অণুগল্প
সাক্ষী
যুগান্ত দাস ,ভৱানীপুৰ , বৰপেটা
য’ত য’ত প্ৰশ্নৰ উৎপত্তি হয় তাতেই উত্তৰো লুকাই থাকে । তেনে এটা প্ৰশ্নৰে আজি সাগৰিকাই উত্তৰ বিচাৰি পালে । শাহুৱেকৰ পৰা তাই আজি দহ বছৰে মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ব নোৱাৰাৰ বাবে যি কৰ্কথনা শুনি আহিছিল তাৰ বাবে তাই কোনো ফালৰ পৰাই অক্ষম নাছিল । তাইৰ অক্ষমতা থাকিলে আজি তাইৰ গৰ্ভত ভ্ৰূণে থিতাপি নল’লেহেতেন । তাইৰ গৰ্ভত বাঢ়িব ধৰা ভ্ৰূণেই সেই কথাৰ সাক্ষী । শাহুৱেক তথা সমাজৰ ইতিকিঙবোৰেই তাইক অম্লানৰ ওচৰ চপাই নিছিল ।