সুৰেন্দ্ৰ মোহন দাসৰ শেহতীয়া পুথি ‘লিমাৰিক আৰু ধেমেলীয়া পদ্য’ৰ শুভ উন্মোচন

সুৰেন্দ্ৰ মোহন দাসৰ শেহতীয়া পুথি ‘লিমাৰিক আৰু ধেমেলীয়া পদ্য’ৰ শুভ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সাহিত্যিক, চিত্ৰশিল্পী, গীতিকাৰ সুৰেন্দ্ৰ মোহন দাসৰ শেহতীয়া পুথি ‘লিমাৰিক আৰু ধেমেলীয়া পদ্য’ৰ শুভ উন্মোচন হৈ যায় যোৱা ২৭ ডিচেম্বৰ তাৰিখ বুধবাৰে মহানগৰীৰ বামুণীমৈদাম উদ্যোগপামস্থিত বি & এম পাব্লিছাৰ্চ এণ্ড প্ৰিন্টাৰ্চৰ কাৰ্যালয়ত। সুৰেন্দ্ৰ মোহন দাসৰ দুহিতা মাহিন্দ্ৰী দাসৰ কন্ঠেৰে নিগৰা লোকগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত স্বনামধন্য লিমাৰিক সম্ৰাট যোগানন্দ মহন্তই তেখেতৰ নৱমখন পুথি উন্মোচন কৰি ভাষণত কয় যে–” বহুধা বিভক্ত প্ৰতিভাৰ আকৰ সুৰেন্দ্ৰ মোহন দাসৰ সৃষ্টিশীল লেখাৰ-চিন্তা কৰাৰ সাৱলীলতা অতি উৎকৃষ্ট মানৰ; যিহেতু তেখেতে সুমধুৰ গীত ৰচে, কবিতা লিখে গতিকে এই পুথিৰ লিমাৰিকবোৰ অনিৰ্বচনীয় হ’ব যে সেইয়া খাটাং; লিমাৰিক বুলিলে হাস্যব্যংগ কবিতাকে মই বুজো আৰু যাৰ জৰিয়তে সমাজলৈ এক বিশেষ বাৰ্তা মোহনীয়কৈ দিব পাৰি। ‘জোনাক’ আলোচনীৰ মুখ্য সম্পাদক, লেখক-কবি পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আন এগৰাকী অতিথি শ্ৰদ্ধাৰ হৰিচন্দ্ৰ ডেকাই শুভেচ্ছামূলক ভাষণ দিয়াৰ লগতে দুটি স্বৰচিত লিমাৰিকো পাঠ কৰে। আন এগৰাকী সন্মানীয় অতিথি, উত্তৰ পুৰুষৰ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে তেখেতৰ ভাষণত কয় যে–” সুৰেন্দ্ৰ মোহন দাসৰ কিতাপ উন্মোচনৰ এক অমিয়া উৎসৱ যেন আৰম্ভ হৈছে; লক্ষ্মীনাথ বেজবৰুৱা,‌নৱকান্ত বৰুৱা, গগন চন্দ্ৰ অধিকাৰী আদিৰ পাছতেই শিশু সাহিত্যিকৰ ক্ৰমাগত সেই ধাৰালৈ দাসদেৱ এটা সময়ত উত্তৰণ ঘটিব বুলি আশা কৰিব পাৰি।” পুথিখনৰ বেটুপাত আৰু ভিতৰৰ ছবি অংকন কৰা শিল্পী বিনয় শৰ্মাই চমুৱাই মনোভাৱ ব্যক্ত কৰা অনুষ্ঠানভাগিত লেখক সুৰেন্দ্ৰ মোহন দাসে কয় যে–” ১৯৯৭ চনতে হাস্য-ব্যংগ আলোচনী ‘অবিকল’ আৰু ‘দৈনিক অসম’ কাকতত লিমাৰিক লিখাৰ অভিজ্ঞতাৰে বৰ্তমান গিৰজনি, জোনাক, অসমীয়া বৰ্ণিল, ফটাঢোল আদি আলোচনীত আৰু দুখনমান কাকতত লিমাৰিক আৰু ধেমেলীয়া পদ্য লিখি আছোঁ। প্ৰকাশিত এই লেখাবোৰৰ পৰা কিছু লিমাৰিক আৰু ধেমেলীয়া ব্যংগাত্মক পদ্য নিৰ্বাচন কৰি এই পুথিখন সংকলিত কৰা হৈছে।” বি & এম পাব্লিছাৰ্ছ এণ্ড প্ৰিন্টাৰ্ছৰ স্বত্বাধিকাৰী দৰ্শনা বৰুৱা থমাছ, পৰিহাৰ শৰ্মা,দীপজ্যোতি বৈশ্য, কীৰ্তি কমল নাথ,আচমা ইয়াচমিন, লিচা বৰা, গায়ত্ৰী দত্ত আদি লোক উপস্থিত থকা সভাখনত এই সদনে অদূৰ ভৱিষ্যতে সুৰেন্দ্ৰ মোহন দাসে আৰু যাতে ৰজাঘৰীয়াৰ পৰা সন্মান পায় তাৰ কথা সমস্বৰে উচ্চাৰণ কৰে।