সাম্প্ৰতিক প্ৰেক্ষাপটত পৰিৱেশ সজাগতাৰ গুৰুত্ব,অসমৰ জলবায়ু পৰিৱৰ্তন আৰু আমাৰ ভৱিষ্যত – বিকাশ শৰ্মা বৰুৱা

৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 
সাম্প্ৰতিক প্ৰেক্ষাপটত পৰিৱেশ সজাগতাৰ গুৰুত্ব,অসমৰ জলবায়ু পৰিৱৰ্তন আৰু আমাৰ ভৱিষ্যত
বিকাশ শৰ্মা বৰুৱা
       গুৱাহাটী বিশ্ববিদ্যালয়
ধৰণী আমাৰ ধুনীয়া ধৰণী , সেউজী ধৰণী ধুনীয়া…। প্ৰকৃতি আৰু মানুহৰ সমন্বিত সম্পৰ্কৰ জৰিয়তে একোখন ঠাই বা একোটা অঞ্চলৰ পৰিৱেশ বৰ্তি থাকে । এটা অঞ্চলৰ যিবোৰ উপাদানে সকলো জীৱক সমিল-মিলেৰে জীয়াই থাকিবলৈ সুবিধা দিয়ে , সেই উপাদানসমূহেই অঞ্চলটোৰ চৌপাশৰ পৰিৱেশ । আনহাতে মানুহক জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ নিত্য প্ৰয়োজনীয় সা-সুবিধাসমূহৰ উপৰিও বৰ্তমান সময়ত বহু পৰিমাণে অত্যাধুনিক সা-সুবিধাৰ প্ৰয়োজন হৈছে । প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ মানুহে ব্যৱহাৰোপযোগী কৰি মানৱ-সৃষ্ট সম্পদ হিচাপে গঢ় দিয়ে আৰু অভাৱসমূহ পূৰণ কৰে । সমাজ পৰিবৰ্তনশীল । সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন-ধাৰণ পদ্ধতি , আচাৰ-ব্যৱহাৰ , নিয়ম-কানুন ইত্যাদি বোৰেও সংশোধিত ৰূপ লয় । সভ্যতাৰ ক্ৰমবিকাশৰ এই গতি বৰ্তমান উপনীত হৈছেগৈ একবিংশ শতিকাৰ তথ্য-প্ৰযুক্তি আৰু বিশ্বায়নৰ যুগত । মানুহৰ জীৱনশৈলী হৈ পৰিছে যন্ত্ৰচালিত ।
বৰ্তমানৰ সময়ছোৱা হ’ল মন মুকলি কৰি ৰখা যুগ । মানুহে শাৰীৰিক শক্তিৰে দমন বা আয়ত্ত কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি প্ৰয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে । সংস্কৃতত কোৱা আছে – ” ন হি জ্ঞানেন সদৃশং পৱিত্ৰমিহ বিদ্যতে ” অৰ্থাৎ , জ্ঞানৰ সদৃশ পৱিত্ৰ বস্তু একো নাই । জ্ঞানেই হৈছে শ্ৰেষ্ঠ শক্তি আৰু বিদ্যাধন হৈছে মহাধন । মানুহৰ জ্ঞান আৰু অনুসন্ধিৎসু তথা পৰ্যৱেক্ষণশীল স্বভাৱৰ বাবে কিছুমান আশ্চৰ্য্যচকিতকাৰী বিষয় সহজলভ্য হৈ পৰিছে । যাৰ বাবে ইটোৰ পিছত সিটো অভিনৱ সৃষ্টি তথা সফলতা পৰিলক্ষিত হৈছে ।
প্ৰকৃতিৰ বিভিন্ন উপাদানবিলাকৰ পৰস্পৰৰ মাজত আছে জটিল সম্পৰ্ক । উদাহৰণস্বৰূপে , সেউজ উদ্ভিদসমূহে পানী আৰু মাটিৰ পৰা আহাৰ সংগ্ৰহ কৰে । এই উদ্ভিদৰ পাত, ফল আৰু অন্যান্য অংশ চৰাই বা হৰিণাই আহাৰ হিচাপে লয় । যেতিয়া এইবোৰৰ মৃত্যু হয় তেতিয়া ইহঁ‌তৰ মৃত অৱশেষবোৰৰ অংশ বেক্টেৰিয়া,ফাংগি আদিয়ে আহাৰ হিচাপে গ্ৰহণ কৰে আৰু ৰৈ যোৱা বাকী অংশবোৰ ভাঙি গৈ নাইট্ৰ’জেন , কাৰ্বন , ছালফাৰ আদিৰ দৰে অতি ক্ষুদ্ৰ উপাদানলৈ পৰিণত হয় আৰু পুনৰ মাটিত মিহলি হৈ যায় । এইদৰে আটাইবোৰে পৰস্পৰক সংযুক্ত কৰি ৰাখে ।
