সাজ – পোছাক – দীপাঞ্জলি ভাট্টাচাৰ্য্য

pc Holidify

সাজপোছাক

দীপাঞ্জলি ভাট্টাচাৰ্য্য

আজিৰ আধুনিক সমাজত কিশোৰী তথা যুৱতীসকলৰ সাজ পোছাকক লৈ বহু ক্ষেত্ৰত ভিন্নজনে ভিন্ন মত পোষণ কৰা দেখা যায়, কিছুসংখ্যক লোকে কব বিচাৰে – সাজ – পোছাকৰ বাবেই আজিৰ মহিলাসকল যৌন নিৰ্য‍্যাতনৰ বলি হৈছে। কিন্তু এনে নিৰ্য‍্যাতন সাজ – পোছাকৰ বাবেই হৈছে বুলি একে আষাৰে জানো কব পাৰি। যিহেতু কিছুমান ৰাজ্যত ওৰনিৰ তলত আবুৰতাৰে থকা মহিলাসকলতো বাদেই শিশু কন‍্যাও এই নিৰ্য‍্যাতনৰ পৰা সাৰি যোৱা নাই, অথচ এই কণ কণ কন্যাসকলৰ এই বয়সত সাজ – পোছাকহে নালাগে পৃথিৱীৰ কি বস্তু ভাল বা বেয়া সেইয়া ভালদৰে বুজিও নাপায়, নিজ মাতৃয়ে পিন্ধাই দিয়া ফুটফুটীয়া ৰঙচঙীয়া ফ্ৰকটো পিন্ধি পখিলাৰ দৰে দৌৰি-ঢাপৰি ওমলি-জামলি লগৰীয়াৰ সৈতে খেলাৰ বয়স এতিয়া। কিন্তু এই ফুল কুমলীয়া বয়সতে স্কুল, বাছ আস্থান, গাড়ী বা নিজা ঘৰখনতে যৌন নিৰ্য‍্যাতনৰ বলি হৈ মৃত্যুক আকোঁৱালি ল’ব লগা হয়। এনে কৰুণ আৰু মৰ্মান্তিক ঘটনা সঘনে সংবাদ মাধ‍্যমত প্ৰকাশ তথা সম্প্ৰচাৰ হৈ থকা আমি দেখিবলৈ পাওঁ, যি অতি হৃদয় বিদাৰক।

প্ৰকৃততে বৰ্তমান সমাজত নাবালিকা, কিশোৰী, মহিলা কোনো, ক’তো সুৰক্ষিত নহয়। পিছে এনে ধৰণৰ জঘন্য অপৰাধ সমূহ বৃদ্ধি হোৱাৰ মূলতে সাজ – পোছাক বুলি ক’লে ভুল কোৱা হব কিয়নো ধৰ্ষণৰ দৰে অপৰাধৰ ‌‌ক্ষেত্ৰত মহিলাৰ সাজ – পাৰৰ ভূমিকা যে তেনেই নগন্য সেইয়া ইতিমধ্যে প্ৰমাণিত হৈছে, অৱশ্যে এটা কথা সত্য যে আমি পোছাক পৰিধানৰ ক্ষেত্ৰত অধিক সচেতন হোৱা উচিত; পৰিৱেশলৈ লক্ষ্য ৰাখি কেনেধৰণৰ পোছাক পিন্ধিলে আমাৰ সৌন্দৰ্য ফুটি উঠাৰ লগতে ব‍্যক্তিত্বও প্ৰকাশ পায় তেনে সাজহে পিন্ধিব লাগে। সময়ৰ লগে লগে সাজ-পোছাকৰ যথেষ্ট পৰিৱৰ্তন হৈছে তথাপিও সুন্দৰ পোছাক পৰিধানে মানুহৰ ৰুচিৰো পৰিচয় দাঙি ধৰে, আৰু শালীনতা বজাই সুবিধাজনক পোছাক পিন্ধাটো এটা কলাও বুলি কব পাৰি , অন্য হাতে আধুনিক পোছাক পিন্ধিলেহে যে আধুনিক হব পাৰি সেইটো নহয়, মনৰ চিন্তাধাৰাও আধুনিক হ’ব লাগিব। ৰাস্তা ঘাট বজাৰ সমাৰত চুটি চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰাটো সাধাৰণতে দৃষ্টি কটু হয়, আচলতে সাজযোৰ পিন্ধোতে ধ‍্যান দিব লাগে যে তেওঁক তেনেধৰণৰ সাজে শুৱাইছেনে নাই, তদুপৰি কিছুমান পোছাক কিছুমান নিৰ্দিষ্ট স্থানত পিন্ধিলেহে শোভা বাঢ়ে; সেইবাবে বিশেষকৈ কন্যাসন্তানক সাজ- পোছাক পিন্ধাৰ ক্ষেত্ৰত মাতৃগৰাকীৰ কৰণীয় অধিক, এগৰাকী মাতৃ হিচাবে সৰুৰে পৰা কন্যাসন্তানক পৰিৱেশ অনুযায়ী সামাজিক অনুষ্ঠানত পিন্ধা সাজ সজ্জাৰ ওপৰত কিছু জ্ঞান দিলে ভবিষ্যতে কেতিয়াও দৃষ্টি কটু হব লগাত নপৰিব, নাৰী বা ছোৱালী বুলিলে ন ন ষ্টাইলৰ সাজ পাৰৰ প্ৰতি আকৰ্ষিত হোৱাটো নুই কৰিব নোৱাৰি, সেয়ে বহু মাতৃয়ে নিজা কন্যা সন্তানক বিভিন্ন ষ্টাইলৰ পোছাক পিন্ধাই ভাল পায়, কিন্তু ডাঙৰ হৈ অহাৰ লগে মাতৃগৰাকীয়ে সচেতন হৈ পোছাকৰ ওপৰত চকু দিয়া দৰকাৰ।

