ধৰে আজি ,
মোৰ নাকে মুখে লাগি সৌন্দৰ্য্য বিয়পাই দিছে ৷