পৰিস্থিতিতন্ত্ৰত জৈৱিক কাৰক (জীৱসমূহ) আৰু অজৈৱিক কাৰক ( উষ্ণতা , পোহৰ , পানী ইত্যাদি ) সমূহে এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ।পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ – প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু  কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ ।
পৰিস্থিতিতন্ত্ৰ মানৱ সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয় । পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাৰ বাবেই মানৱ প্ৰজাতি বিশ্বত বৰ্তি আছে। পৰিস্থিতিতন্ত্ৰক নিৰ্ভৰ কৰিয়েই বৰ্তমান বিশ্বখন সুস্থিৰভাৱে বৰ্তি আছে । কিন্তু মানুহৰ কিছুমান পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপৰ বাবে আজি পৰিস্থিতিতন্ত্ৰও ধ্বংসৰ গৰাহত পৰিছে । পৰিস্থিতিতন্ত্ৰৰ অৱনতি ঘটাৰ বাবে পৃথিৱীৰ আয়ুসকালো ক্ৰমাৎ হ্ৰাস হৈ আহিছে আৰু মানৱ জাতিৰ ভৱিষ্যতো এক অন্ধকাৰ দিশলৈ গতি কৰিছে । এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সম্প্ৰতি পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ তথা পৰিৱেশ সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই ক্ষেত্ৰত মানৱ জাতিৰ দায়িত্ব অপৰিসীম ।
ফুলনিত ফুলি থকা ফুলপাহৰ সৌন্দৰ্য্য চাই থকাৰ ধৈৰ্য্য আমাৰ নাই , ছিঙি আনি একেবাৰে নিজৰ কৰিবলৈহে বিচাৰো…..।
আমি জানো যে , কোনো এটা অঞ্চলৰ সূৰ্য্যৰ পোহৰ আৰু তাপ , বায়ুৰ চাপ , বতাহ , বৰুষুণ , বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদি লগ লাগি সৃষ্টি কৰা অৱস্থাক বতৰ বুলি কোৱা হয় । আকৌ , এটা অঞ্চলৰ এক দীঘলীয়া সময়ৰ বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে জলবায়ু বুলি কোৱা হয় । জলবায়ু অনুসৰি মানুহৰ জীৱন-যাপন , খাদ্যাভাস , সাজ-পাৰ ইত্যাদি ভিন্ন হয় । গ্ৰীষ্ম , বৰ্ষা , শৰৎ , হেমন্ত , শীত , বসন্ত এই ছয়টা ঋতুৰ সমাহাৰে অসমৰ এটা বছৰৰ জলবায়ুৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে । অসমকে ধৰি উত্তৰ – পূৱ ভাৰতৰ জলবায়ু মূলতঃ মৌছুমী বতাহৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু দুটা প্ৰধান ঋতু শীত আৰু গ্ৰীষ্ম ক্ৰমে উত্তৰ – পূৱ আৰু দক্ষিণ – পশ্চিম মৌছুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত । গতিকে এই দুয়োটা ঋতুৰ সংগম কালত অঞ্চলটোৰ জলবায়ুৰ অৱস্থা কিছু বেলেগ পৰিলক্ষিত হয় । জলবায়ুবিজ্ঞানীসকলে বছৰটোৰ ভিতৰত সাধাৰণতে চাৰিটা বেলেগ বেলেগ ঋতু চিনাক্ত কৰিছেঃ শীত , প্ৰাক্ মৌছুমী , মৌছুমী আৰু উত্তৰ – মৌছুমী ( Post – Monsoon or Retreating Monsoon ) ঋতু ।
