সেই দিনবোৰ-ৰঞ্জনা পাঠক…(গুৱাহাটী)

Pc-walpaperAccess

সেই দিনবোৰ
—————–
পৰেনে মনত তোমাৰ ??
সেই যে সোনোৱালী দিনবোৰ …
আমিযে দুয়ো ৰচিছিলো
কতনা সপোন …
সপোন , য’ত আছিল আশা …
হেঁপাহ এখন সুন্দৰ
সংসাৰ গঢ়াৰ …
আছেনে মনত তোমাৰ সেই কথা …
শপত যে লৈছিলো দুয়ো …
হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ …
জীৱনৰ অন্তিমটো ক্ষণ …
একেলগে অতিবাহিত কৰাৰ …
নাজানো ,তুমি চাগৈ পাহৰিলা …
হয়তোবা সময়ে তোমাকো
কৰিলে সলনি …
————————————————————
✍️ ৰঞ্জনা পাঠক…(গুৱাহাটী)