সুৰকাৰ-কণ্ঠশিল্পী প্ৰয়াস মজুমদাৰৰ নতুন গীতৰ উদ্বোধনী অনুষ্ঠান

সুৰকাৰ-কণ্ঠশিল্পী প্ৰয়াস মজুমদাৰৰ নতুন গীতৰ উদ্বোধনী অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- সুৰকাৰ-কণ্ঠশিল্পী প্ৰয়াস মজুমদাৰৰ ‘তুমি মোৰ সোণ’ শীৰ্ষক এটি নতুন গীত উদ্বোধন   কৰি বিশিষ্ট আবৃত্তিকাৰ-লেখক , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড: অমৰজ্যোতি চৌধুৰীয়ে উদ্বোধন কৰি কয় যে প্ৰয়াসৰ ‘তুমি মোৰ সোণ’ শুনি মই আপ্লুত হৈছো, উচ্চাৰণ অতি স্পষ্ট,সুৰ মন চুই চোৱা , আৱহ সংগীতো গীতটোৰ সৈতে খাপ খাই যোৱা।তদুপৰি কীৰ্তি কমল ভূঞাৰ কথা বৰ সুন্দৰ। তেওঁৰ এটা ব্যতিক্ৰমী চিন্তা অনুভূত হৈছে।  চিৰসেউজে প্ৰেছক্লাবত আয়োজন কৰা অনুষ্ঠানটিত যশস্বী গীতিকাৰ কীৰ্তি কমল ভূঞাই গীতটো লিখাৰ বিষয়ে বিবৰি কয় যে প্ৰয়াসৰ কণ্ঠ আৰু সুৰত গীতটো সাৰ্থক হৈছে।শ্ৰোতা দৰ্শকে ভাল পোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে।সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট চিত্ৰশিল্পী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ  নৃতত্বৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড:ইৰশ্বাদ আলীয়ে কয় যে ভূপেন হাজৰিকাৰ তৃতীয় প্ৰজন্মৰ প্ৰয়াসে পৰিয়ালৰ ধাৰাটি জীয়াই ৰাখিব পাৰিব বুলি মই নিশ্চিত হৈছোঁ।কথাৰ লগত সুৰ সংযোজন সুন্দৰ হৈছে।সংগীতকাৰ জে পি দাসে প্ৰয়াসৰ সুৰৰ প্ৰয়াসত এটা চিন্তা আছে।শব্দ উচ্চাৰণত স্পষ্টতা আছে। গীতটোৰ গীটাৰ বাদনে মন ভৰাই দিলে।মই আশাকৰো তেওঁ এই ধাৰাটি অক্ষুণ্ণ ৰাখিব। ড:অপৰ্ণা বুজৰবৰুৱা আৰু লোকনাথ গোস্বামীয়ে প্ৰয়াসৰ ‘তুমি মোৰ সোণ’ গীতটিয়ে মন চুই গ’ল বুলি মন্তব্য কৰে। গীতৰ সাৰ্থকতা ইয়াতেই নিহিত থাকে।এনে গানৰ সৃষ্টিয়ে আমাৰ সময়ক উজ্জীৱিত কৰিব।সভাত শিল্পী মণীষা হাজৰিকা,অসীমজ্যোতি বৰুৱাইও দুআষাৰ কথাৰে গীতটোৰ গুৰুত্ব আৰু প্ৰয়াসৰ কণ্ঠ আৰু সুৰৰ নিজস্ব ভংগীক ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে গীতটো মুম্বাইত বাণীবদ্ধ কৰা হৈছে।গীতটোত গীটাৰ বজাইছে পশ্চিম বংগৰ সোমদত্ত সেনে। মুম্বাইৰ লখনৱালা স্থিত ‘অডিঅ’ গেৰেজ’ত বাণীবদ্ধ আৰু মিশ্ৰণ কৰিছে যশস্বী শব্দযন্ত্ৰী অমিয় লন্ধ্ৰেই।ভিডিঅ’ সম্পাদনা কৰিছে ফাৰাজ আহমেদে।বিশিষ্ট নাট্যশিল্পী চিনেমা পৰিচালক দীপজ্যোতি কাকতিয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰয়াস মজুমদাৰ সুৰ সংযোজিত কানাড়া ছবি ‘গণপতি বাপ্পা'(আনন্দ বাথাৰৰ পৰিচালিত),অসমীয়া ছবি ‘অঁকৰা নৈৰ গেঙনি'(দীপজ্যোতি কাকতি পৰিচালিত)আৰু হিন্দী গীত এটিৰো দৃশ্য শ্ৰব্য সঁফুৰা প্ৰদৰ্শন কৰা হয়। আটাইকেইটা গীতে শ্ৰোতা দৰ্শকক আপ্লুত কৰি তোলে।মনোজ্ঞ অনুষ্ঠানটি ঋজুশ্ৰী শৰ্মা মজুমদাৰ এটি ৰবীন্দ্ৰ সংগীতেৰে(ভূপেন হাজৰিকা অনূদিত)সভাৰ সামৰণি পৰে।সভাত এসময়ৰ সুকণ্ঠী গায়িকা কবিতা বৰুৱা(হাজৰিকা),স্তুতি পেটেল,কবি গীতিকাৰ কৌস্তুভমণি শইকীয়া,গজল শিল্পী অনিৰ্বাণ দাস,কণ্ঠশিল্পী অসীমজ্যোতি বৰুৱা,তপন দত্ত চৌধুৰী,আদি ব্যক্তিসকল উপস্থিত থাকে।শেষত কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰয়াস মজুমদাৰৰে। আৰম্ভণিতে সদ্যপ্ৰয়াত সুদক্ষিণা শৰ্মা আৰু ঋষিৰাজ শৰ্মাৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে পৰিয়ালৰ কবিতা বৰুৱা,স্তুতি পেটেল,মণীষা হাজৰিকা,পৰমানন্দ মজুমদাৰ, ঋজুশ্ৰী শৰ্মা মজুমদাৰ,প্ৰয়াস মজুমদাৰ আৰু আমন্ত্ৰিত অতিথি ড: অমৰজ্যোতি চৌধুৰী, কীৰ্তি কমল ভূঞা,ড: ইৰশ্বাদ আলী,জে পি দাস, লোকনাথ গোস্বামী আৰু ড:অপৰ্ণা বুজৰবৰুৱাই।ইয়াৰ পাছতে সকলোলৈ আদৰণি জনায় চিৰসেউজ ৰ হৈ ড: পৰমানন্দ মজুমদাৰে।