আজিৰ যুগত পুৰুষৰ দৰে প্ৰায়ভাগ ছোৱালীয়ে পঢ়া শুনা কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ চৰকাৰী, বেচৰকাৰী বা ব‍্যক্তিগত খণ্ডৰ কোম্পানী শিক্ষা প্ৰতিষ্ঠান আদিত চাকৰি কৰি আত্মনিৰ্ভশীল হৈ জীৱন কটায়, তেওঁলোকে কৰ্মক্ষেত্ৰলৈ যাওঁতে যি ধৰণৰ পোছাক পিন্ধাৰ দৰকাৰ বা আৰামদায়ক তেনে পোছাক পিন্ধাৰ ওপৰতহে গুৰুত্ব দিব লাগে, পৰিষ্কাৰ পৰিচন্নতাই যিদৰে মানুহক আনন্দ দিয়ে ঠিক সেইদৰে সুন্দৰ পৰিষ্কাৰ কাপোৰ এযোৰেও মানুহৰ মনটোক প্ৰফুল্লিত কৰি তোলাৰ উপৰি আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে। সুন্দৰ বুলি ক‌ওঁতে কাপোৰযোৰ যে নামাঙ্কিত (Branded) বা দামী হ’ব লাগিব , সেইটো নহয়, পৰিপাটীকৈ শালীনতা ৰাখি পিন্ধা পৰিষ্কাৰ কাপোৰযোৰৰ সৈতে আপোনাৰ সু-ব‍্যৱহাৰে আনকো আকৰ্ষিত কৰিব, আজিকালি বহু আগশাৰীৰ কোম্পানীত আধুনিক পোছাক যেনে – ফৰমেল ট্ৰাউজাৰ, স্কাৰ্ট টপ সহ ষ্টকিং, ছাফাৰী চুট তথা একে ডিজাইনৰ শাৰী আদি পিন্ধাৰ নিয়ম এনে একে ধৰণৰ পোছাক পৰিধানে কোম্পানীৰ গাম্ভীৰ্য‍্য বঢ়াই ৰখাৰ বাদেও তেওঁলোকৰ ব্যক্তিত্ব প্ৰকাশতো সহায়ক হয়। শিক্ষানুষ্ঠানত চাকৰি কৰা মহিলাসকলে পৰাপক্ষত বিদ্যালয়খনৰ পৰিৱেশ শুৱনি কৰি ৰাখিবলৈ শাৰী বা মেখেলা চাদৰ পিন্ধিলে শিক্ষয়িত্ৰী গৰাকীৰ সন্মান ছাএ- ছাত্ৰীৰ মাজত সদায় অটুট থাকে।

যি হ‌ওঁক, সাম্প্ৰতিক সময়ত চাকৰিয়াল বা গৃহিনীয়েই হ‌ওঁক বেছি সংখ্যক মহিলাই নিজৰ সুবিধানুযায়ী চেলেৱাৰ কামিজ, লেগিংছ, জিনছ কুৰ্ত্তা আদি পিন্ধি নানা ঠাইলৈ ওলাই যায় ঠিকেই কিন্তু আমাৰ সামাজিক অনুষ্ঠান, বিহু, পূজা আদিৰ দৰে উৎসৱ সমূহত আমাৰ জাতীয় পোছাক পিন্ধিলে আমাৰ লগতে ‌এটা জাতিৰ চৰিত্ৰ, সভ‍্যতা, সংস্কৃতি প্ৰতিফলিত হয়, সেইবাবে আমাৰ পৰম্পৰাগত মেখেলা চাদৰযোৰ পৰিধান কৰিলে আমাৰ নতুন প্ৰজন্ম‌ই আমাকে অনুসৰণ কৰিব। অসমৰ বাহিৰতো অৰ্থাৎ দেশ-বিদেশতো আমাৰ মেখেলা চাদৰে যথেষ্ট সমাদৰ পাইছে বাহিৰৰ  আ-অনুষ্ঠান সমূহত আমাৰ মেখেলা চাদৰযোৰ পিন্ধি গ’লে কাপোৰযোৰৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশৰ লগতে আমাৰ শিপিনীৰ কাৰুকাৰ্যকো প্ৰশংসা কৰে তাতে আজিকালি বিভিন্ন অনুষ্ঠানত মডেল বা চেলিব্ৰেটী সকলে আমাৰ ডিজাইনাৰে প্ৰস্তুত কৰা আকৰ্ষণীয় এই সাজযোৰ পিন্ধি ৰেম্পত খোজ দিলে গৌৰবান্বিত হ‌ওঁ, গতিকে আমাৰ পৰম্পৰাগত সাজপাৰৰ প্ৰতি সজাগ হৈ নিজে পিন্ধি আৰু নিজ কন্যাক সামাজিক আ-অনুষ্ঠানত আবুৰতাৰে পিন্ধিবলৈ উৎসাহিত কৰক; তেহে “লজ্জা নাৰীৰ ভূষা” বাক‍্যশাৰী প্ৰযোজ‍্য হ’ব।