সাজপাৰ বনাম নগ্নতা
সাজপাৰ হ’ল আমাৰ আভূষন। যিয়ে আমাক আমাৰ শৰীৰটো আৱৰি ৰখাত সহায় কৰে । আদিম যুগত মানুহে গছৰ পাত , ছাল আদি পৰিধান কৰিছিল। তেওঁলোকে সভ্যতাৰ পোহৰ দেখা নাছিল। সভ্যতাৰ পোহৰ পোৱাৰ লগে লগে আমি বস্ত্ৰ পৰিধান কৰিবলৈ শিকিলোঁ। কবলৈ গ’লে আমাৰ অসমীয়া পোচাকজোৰে জীয়ৰী বোৱাৰী সকলোকে ধুনীয়া দেখে। এই পোচাকজোৰ ভালকৈ পিন্ধিলে তাত নগ্নতা দেখিবলৈ পোৱা নাযায় । আমি প্ৰয়োজন সাপেক্ষে চাদৰ মেখেলাৰ পৰিবৰ্তে বেলেগ সাজপাৰ পৰিধান কৰিব লগা হয়। মই ভাবোঁ শৰীৰটো ভালদৰে আবৰি থকা যি কোনো কাপোৰ পিন্ধিলে পুৰুষ বা মহিলাৰ নগ্নতা প্ৰকাশ নাপায়। কিন্তু আজিকালি নতুন প্ৰজন্মৰ কিছুমান ল’ৰা ছোৱালীৰ পোচাক দেখিলে আমাৰ নিজৰে লাজ লাগে। মনতে ভাব হয় মাক – দেউতাকে একো নকয় নেকি ? এইবোৰৰ কাৰনে আজিকালি সমাজত ধৰ্ষণ , শালীনতা হানি আৰু অপৰাধ কাৰ্য বেছি হোৱা হৈছে। মোৰ শাহুঁমায়ে সদায় কয় ল’ৰাবোৰে চিনেমাত উপৰৰ পৰা তললৈকে কাপোৰ পিন্ধে কিন্তু ছোৱালীবোৰে কিয় ইমান চুটি কাপোৰ পিন্ধে ? কথাটো নোহোৱা নহয়। মাহঁত আগৰ দিনৰ মানুহ। মাহঁতে এইবোৰ দেখিলে চকু কটকটাই থাকে। আগতকৈ বৰ্তমান সমাজখনৰ বহুতো পৰিৱৰ্তন হ’ল। কিন্তু পৰিবৰ্তন হ’লেও আমি আমাৰ নিজচ্ছতা কেতিয়াও হেৰুৱাব নালাগে। গতিকে পুৰুষ বা মহিলা উভয়ে সাজযোৰ পিন্ধিলে যেন আমাৰ নগ্নতা প্ৰকাশ নাপায় তেনেকোৱা সাজপাৰ পৰিধান কৰিব লাগে। লগতে আমি মাকবোৰ ও সচেতন হ’ব লাগে ল’ৰা ছোৱালীৰ পোচাক পৰিধান কৰাৰ ক্ষেত্ৰত। এযোৰ মাৰ্জিত পোচাক বা সাজপাৰেই হ’ল আমাৰ ব্যক্তিত্বৰ পৰিচয়।
হিমাদ্ৰী বৰকটকী
নগাঁও