কোনো এটা অঞ্চলৰ ভূ-প্ৰকৃতি , বনজ সম্পদ , খনিজ সম্পদ , কৃষি , ব্যৱসায়-বাণিজ্য , শিল্প – উদ্যোগ , পৰ্যটন অৰ্থাৎ , আৰ্থসামাজিক বিকাশৰ   সকলো দিশ অঞ্চলটোৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে । এটা কথা আমাৰ স্পষ্টকৈ প্ৰতীয়মান হয় যে , পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহ ভাৰসাম্য অৱস্থাত থকালৈকে কোনো ধৰণৰ পাৰিৱেশিক সমস্যা দৃষ্টিগোচৰ নহয় । কিন্তু বিগত তিনিটামান শতিকাৰ ভিতৰত মানুহৰ সংখ্যাগত বৃদ্ধি আৰু সম্পদৰ চাহিদা বৃদ্ধিয়ে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ যি স্বাভাৱিক সম্পৰ্ক , সেয়া বহু পৰিমাণে ব্যাহত হৈ ন ন সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
প্ৰদূষণ আজি এক বিশ্ব সমস্যা । সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত মানুহে পৰিৱেশত নানা ধৰণৰ অবাঞ্চিত ক্ৰিয়া-কলাপ আৰম্ভ কৰিব লৈছে । উদ্যোগীকৰণ তথা বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলতো পৰিৱেশ প্ৰদূষিত হৈছে। ইয়াক ৰোধ কৰা অত্যন্ত প্ৰয়োজন । নহ’লে অনতিপলমে পৃথিৱীৰ পৰা জীৱৰ অস্তিত্ব লোপ পাব । আজি গোটেই বিশ্বত প্ৰদূষণ প্ৰতিকাৰৰ উপায় উদ্ভাৱনৰ বাবে নানাধৰণৰ গৱেষণা চলি আছে ।
প্ৰাচীন বৈদিক যুগৰ পৰাই প্ৰকৃতি সুৰক্ষাৰ চিন্তা-চৰ্চা আৰম্ভ হৈছিল । অথৰ্ববেদৰ দ্বাদশ কাণ্ডৰ প্ৰথম সূক্তৰ বাৰ নম্বৰ মন্ত্ৰত কোৱা হৈছে যে — ” মাতা ভূমিঃ পুত্ৰো অহং পৃথিব্যাঃ । ” অৰ্থাৎ , Earth is Mother and I am the son of Earth .  আৰু কোৱা হৈছিল যে ,
     ” সত্যং বহুদূতমুগ্ৰং দীক্ষা
      তপৌ ব্ৰহ্মযজ্ঞঃ ধৰং পৃথিৱী ।
      সা নু মনুষ্য ভৱষ্য পল্যুৰং
       লৌকং পৃথিৱী নঃ কৃনৌতু।।”
অৰ্থাৎ , যি সকলে মাতৃৰূপা ধৰণীৰ প্ৰতি মনোযোগ দিয়ে , ধৰণীৰূপী প্ৰকৃতিয়েও সেই সকলৰ প্ৰতি যত্ন লয় ।
গছ-গছনিয়ে বায়ু প্ৰদূষণ ৰোধ , বানপানী নিয়ন্ত্ৰণ , ভূমিস্খলন অৰু বনজুইৰ পৰা ৰক্ষা কৰে । সেইবাবে কোৱা আছে যে —
   ” গছ থাকিলেহে মানুহ থাকিব
 এজোপা কাটিলে দহজোপা ৰুবা,
নাতি-পুটিৰ ভাল কৰিবা ।
  সুকাঠি-অকাঠি নকৰা বিচাৰ
  সকলো গছৰে আছে উপকাৰ ।”
জলবায়ু পৰিৱৰ্তন হৈছে বৰ্তমান একবিংশ শতিকাত  পৃথিৱীজুৰি বহুলভাৱে চৰ্চিত  হোৱা এটা প্ৰধান সমস্যা বা প্ৰাকৃতিক পৰিঘটনা । জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ পৰিৱৰ্তন । ৰাষ্ট্ৰসংঘৰ উদ্যোগত ১৯৯২ চনত ৰিঅ’ দ্য জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ধৰিত্ৰী সন্মিলনত ১৫৮ খন ৰাষ্ট্ৰই ‘ United Nations Framework Convention On Climate Change ‘ শীৰ্ষক আধাৰপত্ৰত স্বাক্ষৰ কৰাৰে পৰা এক বিষয়টোৱে এক নতুন মাত্ৰা পাইছিল । গতিকে যোৱা কেইটামান দশকৰ পৰা জলবায়ু পৰিৱৰ্তন এক বিশ্বব্যাপী উদ্বেগ হৈ পৰিছে । জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ তন্ত্ৰ আৰু পৰিস্থিতিবিজ্ঞানৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে । পৃথিৱীত পৰা সূৰ্য্যৰ বিকিৰণৰ মাত্ৰাৰ সাল-সলনি , ভূ-গৰ্ভৰ টেকটনিক প্লেটৰ স্থানান্তৰ , আগ্নেয়গিৰি উদগিৰণ , সেউজগৃহ গেছৰ বৃদ্ধি  আদি প্ৰাকৃতিক কাৰণত জলবায়ুৰ পৰিৱৰ্তন হয় । কিন্তু বৰ্তমান মানুহৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ বিনাশ , বায়ুমণ্ডলত বিষাক্ত ক্ষতিকাৰী গেছৰ নিৰ্গমণ , মাটি আৰু নদ – নদীৰ পানীত হোৱা প্ৰদূষণ আদিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বজুৰি খৰতকীয়া গতিত হ’বলৈ লৈছে । মূলতঃ মানৱ – সৃষ্ট প্ৰদূষণৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা তড়িৎ গতিত বৃদ্ধি পাবলৈ লৈছে । সাম্প্ৰতিক সময়ত আমাৰ দৃষ্টিগোচৰ হোৱা বিভিন্ন সমস্যা যেনে – গড় বৃষ্টিৰ পৰিমাণ হ্ৰাস , বানপানীৰ তীব্ৰতা বৃদ্ধি , গড় উষ্ণতা বৃদ্ধি , খৰাং , অৰ্থনৈতিক সংকট , খাদ্য সংকট , জীৱ প্ৰজাতি আৰু উদ্ভিদ প্ৰজাতিৰ বিলুপ্তি ইত্যাদি জলবায়ু পৰিৱৰ্তনৰে ফলাফল ।
সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে । অসমো ইয়াৰ ব্যতিক্ৰম নহয় । অসমকে ধৰি সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলৰ জলবায়ু দিনক দিনে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ।
পাৰিৱেশিক সমস্যাবোৰক আমি উৎপত্তি অনুসৰি , ভূ-আন্দোলনজনিত সমস্যা ( ভূমিকম্প , আগ্নেয়গিৰি , ছুনামি ) , বায়ুপ্ৰবাহজনিত সমস্যা ( ঘূৰ্ণী বতাহ , ধুমুহা ) , নিৰ্বননীকৰণজনিত সমস্যা ( ভূমিক্ষয় , ভূমিস্খলন ) , প্ৰদূষণজনিত সমস্যা ( বায়ুপ্ৰদূষণ , জলপ্ৰদূষণ , ভূমিপ্ৰদূষণ ) হিচাপে শ্ৰেণীত বিভক্ত কৰি লৈ তাৰ পৰা হোৱা প্ৰত্যাহ্বানৰ সমাধানৰ যথোচিত উপায় অৱলম্বন কৰিব পাৰো ।
প্ৰাকৃতিক দিশৰ পৰা অসম এখন অতি চহকী ৰাজ্য । দাক্ষিণাত্যৰ পশ্চিম উপকূল , দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে । মৌছুমী অঞ্চলৰ ভিতৰতে অসম এখন অধিক বৰুষুণ হোৱা ঠাই হেতুকে অসমৰ গছ – গছনি আদি সদায় সেউজীয়া হৈ থাকে । অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক আৰু উত্তাপ কম । অসমৰ পৰিপ্ৰেক্ষিতত গ্ৰীষ্মকালত ইয়াৰ  তাপমাত্ৰা সৰ্বোচ্চ ৩০ – ৩২ ডিগ্ৰী চেলছিয়াছ আৰু শীতকালত সৰ্বনিম্ন ১০ ডিগ্ৰী চেলছিয়াছৰ  মাজত থাকে যদিও সম্প্ৰতি ইয়াৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । অসমৰ গড় বৰুষুণৰ পৰিমাণ বছৰি ১৭৮ চেন্টিমিটাৰৰ পৰা ৩০৫ চেন্টিমিটাৰৰ ভিতৰত হয় ।
শক্তি , পৰিৱেশ আৰু জল পৰিষদৰ দ্বাৰা  প্ৰকাশিত এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে অসম এতিয়া জলবায়ু পৰিৱৰ্তনৰ বিপদসংকুল ৰাজ্য । বৰ্তমানৰ লগতে ভৱিষ্যতলৈও অসমৰ মানুহৰ জীৱন – জীৱিকা , আভ্যন্তৰীণ – বহিৰাগত প্ৰবজন, খাদ্য-সুৰক্ষা আদি সকলোবোৰ দিশতে জলবায়ু পৰিৱৰ্তনৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব আৰু ইয়াৰ আৰম্ভণি ইতিমধ্যে হ’বলৈ ধৰিছে । সৰ্বসাধাৰণে জলবায়ু পৰিৱৰ্তনৰ পৰা হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।
