সোঁৱণশিৰি চাপৰিৰ বিননি…- নন্দেশ্বৰ মিলি

Pc AxomiyaHahitiyarsaneki

সোঁৱণশিৰি চাপৰিৰ বিননি…

      (১)
সাৰ পাই উঠো মাজৰাতি কেঁচা সপোন ভাঙি
দূৰৈৰপৰা নিশা ভেদি আহে এটি সুৰীয়া বাঁহী।
কোনেনো বজাই সেই মাজৰাতি কৰুণ বাঁহী
দুচকুৰপৰা লোতক বাগৰিছে চোৱা সেই সুৰ শুনি।
       (২)
এতিয়া সোঁৱণশিৰি নহয় উদুলি-মুদুলি
গৰু-ম’হ জাকেও নাহে ঘাঁহ-বন বিচাৰি
গৰখীয়া ককাইটিও মনৰ বেজাৰত গুচি গ’ল
কেতিয়াবাই সেই ঠাই এৰি।
গাভৰু-কনেঙে জলকেলি
ৰজনজনাইছিল খিলখিল হাঁহি
মাজে-মাজে অইনিঃতমৰ কলি
শৰতৰ কঁহুৱাৰ দৰে নাচি-বাগি
বোৱাইছিল হৃদয়ত পছোৱা এছাটি।
নাই নাৱঁৰীয়া নাই টঙীঘৰ
নাই গৰখীয়া নাই মোহন বাঁহী
নাই অইনিঃতমৰ কলি নাই গাভৰু-কনেঙৰ হাঁহি
উদং উদং লাগে এতিয়া সেই চাপৰি।
      (৩)
হেৰা !সময়বোৰ উকলি গ’ল
পৰিৱৰ্তনেই জগতৰ চিৰন্তন নিয়ম।
নন্দেশ্বৰ মিলি