সুদীৰ্ঘ চাৰি বছৰৰ মূৰত আজি ভাৰত-পাকিস্তানৰ মাজত অনুস্থিত হ’ব ক্ৰিকেটৰ মহাৰণ
ৰঙিলী বাৰ্ত্তাসেৱা – সুদীৰ্ঘ চাৰি বছৰৰ মূৰত ভাৰত-পাকিস্তানৰ ক্ৰিকেটৰ মহাৰণ উপভোগ কৰিব সমগ্ৰ বিশ্বই। পৃথিৱীৰ চুকে-কোণে থকা প্ৰতিগৰাকী ক্রিকেটপ্রেমী সাজু হৈ উঠিছে ইয়াৰ বাবে। এইপর্যন্ত টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তান ৫বাৰ পৰস্পৰৰ মুখামুখি হৈছে আৰু প্ৰতিবাৰেই ভাৰতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত ভাৰতে প্ৰতিবাৰেই পাকিস্তানক পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। ২০০৭ ত দক্ষিণ আফ্রিকাত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াই দুবাৰকৈ চুবুৰীয়া দেশখনৰ মুখামুখি হৈছিল। গ্রুপ পৰ্যায়ৰ মেচখনত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ভাৰতে বল আউটৰ জৰিয়তে জয়ী হোৱাৰ পাছত ফাইনেলত দুই চিৰবৈৰী পুনৰ সমুখসমৰত অৱতীৰ্ণ হৈছিল। জোহান্সবার্গত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক ৫ ৰানত হৰুৱাই ধোনী বাহিনীয়ে খিতাপ জয় কৰাৰ স্বর্ণীল মুহূর্ত ভাৰতীয় ক্রিকেট অনুৰাগীৰ মনত এতিয়াও সজীৱ হৈ আছে। ২০১২ত শ্রীলংকাত আৰু ২০১৪ত বাংলাদেশত অনুষ্ঠিত টি-২০ বিশ্বকাপতো ভাৰতে শেষ হাঁহি মাৰি অগণন ক্রিকেট অনুৰাগীৰ মন জয় কৰে। ২০১৬ত ভাৰতত অনুষ্ঠিত টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হাতত পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন হয় চিৰবৈৰী পাকিস্তান। দলটোৰ এই দীঘলীয়া ব্যৰ্থতাৰ ইতিহাস সলনি কৰাৰ লক্ষ্যৰে এইবাৰ বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে কাইলৈ ডুবাইৰ আইচিচি ক্রিকেট গ্রাউণ্ডত অৱতীৰ্ণ হ’ব।