অসম জলবায়ু পৰিৱৰ্তন একচন প্লেনৰ এক প্ৰতিবেদনত প্ৰকাশ পাই যে অসমৰ উষ্ণতা যোৱা বহু বছৰ ধৰি নিৰন্তৰ বৃদ্ধি পাইছে আৰু সমান্তৰালকৈ বৰুষুণৰ পৰিমাণ হ্ৰাস পাইছে । প্ৰতিবেদনত কোৱা হৈছে যে , ১৯৫১ চনৰ পৰা ২০১০ চনৰ ভিতৰত ৰাজ্যখনৰ উষ্ণতা প্ৰতি বছৰে ০.৫৯ ডিগ্ৰী বৃদ্ধি পাই আহিছে । এইখিনিতে অন্য এটি উদ্বেগজনক তথ্য দাঙি ধৰিব বিচাৰিছো যে , অসম জলবায়ু পৰিৱৰ্তন কাৰ্য্য পৰিকল্পনাৰ প্ৰতিবেদনত অনাগত বছৰবোৰত খৰাং পৰিস্থিতি ৭৫ শতাংশলৈ বৃদ্ধি হ’ব পাৰে আৰু বানপানীৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি হ’ব পাৰে । শেহতীয়াকৈ ২০২১ চনত বৰুষুণৰ পৰিমাণ ২১ শতাংশ হ্ৰাস পোৱা বাবে বহুকেইখন জিলা খৰাং পৰিস্থিতিৰ সন্মুখীন হৈছে ।
আন এক অধ্যয়নত প্ৰকাশ পাইছে যে , দেশৰ মুঠ ৪০ শতাংশ অঞ্চলত দেখিবলৈ পোৱা গৈছে বিপৰীতমুখী পৰিৱৰ্তন । অৰ্থাৎ , বানপানী প্ৰভাৱিত হোৱা অঞ্চল হ’বলৈ ধৰিছে খৰাং , খৰাং প্ৰভাৱিত অঞ্চলসমূহ হ’বলৈ ধৰিছে বানপীড়িত । অধ্যয়নসমূহৰ পৰা আমি এটা কথা ন দি ক’ব পাৰো যে সময় থাকোতেই ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটি নিন্তান্তই আৱশ্যকীয় । অন্যথা জলবায়ু পৰিৱৰ্তনে আমাৰ ৰাজ্যখনলৈ আগন্তুক কেনেধৰণৰ  বিপদৰ আগজাননী দিছে সেয়া সকলোৰে কল্পনীয় । এনেকুৱা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ জিলাভিত্তিক পৰিকল্পিত আঁ‌চনিৰ পোষকতা কৰিব পাৰি । জিলাভিত্তিক জলবায়ু প্ৰতিকূলতাৰ মানচিত্ৰ নিৰূপণ কৰাটো খুবেই জৰুৰী হৈ পৰিছে ।
বিশ্ববিখ্যাত আমাৰ গৌৰৱ চাহ উদ্যোগসমূহতো জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱ পৰিছে । চাহগছৰ বাবে সময়ে সময়ে কম পৰিমাণৰ বৰুষুণ আৰু নাতিশীতোষ্ণ জলবায়ু খুবেই উপযোগী । কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত দীৰ্ঘসময় ধৰি হোৱা প্ৰচুৰ বৰুষুণ আৰু দীৰ্ঘসময় ধৰি নোহোৱা বৰুষুণে খৰাং পৰিস্থিতিৰ সৃষ্টি কৰি চাহউদ্যোগৰ বিস্তৰ ক্ষতিসাধন কৰিছে ।
অসমৰ জলবায়ু পৰিৱৰ্তনে মীল পালনতো যথেষ্ট প্ৰভাৱ পেলাইছে । নদী , খাল-বিল , জলাশয়বোৰৰ জলস্তৰ হ্ৰাস , আৰু উষ্ণতা বৃদ্ধিয়ে পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰিছে আৰু মাছৰ বংশবৃদ্ধি হ্ৰাস পাইছে ।
অসমৰ বনাঞ্চল সমূহৰ ধ্বংসযজ্ঞয়ো জলবায়ু পৰিৱৰ্তনৰ অশনি সংকেত কঢ়িয়াই আনিছে । পৰিকল্পনাবিহীনভাৱে গছ – গছনি কটাৰ ফলত ই জৈৱ – বৈচিত্ৰলৈ ভাবুকিৰ সৃষ্টি কৰিছে ।
অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি । অসমৰ কিছুসংখ্যক জনগোষ্ঠী এতিয়াও জীৱিকা আৰু খাদ্যৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল । কিন্তু দ্ৰুত বনাঞ্চল হ্ৰাসে তেওঁ‌লোকৰ চৰম সংকট হৈ দেখা দিছে ।
অসম নদীমাতৃক দেশ আৰু ইয়াৰ অধিকাংশলোক কৃষিৰ ওপৰত নিৰ্ভৰশীল । বানপানীয়ে প্ৰতিবছৰে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰে আৰু সাধাৰণ ৰাইজ অৰ্থনৈতিক ভাৱে লোকচানৰ সন্মুখীন হয় । স্বাৱলম্বীতাৰ দিশত অনগ্ৰসৰ হয় আৰু পিছপৰি যায়।
জনসংখ্যা বৃদ্ধি আৰু বহিঃ প্ৰবজন হ্ৰাস কৰিব পাৰিলেহে অসমখন জলাবায়ু পৰিৱৰ্তনৰ দৰে ভয়াৱহ সমস্যাৰ পৰা পৰিত্ৰাণ কৰিব । কিয়নো জনসংখ্যা বৃদ্ধিয়ে সম্পদৰ চাহিদা বৃদ্ধি কৰিব আৰু জনসাধাৰণে তাৰ চাহিদাৰ পূৰাবৰ বাবে প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ আৰম্ভ কৰিব । ইয়াৰ ফলত বন্যপ্ৰাণী সংঘাতৰ দৰে চৰম সমস্যাই দেখা দিব ।
বায়ুমণ্ডলত বৃদ্ধি পোৱা মিথেন , কাৰ্বন-ডাই-অস্কাইড , ক্লৰ’ফ্লৰ’কাৰ্বনছৰ দৰে সেউজগৃহ গেছসমূহৰ নিয়ন্ত্ৰণ কৰাটো সম্প্ৰতি খুবেই প্ৰয়োজনীয় হৈ পৰিছে । আমি নিৰ্বননিকৰণ , প্লাষ্টিক ব্যৱহাৰ , প্ৰদূষণৰ দৰে সমস্যাসমূহ ৰোধ কৰিবৰ বাবে একত্ৰিত হৈ যৎপৰানাস্তি চেলা চলাব লাগিব । তাৰোপৰি কাৰ্বন নিষ্কাসন , পুনৰাৱৰ্তন , বহনক্ষম উন্নয়ন , শক্তি সঞ্চয় , পৰিৱেশ বা সম্পদ সংৰক্ষণৰ ধাৰণাসমূহ আঁ‌কোৱালি ল’ব লাগিব ।
জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বাবে সন্মুখীন হ’বলৈ আমি নিজকে প্ৰথমতে প্ৰস্তুত কৰি তুলিব লাগিব জনসচেতনতাৰে । কাৰণ জনসাধাৰণক সজাগ নকৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সুলভ নহ’ব ।
অসম প্ৰাকৃতিক সম্পদত চহকী ৰাজ্য । আমি ইয়াৰ হাবিত নানান মূল্যৱান গছ -গছনি , ঔষধি পাওঁ‌ । গতিকে সেই সমূহে বাহিৰৰ পৰ্যটকক আকৰ্ষণ কৰিলে আমাৰ অৰ্থনৈতিক দিশটো টনকিয়াল হ’ব । কিন্তু জলবায়ু পৰিৱৰ্তনে সেইবোৰৰ বিলুপ্তি সাধন কৰিলে আমি বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লাহিব । জলবায়ু পৰিৱৰ্তনে মানৱ সমাজলৈ বিভিন্ন ৰোগৰ সঞ্চাৰ নকৰে তাৰ বাবেও আমি এতিয়াই সাৱধান হোৱা উচিত ।
আমি এতিয়া সহজেই অনুমান কৰিব পাৰো যে , অসমে সন্মুখীন হোৱা কেইবাটাও আৰ্থ – সামাজিক সমস্যাৰ এটা মূল কাৰক জলবায়ু পৰিৱৰ্তন । জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা কুফল সমূহ বিজ্ঞানসন্মত ব্যৱস্থাৰে আৰু প্ৰযুক্তিৰ প্ৰয়োগেৰে বিনাশ কৰিবলৈ চৰকাৰ যত্নপৰ হ’ব লাগিব । অৱশ্যে আমি সকলোৱে চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি হাত সাৱটি থাকিলে একো সমাধান নোলাব । আমি সৰ্ব সাধাৰণেও পাৰ্যমানে হাতে-কামে সহায় – সহযোগ কৰিব লাগিব । উদাহৰণস্বৰূপে , দীঘলীয়া খৰাং বতৰত কৃত্ৰিমভাৱে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা , বাম হৈ যোৱা নদীৰ বুকু খান্দি নদীৰ বহন ক্ষমতা বৃদ্ধি কৰা ইত্যাদি ।
উন্নয়ন , সৃষ্টি , আৱিষ্কাৰ আমাক লাগিব , কিন্তু তাৰ বিপৰীত প্ৰভাৱ যাতে প্ৰকৃতিয়ে সহিব লগীয়া নহয় তাৰ প্ৰতি সততে দৃষ্টি ৰাখিব লাগিব ।
