সম্প্ৰতি অসমত সম্প্ৰীতিৰ সংগ্ৰাম- ফখৰুদ্দিন আহমেদ

Pc-Mahabahoo

সম্প্ৰতি অসমত সম্প্ৰীতিৰ সংগ্ৰাম

ফখৰুদ্দিন আহমেদ

সাম্প্ৰতিক সময়ত মাতৃভুমি অসমত ঐতিহাসিক সত্যবোৰ যেন বিকৃত হ’বলৈ গৈ আছে। কিন্তু এই ক্ষেত্ৰত ইতিহাসবিদ সকলৰ মন্তব্য মন কৰিবলগা।” ইতিহাস বিকৃতি কৰিব পাৰি কিন্তু সলনি কৰিব নোৱাৰি ” এয়াই আছিল তেখেত সকলৰ চৰম সত্য মন্তব্য। এটা জাতিৰ অতীত সেই জাতিৰ উত্তৰ প্ৰজন্মৰ বাবে যিদৰে ভবিষ্যতৰ গৌৰৱোজ্বল দিনবোৰৰ বুনিয়াদ নিৰ্মানৰ পৰিকাঠামো স্বৰূপে নিৰ্নিত হ’ব পাৰে ঠিক সেইদৰে ধৰ্ম , জাতি , সম্প্ৰদায় আৰু ভাষিক দিশত বৈষম্য থাকিলেও জাতিৰ গঠন প্ৰক্ৰিয়াত শান্তি , সমন্বয় আৰু সম্প্ৰীতিয়ে অনন্য ৰূপত মূলধন হিচাপে কাম কৰে। এই দিশটো কাৰ্যকৰী হ’বলৈ হ’লে প্ৰথমতে বৈষম্যৰ মাজত ঐক্যৰ সাধন কৰি সমগ্ৰ জাতিটোয়ে বিশ্ব মানবৰ সমুখত সকলো ধৰনৰ পৰিস্থিতিত থিয় দি থাকিব পাৰিব লাগিব। ওপৰোক্ত সমূহ বিষয়ৰ আলোচনা এগৰাকী অসমীয়া হিচাপে বিশ্লেষন সাম্প্ৰতিক সময়ত যদি কৰিবলৈ লোৱা হয় তেতিয়া বিশেষকৈ যুব প্ৰজন্মৰ মাজত শান্তি , সমন্বয় আৰু সম্প্ৰীতিৰ দিশটোত বহু ক্ষেত্ৰতেই নেতিবাচক দিশৰ পয়োভৰ দৃষ্টিগোচৰ হয়। সম্প্ৰতি ভাৰত তথা অসমৰ ৰাজনীতিত ধৰ্মীয় উগ্ৰতা আৰু অসহনশীলতাৰ উপস্থিতি নিৰ্মম ভাবে সত্য। এনে এক পৰিবেশ সৃষ্টি কৰা হৈছে যেন ৰাজনীতিৰ ক্ষেত্ৰখনিত সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত ধৰ্ম নিৰপেক্ষতা , বাক স্বাধীনতা আৰু জীয়াই থকাৰ অধিকাৰ আদি বিষয়বোৰ সাধাৰন জনতাৰ জীৱনত অসাৰ প্ৰতিপন্ন হ’বলৈ গৈ আছে।এই দিশবোৰৰ উত্থান বিশেষভাবে কেন্দ্ৰত বি জে পি দলে ইং ২০১৪ চনত চৰকাৰ গঠন কৰা সময়ৰ পৰা আৰম্ভ হোৱা বুলি ক’লে নিশ্চয় অত্যুক্তি কৰা নহয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছে আৰু হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰতিষ্ঠাতা দীন দয়াল উপাধ্যায়ক ভাৰতবাসীৰ জন মানসত নব ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ সকলো ধৰনৰ প্ৰচেষ্টা অব্যাহত ৰখা বি জে পি দলৰ মূল এজেণ্ডা যে হিন্দুত্ববাদ প্ৰতিষ্ঠা সেয়া জনতাৰ মাজত জল্ জ্ পট্ পটকৈ ওলাই পৰিছে সেয়া নিশ্চিত। দেশ তথা ৰাজ্যৰ জনতাক মহামাৰী কভিড ১৯ ৰ সংক্ৰমন আৰু প্ৰতিৰক্ষাৰ বাবে চৰকাৰে গ্ৰহন কৰা ল’ক ডাউন কাৰ্যই আৰ্থিক ভাবে সাংঘাটিক ধৰনে জোকাৰি থৈ গৈছে।