সিংহ আৰু শিয়াল
এছ ইছলাম, বৰপেটা
এসময়ত আছিল এক বুঢ়াসিংহ
গহীন এখনি হাবিত,
চিকাৰ কৰিব নোৱাৰা বাবে
সোমাই আছিল গুহাত।
গোটেই বননিত বেমাৰ বুলি
সি প্ৰচাৰ কৰিছিল,
বনৰ ৰজাক বন্য পহুবোৰে
চাবলৈ আহিছিল।
যিমান পহু সুমুৱাই গৈছিল
গুহাৰ ভিতৰলৈ,
সহজতে ধৰি খাই পেলাইছিল
ঘুৰিঅহা নাই বাহিৰলৈ।
শিয়াল পণ্ডিত কেইদিন পিছত
আহিল সিংহ চাবলৈ,
নমস্কাৰ জনালে শিয়াল পণ্ডিতে
দুৱাৰ মুখৰ পৰাই।
পদচিহ্ন দেখিলে শিয়াল পণ্ডিতে
মাথোঁ ভিতৰলৈ যোৱা,
নেদেখিলে কিন্তু একো পদচিহ্ন
গুহাৰ বাহিৰলৈ ওলোৱা।
সিংহৰ চতুৰালি শিয়াল পণ্ডিতে
বুজি পালে সহজেই,
গুচি গ’ল সি দুৱাৰ মুখৰ পৰা
তাক নমস্কাৰ জনাই।