অসমৰ পৰিৱেশপ্ৰেমী বেচৰকাৰী সংগঠনসমূহে ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ কুফল প্ৰশমিত কৰাৰ বাবে কাম কৰি আছে । গতিকে চৰকাৰ , প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংগঠন আৰু জনসাধাৰণ আটায়ে একেলগে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধ কৰিবলৈ সংকল্পবদ্ধ হ’ব লাগিব । গতিকে আমি সকলোৱে এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ইয়াৰ বিৰুদ্ধে যুঁ‌জ দিয়া উচিত । জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আমি সময় থাকোতেই একো ব্যৱস্থা নল’লে ভৱিষ্যতে এই পৃথিৱীত মানুহকে ধৰি কোনো প্ৰাণীকুল , উদ্ভিদ প্ৰজাতি জীয়াই থকাই কঠিন হ’ব । আমি সকলোৱে উপলব্ধি কৰা উচিত যে , আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী  এৰি থৈ যোৱা উচিত , যিখন পৃথিৱীত তেওঁ‌লোকে মুকলি মুৰীয়াকৈ উশাহ-নিশাহ ল’ব পাৰিব আৰু সু-স্বাস্থ্যৰে জীয়াই থাকিব পাৰিব ।
এনেকুৱা এটা সময় আছিল যেতিয়া আমাৰ চাৰিওকাষৰ সকলো বস্তু আছিল বিশুদ্ধ আৰু নিৰাপদ । বায়ু , পানী আৰু মাটি আছিল ভাৰসাম্যমূলক অৱস্থাত । আদিম যুগত মানুহৰ চাহিদা আছিল সীমিত । কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহৰ চাহিদাৰ হাৰ যথেষ্ট বৃদ্ধি কৰিছে । ফলত সৃষ্টি হৈছে নিত্যনতুন পাৰিৱেশিক সমস্যাৰ । এই সমস্যাসমূহৰ বৰ্গীকৰণ আমি তিনিধৰণে কৰিব পাৰো – স্থানীয় সমস্যা ,আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা ।
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে পৰিস্থিতিতন্ত্ৰৰ অৱনমন ঘটা পৰিলক্ষিত হৈছে । ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰণ হিচাপে চিহ্নিত হৈছে নিৰ্বননিকৰণ । অত্যধিক জনসংখ্যা বৃদ্ধিৰ ফলত মানুহক অধিক ইন্ধনৰ প্ৰয়োজন হৈছে । ইয়েই নিৰ্বননিকৰণৰ প্ৰধান উৎস । ইয়াৰ উপৰিও বনজুই , খনিজ পদাৰ্থ নিষ্কাসনৰ বাবে হাতত লোৱা পন্থাসমূহে পৰিস্থিতিতন্ত্ৰৰ অৱনমনত বৃহৎ অৰিহণা যোগাইছে। যি কি নহওক , পৰিস্থিতিতন্ত্ৰক আমি পুনৰুদ্ধাৰ কৰিবই লাগিব । পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ বা পুনৰ সংস্থাপনে অৱনমন ঘটা পৰিস্থিতিতন্ত্ৰক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে বুজায় । পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত আমাৰ বহুতো দায়িত্ব আছে । আমি নিজৰ ঘৰতে কম শক্তি ক্ষয় হোৱা এল.ই.ডি. বাল্ব , ফ্ৰীজ , টিভি আদি ব্যৱহাৰ কৰিব লাগে । পাৰ্যমানে সৌৰশক্তি ব্যৱহাৰ কৰাটো খুবেই লাভদায়ক । পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে আমি বহনক্ষম উন্নয়নৰ ধাৰণা আঁ‌কোৱালি ল’ব পাৰো । আমি এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে । সহজে মাটিত পচি যোৱা পচনশীল মৰাপাটৰ মোনা , মাটিৰ পিয়লা আদি ব্যৱহাৰ দ্ৰুতহাৰত কৰিব লাগে । প্লাষ্টিক জীৱকুলৰ বাবে অভিশাপস্বৰূপ । প্ৰায় ৫০০ বছৰ ধৰি ই অপচনশীল অৱস্থাত থাকে । প্লাষ্টিকৰ সামগ্ৰীৰ দ্বাৰাই আজি মাটি প্ৰদূষিত হৈছে , সাগৰ প্ৰদূষিত হৈছে । ফলত মাটিৰ গুণাগুণ নাইকীয়া হৈছে। কৃষকে অত্যধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে আৰু মানৱসমাজত নানান ব্যাধিয়ে গা কৰি উঠিছে ।
