সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত গৃহৰক্ষী বিদ্যাছিং লেকথেৰ

সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত গৃহৰক্ষী বিদ্যাছিং লেকথেৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ল পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত গৃহৰক্ষী বিদ্যাছিং লেকথেৰ।বনৰক্ষী গৰাকীৰ নিজ বাসগৃহত জিলা উপায়ুক্তৰ লগতে বন বিভাগৰ লোক উপস্থিত থাকি শেষ বিদায় জনায় বিদ্যাছিং লেকথেক। উল্লেখ্য যে, মঙলবাৰে অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত এখন কাঠ পৰিবাহী ট্ৰাক বাধা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে প্ৰাণ হেৰুৱাইছিল গৃহৰক্ষী বিদ্যাছিং লেকথেয়ে।একাংশ দুস্কৃতিকাৰীয়ে বনৰক্ষী আৰু অসম আৰক্ষীৰ দলটোক ঘেৰাও কৰাত উপায়ন্তৰ হৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল অসম আৰক্ষীয়ে।