‘সুবালা দ্য ডার্কনেছ উইডিন’ নামৰ ছবিখন নিৰ্বাচিত হৈছে ইটালীৰ আগশাৰীৰ চলচ্চিত্র মহোৎসৱৰ চিনেমা অৱ দ্য নেচনছ

pc The Arts Club

‘সুবালা দ্য ডার্কনেছ উইডিন’ নামৰ ছবিখন নিৰ্বাচিত হৈছে ইটালীৰ আগশাৰীৰ চলচ্চিত্র মহোৎসৱৰ চিনেমা অৱ দ্য নেচনছ

অনলাইন বাৰ্ত্তাসেৱা – ইটালীৰ আগশাৰীৰ চলচ্চিত্র মহোৎসৱৰ চিনেমা অৱ দ্য নেচনছ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে আগশাৰীৰ চলচ্চিত্ৰ বিতৰক, প্রযোজক আব্দুল মান্নান ফাৰুক আৰু আব্দুল মুক্তাদিৰে প্রযোজনা কৰা আৰু বিশিষ্ট পৰিচালক মুন্না আহমেদে পৰিচালনা কৰা ‘সুবালা দ্য ডার্কনেছ উইডিন’ নামৰ ছবিখন। ছবিখনৰ নামভূমিকাত অভিনয় কৰিছে শিশুশিল্পী অপ্সৰা দাস আৰু হিন্দী, তামিল, তেলুগু ভাষাৰ কেইবাখনো জনপ্ৰিয় ছবিত শক্তিশালী অভিনয় কৰা পুনে এফ টি আইৰ পৰা অভিনয়ত সুখ্যাতিৰে উত্তীর্ণ উর্মিলা মহন্তই। আন প্রধান চৰিত্ৰসমূহত অভিনয় কৰিছে অতুল পাচনি, প্রতিভা চৌধুৰী, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, শিশুশিল্পী অপ্সৰা দাস, পদ্মৰাগ গোস্বামী, সিদ্ধার্থ মুখার্জী, নীলা শ‍ইকীয়া প্ৰমুখ্যে শিল্পীসকলে। অজান ফিল্মছৰ বেনাৰত নির্মিত ইতিমধ্যে চেঞ্চৰ ব’ৰ্ডৰ পৰা কেৱল প্রাপ্তবয়স্ক দৰ্শকৰ বাবে প্ৰদৰ্শনৰ ‘এ’ প্ৰমাণ-পত্ৰপ্ৰাপ্ত ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ অভিস্কা ফুকনৰ। আৱহ সংগীত তৰালি শৰ্মাৰ। দৃশ্য গ্রহণ কৰিছে সুমন দুৱৰাই। সম্পাদনা দেৱাংকৰ বুঢ়াগোহাঁইৰ। ছবিখনে আগন্তুক নৱবৰ্ষত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ছবিখন লণ্ডন আৰু আমেৰিকাৰ হলীউডত চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল।