সেউজ প্ৰেম – অভিজিত বৰা

PC - Flickr

সেউজ প্ৰেম

অভিজিত বৰা, কলিয়াবৰ 

তোমাৰ প্ৰেমত পৰি কবিতা
লিখিবলৈ শিকা নাই ।
কবিতা মই তেতিয়াই লিখিব শিকিছো
যেতিয়া নৈৰ পাৰৰ শিলট খুন্দা খায়
পানী বোৰে কথা কয় ,
বিৰিখৰ সেউজ পাতবোৰে বতাহত হালি জালি সুৰৰ সৃষ্টি কৰে
তেতিয়া মই প্ৰেমিক হৈ পৰো।
যেতিয়া উৰণীয়া চৰাই জনীয়ে গছৰ ডালত
বহি ৰ’দ আৰু বতাহত গান গায়,
বৰষুণৰ মাজতো ৰামধেনুৰ ৰঙবোৰে মৰম সানি যায়।
শীতৰ কুঁৱলী খেদি বাৰিষাৰ বৰষুণ
পথাৰৰ আলিত সোনাৰুৰ হাঁহি ৰ কান্দোন ।।