এনে পৰিপ্ৰেক্ষিতত চৰকাৰে বিশেষকৈ মধ্যবিত্ত শ্ৰেনীৰ জনতাক মাহিলী হিচাপত অৰ্থ সাহায্য দিব লাগিছিল। কিন্তু তাকে নকৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কিছুমান আঁচনিৰ সৃষ্টি কৰি বিশেষ ভাবে গাঁও , আঞ্চলিক পঞ্চায়ত তথা জিলা পৰিষদ লগতে পৌৰ নিগম/নগৰ উন্নয়ন বিভাগৰ জৰিয়তে হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে সকাহৰ ব্যবস্থা কৰিছে। এনে ধৰনৰ প্ৰক্ৰিয়াৰ বাবে এসময়ত কংগ্ৰেছ দূৰ্নীতিৰ বোকাত পোত গৈছিল যাৰ বাবে আমাৰ অসমৰ জনতাই সেই দলক দিছপুৰৰ বিদায় জনাইছিল। চলিত সময়ত অসমত কিছুমান কাৰ্যকলাপে এটি বিশেষ জনগোষ্ঠীক ভীতিগ্ৰস্থ কৰি তোলাৰ লগতে দুই এক বিশেষ ব্যক্তিয়ে অসমৰ কৌটি-কলীয়া সাম্প্ৰদায়িক এনাজৰিডাল চিন্ন ভিন্ন কৰিবলৈ এটি বিশেষ ধৰ্মীয় লোকক নিৰবচ্ছিন্ন ভাবে যিমান পাৰি সিমান অসৌজন্যমূলক ভাষাৰে নিন্দা কৰি আছে।এক প্ৰকাৰ লেকামবিহীন ভাবে। ইং ১৯৭৯ চনৰ পৰা ইং ১৯৮৫ চনলৈ অসমত হোৱা অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিৰ ৰূপায়নত ব্যৰ্থ হোৱা চৰকাৰী ব্যবস্থাৰ বিৰূপ প্ৰভাবে অসমৰ চৰ-চাপৰিত বসবাস কৰা মিঞা জনগোষ্ঠীৰ জীৱনলৈ এক ভয়াবহসংকট সাম্প্ৰতিক সময়ৰ বি জে পি চৰকাৰৰ আমোলত হোৱা উচ্ছেদ অভিযানে কঢ়িয়াই আনিছে। চৰ-চাপৰিত হোৱা উচ্ছেদৰ অন্তৰালত থকা বিষয়টি হ’ল মিঞা জনগোষ্ঠীৰ মানুহবোৰ সন্দেহযুক্ত বা অবৈধ নাগৰিক। বিগত ৩৬ বছৰে সন্দেহযুক্ত বা অবৈধ নাগৰিক বুলি ঘোষিত হৈ থকা চৰ-চাপৰিবাসীৰ নাগৰিকত্ব সম্পৰ্কত উপযুক্ত চৰকাৰী পৰ্যবেক্ষন নোহোৱাটো সেই খাটিখোৱা মানুহবোৰৰ দোষ নেকি? মিঞা জনগোষ্ঠীৰ মাজত থকা মাটিৰ দালাল সকলক তদন্ত অনুযায়ী গ্ৰেপ্তাৰ কৰিলেহে সকলো কথাই প্ৰকাশ হৈ পৰিব। এই যে উচ্ছেদ সেয়া চৰকাৰে অনুমোদন জনোৱা প্ৰকল্পবোৰ ৰূপায়ন কৰাৰ কাৰনে নে অসম চুক্তি ৰূপায়নৰ বাবে? এই বিষয় বিলাকো চৰকাৰে প্ৰকাশ কৰা উচিত। কাৰন অসমতো এতিয়া আদানি , আম্বানীৰ দৰে পুঁজিপতি ব্যবসায়ীৰ দপদপনি আৰম্ভ হোৱাৰ দিশত।