সীমন্তিনী – অঞ্জুমণি শইকীয়া

p c wallpaper Flare

 সীমন্তিনী 

মা – দেউতা দুয়ো অগাপিছাকৈ ঢুকুৱাৰ পিছত বা আৰু ভিনিহিয়ে মোক সিহঁতৰ ঘৰলৈ লৈ গ’ল ৷ মেট্ৰিক পাছ কৰাৰ পিছত বা’ ৰ অনুগ্ৰহত চিলাই পৰীক্ষাত উৰ্ত্তীণ হৈ চিলাই মেচিন এটা কিনি সৰু দোকান এখন খুলিলো ৷ এনে সময়তে বা অসুখীয়া হ’ল ৷ আগতে ঘৰৰ কামত বা’ ক সহায়হে কৰিছিলো ৷ এতিয়া , ৰন্ধা – বঢ়া , ধোৱা – পখলা আদি কৰি সমস্ত কাম মোৰ ওপৰত পৰিল ৷ ভিনিহিয়েও আগৰ দৰে হাজিৰা কৰিব নোৱৰা হ’ল ৷ সৰু সৰু ভাগিন দুটাৰ সৈতে আমাৰ পাঁচজনীয়া পৰিয়ালটো চলাবলৈ ঘৰে ঘৰে টিউচন কেইটামানও কৰিবলৈ ল’লো ৷ শাৰীৰিক পৰিশ্ৰমে জুৰুলা হোৱাৰ পিছত ভূতৰ ওপৰত দানহ পৰাদি মোৰ গাত “ বগা’’ ওলাল ৷ ল’ৰা এজনৰ লগত বিয়াৰ কথা – বতৰা হৈছিল যদিও “ বগা” ওলোৱাৰ বাবে বিয়াখন ভাগিল ৷ লাহে লাহে কিছুমান মানুহৰ মুখত মুখৰোচক কাহিনী ওলাল ৷ “ ইমান বছৰ ভিনিহিয়েকৰ ঘৰত থকাৰ পিছত ক’ত ল’ৰাই বিয়া কৰাব ? বায়েকজনীও অসুখীয়া ৷ কি বিশ্বাস —- ? “

এদিন বা’ য়ে মোক সুধিলে , ” কথাবোৰ শুনিছনে ? ’’
মই বা’ লৈ নোচোৱাকৈ ক’লো , “ কি কৰিম মই ? ’’
সেন্দূৰৰ টেমাটো আগবঢ়াই ক’লে , “ ল ৷ ’’

মই উচপ্ খাই উঠিলো , ক’লো , “ তহঁতক মই মা – দেউতাৰ আসনত বহাইছেোঁ ৷ সতিনী হ’ব নোৱাৰোঁ ৷ মই আজীৱন এনেকৈয়ে থাকিম ৷ ’’

দুয়োজনীৰ দুই চকুৰে বৈ অহা পানীখিনি তাইয়ে মচি দি ক’লে , “ মই জানো ৷ সতিনী নহয় , বাহিৰত দেখুৱাবলৈ সীমন্তিনী হৈ থাক ৷ তই , মই , আমি কথাবোৰ শুনিবলগীয়া নহয় ৷ ’’

বা ’ ৰ হাতৰ পৰা সেন্দূৰৰ টেমাটো লৈ ইজনীয়ে সিজনীক সাৱটি ধৰিলো ৷ গভীৰ বিশ্বাস , নিৰাপদ আশ্ৰয় , স্নেহৰ বান্ধোন সকলো মিলি জৰীডাল কটকটীয়া হ’ল ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ( তিনি আলি ) ৷