আমি কিছুমান সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত ‘ পুনৰাবৰ্তন ‘ পদ্ধতিৰ ব্যৱহাৰ যথোপযুক্ত । জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীসমূহে আমাক পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ সম্ভৱপৰ কৰি তুলিব । এইক্ষেত্ৰত আমাৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে যথেষ্ট কৰণীয় আছে । আমি যিমান পৰা যায় সিমান গছ ৰোপণ কৰিব লাগে । সেউজীয়া উদ্ভিদেই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত অনবদ্য অৱদান আগবঢ়াব ।
আমি যুৱপ্ৰজন্মৰ এই ক্ষেত্ৰত তীক্ষ্ণ তৰোৱালৰ দৰে সজাগ আৰু সচেতন হ’ব লাগিব । আমাৰ যথেষ্ট কৰণীয় কাম আছে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত । যুৱশক্তি হৈছে ৰাষ্ট্ৰশক্তি । আজিৰ ছাত্ৰ ভৱিষ্যতৰ ধৰণীস্বৰূপ আৰু দেশৰ নিৰ্মাতা । আমি স্বামী বিবেকানন্দই যুৱকসকলৰ প্ৰতি ৰখা আহ্বানেৰে অনুপ্ৰাণিত হৈ উদ্বুদ্ধ হ’ব পাৰো ।
সম্প্ৰতি ছ’চিয়েল মিডিয়াৰ যুগ । গতিকে আমি এই প্লেটফৰ্মখন ইতিবাচক চিন্তাৰে কাৰ্যতৰ কৰিলে সমাজলৈ ই সুখৰ বাৰ্তা কঢ়িয়াব । আমি যুৱক-যুৱতীসকলে ছ’চিয়েল মিডিয়া অৰ্থাৎ , সামাজিক সংবাদ মাধ্যমৰ জৰিয়তে পৰিৱেশ সজাগতাৰ আন্দোলন তীব্ৰতৰ কৰি তুলিব পাৰো আৰু ইয়াক সমাজৰ সিৰাই-উপসিৰাই প্ৰৱাহিত কৰিব পাৰো । আমি যুৱপ্ৰজন্মই এক মহান লক্ষ্য আগত ৰাখি পৰ্যাপ্তপৰিমাণে বৃক্ষৰোপণ কৰিব লাগিব । বৃক্ষৰোপণ কৰি সংবাদশীৰ্ষ দখল কৰিলেই নহয় গছপুলিসমূহৰ সংৰক্ষণৰ যথোপযুক্ত ব্যৱস্থা অৱলম্বন কৰিব লাগিব । আমি যুৱপ্ৰজন্মই গাঁ‌ৱে-ভূঞে থকা ক্ষুদ্ৰ আৰু কূটীৰ উদ্যোগসমূহক এক নতুন ৰূপ দি কাৰ্যক্ষম কৰিব পাৰো । যাৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণে মৰাপাটৰ মোনা , মাটিৰ পাত্ৰ , সূতাৰ কাপোৰ আদি উৎপাদন হয় । তাৰোপৰি খেতি পথাৰত বাঁ‌হৰ বেৰ দিয়া পদ্ধতি অৱলম্বন কৰিব পাৰো ।
গতিকে এই কাৰ্য্যসমূহক আমি বাস্তৱত ৰূপ দিবলৈ সকলোৰে ঐক্যমত লাগিব আৰু ঐক্যবদ্ধ হ’ব লাগিব । ইয়াৰ বাবে প্ৰতিটো পদক্ষেপতে  আৱশ্যক হ’ব জেষ্ঠজনৰ দিহা-পৰামৰ্শ আৰু উৎসাহপূৰ্বক মন্তব্য । ইংৰাজীত এষাৰ কথা আছে – ” Think globally act locally . ”  অৰ্থাৎ , নিজৰ অঞ্চলটোৰ হকে কাম কৰা মানে ভূ-গোলকৰ বিষয়ে চিন্তা কৰা । “জোৰ পুৰি হাত পালেহি “- গতিকে আমি সকলোৱে প্ৰকৃতিক উদ্ধাৰ তথা পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ হকে চিন্তা আৰু কাম কৰাৰ সময় আহি পৰিছে । এই পৃথিৱীত আমি জন্মগ্ৰহণ কৰিছো , এই বিনন্দীয়া পৃথিৱীখন আমাৰ । গতিকে আমি কাম কৰো বহুজনৰ হিতৰ বাবে , বহুজনৰ সুখৰ বাবে । আমি এজাক আলোকসন্ধানী দূৰন্ত পথিক ।