এনে ধৰনৰ উচ্ছেদ অভিযানৰ লগত ভোটৰ অংকও জৰিত আছে বুলি বহুতে ক’ব খোজে। কাৰন অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি ভাবে ব্যক্ত কৰিছিল যে বি জে দলক মিঞা জনগোষ্ঠীয়ে ভোট নিদিয়ে কাৰনে মিঞা সকলৰ পৰা বি জে পিয়ে ভোট নিবিচাৰে ।কিন্তু মিঞা সকলৰ উন্নয়নমূলক কামবোৰ বি জে পি চৰকাৰে নিশ্চয়কৈ কৰি যাব। এই উচ্ছেদ ভয়-ভীতিৰে মিঞা সকলৰ পৰা ভোট আদায় কৰাৰ এটি প্ৰক্ৰিয়াও হ’ব পাৰে। ইফালে ৪/৫ বছৰ পূৰ্বৰ পৰা ইছলাম ধৰ্ম , হজৰত মহম্মদ ছঃ আৰু কোৰান গ্ৰন্থ সম্পৰ্কত বিৰূপ মন্তব্যৰে অসমত এটি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যত্নৰ কিঞ্চিতমানো ত্ৰুটি নকৰা সত্যৰঞ্জন বৰা সম্পৰ্কত অসমৰ সাধাৰন প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা সাম্প্ৰতিক সময়লৈ কোনো ধৰনৰ আইনগত ব্যবস্থা গ্ৰহন কৰা দৃষ্টিগোচৰ হোৱা নাই। দিনক দিনে সত্যৰঞ্জন বৰাৰ ইছলাম ধৰ্মৰ সম্পৰ্কত বিকৃত মন্তব্যৰ পৰিমান কমা নাই বাঢ়িহে গৈছে। বৰাই কেৱল ইছলাম ধৰ্ম , হজৰত মহম্মদ ছঃ আৰু কোৰান গ্ৰন্থৰ ওপৰত বিকৃত মন্তব্য কৰিয়েই এৰি দিয়া নাই , তেওঁ ইং ১৬৩৬ খ্ৰীষ্টাব্দত সুদূৰ ইৰাকৰ বাগদাদ চহৰৰ পৰা আহি শিবসাগৰ জিলাৰ শ’ৰাগুৰি চাপৰিত বসতি কৰি স্থানীয় অসমীয়া ভাষা নিৰ্ভুল ভাবে শিকি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব আৰু শ্ৰী শ্ৰী মাধব দেবৰ বৰগীতৰ আৰ্হিত ৰছনা কৰা জিকিৰ সম্পৰ্কটো যথেষ্ঠ পৰিমানে বিতৰ্কিত মন্তব্য কৰিছে। বৰাই পাকে প্ৰকাৰে এইটো প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে যে জিকিৰ আজান ফকিৰে ৰছনা কৰা নাই ।বৰাৰ ভাষাত অসমৰ বৌদ্ধিক জেহাদী চৈয়দ আব্দুল মালিকেহে এই জিকিৰ ৰছনা কৰি কাল্পনিক চৰিত্ৰ আজান ফকিৰক সৃষ্টি কৰিছিল। বৰাৰ মতে আজান ফকিৰৰ মুল বাসস্থান বাগদাদ চহৰ হেনো আফগানিস্থানত। গতিকে তেওঁৰ মতে আজান ফকিৰ তালিবানী।এইজন সত্যৰঞ্জন বৰাই সংবাদ মেলত সাংবাদিক সকলৰ সমুখত এক প্ৰকাৰ ঘোষনা কৰিছে যে প্ৰয়োজন সাপেখক্ষে তেওঁ মুছলমানৰ মুন্ড চিঙি ৰক্তপান কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে।