সম্প্ৰীতি-ভ্ৰাতৃত্ববোধৰ প্ৰেম বিলাই ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন: বিভিন্ন জনৰ শুভেচ্ছা
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো পৱিত্ৰ “ঈদুল ফিটৰ” উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ উপবাস থকাৰ পাছত পৰম্পৰাগত ভাৱে ঈদ উদযাপন কৰে। ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ”ত প্ৰায় আঠ-দহ হাজাৰ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। শাৰীবদ্ধ ভাৱে কান্ধত কান্ধ মিলাই নামাজ পঢ়া এই দৃশ্য অতি মনোমোহা। ঈদৰ নামাজত ইমামতি কৰে গ্ৰাহাম বজাৰ মছজিদৰ পেচ ইমাম মুফতি আলহজ্ব আব্দুৰ ৰহমানে। নামাজৰ অন্তত ইমাম গৰাকীয়ে হিন্দু ,মুচলিম,খৃষ্টান শিখ,ইছাই সকলোৰে মাজত সাতাম পুৰুষীয়া মিলা প্ৰীতি, সম্প্ৰীতি আৰু বিশ্বভ্ৰাতৃত্বৰ কথা কোৱাৰ লগতে বিশ্বশান্তিৰ কামনা কৰি তেওঁ দোৱা- আশীৰ্বাদ কৰে। নামাজৰ অন্তত ঈদগাহ কমিটিৰ সম্পাদক আলহজ আমানুল্লা আনচাৰিয়ে উপস্থিত সকলোকে ঈদ মোবাৰক আৰু ধন্যবাদ জনায়। শলাগৰ শৰাই আগবঢ়ায় ঈদগাহ কমিটিৰ সম্পাদক আলহজ চৌকত আলিয়ে। তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, বিদ্যুৎ বিভাগ, ডিব্ৰুগড় পৌৰসভা আৰু সংবাদ মাধ্যমৰ লগতে ঈদগাহৰ কৰ্মী সকলক তেঁওলোকে আগ বঢ়োৱা সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ত বতৰ ফৰকাল হোৱা বাবে ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা “আলহজ জালালউদ্দিন আহমেদ ঈদগাহ”ত প্ৰায় দুই হাজাৰ লোকে নামাজত অংশ গ্ৰহণ কৰে। ইয়াত ইমামতি কৰে অসম জামিউল মাদ্ৰাছাৰ মুখ্য মৌলানা মঞ্জুৰ আহমেদে। তেওঁ বিশ্ব শান্তিৰ বাবে পৰম কৰুণাময়ৰ ওচৰত দুহাত তুলি দেশৰ দহৰ বাবে প্ৰাৰ্থনা কৰে। ডিব্ৰুগড়ত থকা ২৮ টা মছজিদটো শান্তিপূৰ্ণ ভাৱে ঈদৰ নামাজ অনুষ্ঠিত হয়। ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে। ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান,কোষাধ্যক্ষ নেজিব হুছেইন ছাব্ৰী , চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাঃ আহমেদউল্লা খান, সম্পাদক এম হাছিম আলী, উপ-সভাপতিদ্বয় আলহজ চেহিৰ আহমদ, আব্দুল খালেক, ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আলহজ্ব আমান উল্লা আনচাৰি, সম্পাদক আলহজ্ব চৌকত আলি, কাৰ্যকৰি সভাপতি আব্দুল চাজিদ, ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সভাপতি আলহজ মৌলানা আইনান জুবেৰী,সম্পাদক আলহজ্ব নাচিমুল গণি, ডিব্ৰুগড় ইমাম পৰিষদৰ সভাপতি আলহজ্ব মৌলানা ছবিৰ আহমেদ, সম্পাদক আলহজ্ব মৌলানা আতিকুৰ ৰহমান কাচিমী, আমোলাপট্টি ঈদগাহ কমিটিৰ সভাপতি আলহজ ছবিৰ আহমেদ, সম্পাদক জাৱেদ ৰহমান আদি বিভিন্নজনে ঈদৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছে।