সাংবাদিক দিপেন ভৰালীৰ কাব্যগ্ৰন্থ “মহানগৰীৰ কোনটো গলিত হেৰাই গ’লা মনীষা” উন্মোচন

সাংবাদিক দিপেন ভৰালীৰ কাব্যগ্ৰন্থ “মহানগৰীৰ কোনটো গলিত হেৰাই গ’লা মনীষা” উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত চান্দমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত ৭ জানুৱাৰীত প্ৰতিশ্ৰুতিবান কবি তথা সাংবাদিক দিপেন ভৰালীৰ কাব্যগ্ৰন্থ “মহানগৰীৰ কোনটো গলিত হেৰাই গ’লা মনীষা” শুভ উন্মোচন কৰি “দৈনিক অসম”ৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে কয়- ” কাব্য পথাৰখনত চিনাকি নাম দিপেন ভৰালী । কবিতাৰে মাটি মানুহৰ কথা কোৱা ভৰালীৰ কবিতাত সমাজৰ এখন বাস্তৱ ছৱি প্ৰস্ফুটিত হয় । গ্ৰাম্যাঞ্চলৰ জনজীৱন, ইয়াৰ পৰিকাথামা প্ৰকাশত কবি ভৰালীৰ চিন্তা অভিনৱ ।” সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই সভাত অংশ লৈ কয়- “কবিতাৰে মানুহৰ হৃদয় জয় কৰিছে দিপেন ভৰালীয়ে । কবিতাত পুঞ্জিভূত কৰিছে মানুহৰ ব্যথা, মানুহৰ জীৱনবোধ । এদিন দিপেন ভৰালীয়ে কবিতাৰে বিশ্ব জয় কৰিব পাৰিব ।” সভাত এম আৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অপূৰ্ব কলিতা, সাংবাদিক চন্দন দাস, ৰন্টু নেওগ, চন্দন কলিতা, বসন্ত দাস, হিৰণ্য কুমাৰ বৰ্মন , আব্দুল হালিম, অনুজ শৰ্মা, কবি পত্নী অপৰাজিতা ভৰালী উপস্থিত থাকে । সভাত কবি দিপেন ভৰালীয়ে নিজৰ বক্তব্যত নিজৰ সৃষ্টিৰ অন্তৰালৰ কথা সাৱলীল ভাষাৰে কয় ।