এই বিষয়বোৰ সম্পৰ্কত বৰাই হেনো গৱেষনাও কৰি আছে। এতিয়া কথা হৈছে যিজন ব্যক্তিয়ে বাগদাদ আফগানিস্থান নে ইৰাকত নাজানে , আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিৰান নে শ্বাহ মিনাৰ নাজানে সেইখন গৱেষনা গ্ৰন্থত কি লিপিবদ্ধ হ’ব বাৰু? কেৱল ইছলাম ধৰ্ম , হজৰত মহম্মদ ছঃ আৰু কোৰান গ্ৰন্থ সম্পৰ্কত নানান মনেসজা ব্যাখ্যাহে গৈ থাকিব।বৰাই লিখাৱ”ইছলাম আৰু কোৰানৰ কলংকিত কথাবোৰ ” গ্ৰন্থ খনৰ উত্তৰ স্বৰূপে মুছলমানসকলে লিখি প্ৰকাশ কৰা ” ভ্ৰান্তি ভংগ ” সম্পৰ্কত কিন্তু সত্যৰঞ্জন বৰাৰ কিন্ত কোনো প্ৰতিক্ৰিয়া এতিয়ালৈ প্ৰকাশ কৰা নাই। কাৰন কিতাপ খন তেওঁ এতিয়ালৈকে পঢ়াই নাই। ইয়াৰ কাৰন কি? আশ্চৰ্যজনক বিষয় যে এই জন সত্যৰঞ্জন বৰাৰ ওপৰত অসমৰ প্ৰায়বিলাক থানাতে গোচৰ দাখিল হৈ থকাৰ পিছতো তেওঁক এতিয়ালৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই । বৰঞ্চ তেওঁক অসম চৰকাৰে নিৰাপত্তাৰক্ষীহে প্ৰদান কৰিছে অসম আৰক্ষীৰ হতুৱায়। পিছে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অজুহাতত ধিং বিধান সভা সমষ্টিৰ বিধায়ক মৌলানা আমিনুল ইছলাম , ধৰ্মীয় সন্ত্ৰাসবাদক সমৰ্থন কৰি চ’চিয়েল মেডিয়াত পোষ্ট দিয়াৰ কাৰনে এ আই ডি ইউ এফ তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সাধাৰন সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰা হৈছিল। পিছলৈ অৱশ্যে বিধায়ক গৰাকীৰ মন্তব্যৰ সমৰ্থনত দিল্লীৰ এগৰাকী মহিলা চিকিৎসা বিষয়াৰ ভিডিঅ ভাইৰেল হৈছিল আৰু ভাৰতৰ সভাপতিত্বত আমেৰিকাত ৰাষ্ট্ৰ সংঘৰ স্থায়ী আৰু অস্থায়ী ১৩ খন দেশৰ মাজত অনুষ্ঠিত হোৱা সভাত তালিবানৰ সপক্ষে ১৩ ভোট পৰিছিল। তাৰমানে আন দেশৰ লগতে ভাৰতেও তালিবানক সমৰ্থন কৰি ভোট দিছিল।অসমৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই এনে ধৰনৰ গ্ৰেপ্তাৰ কাৰ্যকৰীকৰনৰ সময়ত সংবাদমেলত ঘোষনা কৰিছিল যে সাম্প্ৰদায়িক মন্তব্য কৰা লোকক খেদি খেদি অসম আৰক্ষীয়ে কৰায়ত্ব কৰিব। তাৰ মানে ইছলাম ধৰ্ম পৃথিবীৰ পৰা শেষ কৰাৰ সংকল্প গ্ৰহন কৰা , হজৰত মহম্মদ ছঃ ক চৰিত্ৰত কলংক সানি কোৱা কথা আৰু কোৰান খনত কেৱল যৌনতাহে আছে বুলি কৈ অসম , ভাৰত আৰু বিশ্বৰ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত কৰাটো সাম্প্ৰদায়িক নহয় নেকি? নে ৰাজনৈতিক ভাবে সত্যৰঞ্জন বৰাক এনে কামৰ কাৰনে স্পন’ছৰ কৰা হৈ আছে ? কেতিয়াবা বেয়া পোৱা ব্যক্তিৰ বক্তব্যটো সত্যতা থকা যেন লাগে। কেইদিনমান পূৰ্বে অসমৰ বিতৰ্কিত লেখিকা শিখা শৰ্মাই ফেচবুকত আপডেট দিছিল ” সত্যৰঞ্জন বৰা হিমন্ত বিশ্বৰ প্ৰডাক্ট নেকি ?” সত্যতা প্ৰতিপন্ন কৰা কঠিন যেন লাগিলেও বাক্যটি মিছা বুলি ভাবিবলৈয়ো টান লাগিল। কেৱল ধৰ্মক লৈ , হিন্দুত্ববাদক লৈ শাসনৰ বাঘজৰী খামুছি ধৰি ৰাখিবলৈ সত্যৰঞ্জন বৰাৰ দৰে এজন ব্যক্তিৰ বাৰুকৈয়ে প্ৰয়োজন ।নহ’লে একেধৰনৰ বক্তব্য প্ৰদান কৰি মৌলানা আমিনুল ইছলাম আৰু মৌলানা ফজলুল কৰিম কাছিমী জেল হাজোতলৈ গৈছিল আৰু সত্যৰঞ্জন বৰাই ওলোটাকৈ নিৰাপত্তাৰক্ষীহে পুৰস্কাৰ স্বৰূপে পাইছে। চ’চিয়েল মেডিয়া খুলি ল’লেই দেখা যায় হিন্দু-মুছলমান যুবক যুবতী সকলে এইখন ধৰ্মান্ধতাৰ ফাণ্ডত বাৰুকৈয়ে ভৰি দিছে।ধৰ্ম কোনো নাগৰিকৰেই ৰাজহুৱা পৰিচয় নহয়।যিসকলে ধৰ্মক ৰাজহুৱা ভাবে প্ৰতিষ্ঠা কৰিবলৈ আন ধৰ্মক ঘৃনাৰ ভাব দেখুৱাবলৈ কুণ্ঠাবোধ নকৰে বাস্তবিকতে সেই সকলে ব্যক্তিগত জীৱনত ধৰ্ম পালন নকৰে। ধৰ্মীয় উগ্ৰতাই সমাজ তথা জাতীয় জীৱনত শান্তি , সমন্বয় আৰু সম্প্ৰীতি পুলিয়ে পোখাই উভালি পেলায়। ধৰ্মীয় উদাৰতাই কোনো ভেদাভেদ নোহোৱাকৈ শান্তি ,সমন্বয় আৰু সম্প্ৰীতিৰ সমন্বয়ত সমাজ তথা জাতীয় জীৱন গঢ়াত প্ৰভূত সহায়ক হয়। সেই কাৰনেই কিজানি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ শিষ্যত্ব গ্ৰহন কৰিবলৈ চাঁদ খা সমৰ্থ হৈছিল , মুছলমান হোৱাৰ পিছতো ৰূপাই গৰীয়াই আজান ফকিৰৰ চকু কাঢ়িছিল কিন্তু অইন ধৰ্মৰ হোৱাৰ পিছতো আহোম স্বৰ্গদেৱে শ’ৰাগুৰি চাপৰিত আজান ফকিৰক বসবাস কৰিবলৈ ঠাই দিছিল ।এনে অলেখ উদাহৰন আছে। সাম্প্ৰতিক সময়ত আমাৰ অসমত শান্তি , সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী ডাললৈ সংকট নামি আহিছে। সেয়ে মাতৃভুমিৰ উন্নয়নৰ ক্ষেত্ৰত ধৰ্ম , জাতি, গোষ্ঠী নিৰ্বিশেষে সকলোৱে আগবাঢ়ি আহিলেহে বাস্তবত সোনৰ অসম গঢ় লৈ উঠিব।