সমাজৰ পৰিৱৰ্তিত মূল্যবোধ আৰু কিছু প্ৰাসংগিক চিন্তা – নিবেদিতা হাজৰিকা

PC Leverageedu
সমাজৰ পৰিৱৰ্তিত মূল্যবোধ আৰু কিছু প্ৰাসংগিক চিন্তা
নিবেদিতা হাজৰিকা, লখিমপুৰ
প্ৰত্যেক ব্যক্তিৰ বাবে শিক্ষাৰ পাছতে আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে মূল্যবোধৰ শিক্ষা।সামাজিক প্ৰাণী হিচাপে মূল্যবোধৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সকলোৱে বুজা উচিত। গুৰুত্ব প্ৰদান কৰা উচিত এনে বিষয় সমূহৰ ওপৰত।কিয়নো মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন -নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। সাধাৰণতে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়।  সুস্থ সমাজ এখনৰ বাবে বা সমাজৰ সুস্থিৰতাৰ বাবে মূল্যবোধৰ বিশেষ প্ৰয়োজন।কিয়নো মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নীতি-নিৰ্দেশনা যিবোৰে মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়। এই নীতি-নিৰ্দেশনা সমূহেই মানুহৰ দৈহিক ,মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ হয়।আমাৰ সামাজিক জীৱন সুস্থ ভাবে পৰিচালনা কৰিবলৈ তথা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে যি নীতি-নিয়ম, আদৰ্শৰ প্ৰয়োজন সেই সমূহ শিক্ষণ আৰু সামাজিকীকৰণৰ দ্বাৰাই মানুহে সাধাৰণতে আয়ত্ব কৰে।যাক আমি মূল্যবোধ বুলি কওঁ। সামাজিক ভাবে গ্ৰহণ যোগ্য কাম বা আচাৰ আচৰণে সমাজত সু -প্ৰভাৱ পেলায় আৰু সমাজে গ্ৰহণ নকৰা বা অসামাজিক কাৰ্য কৰাৰ ফলত সমাজত সৃষ্টি হয় নানা অবাঞ্চিত ঘটনা, অপ্ৰীতিকৰ ঘটনা। যিবোৰ  এখন সুস্থ সমাজৰ পৰিচায়ক নহয়।সময় সদাই একে নাথাকে। একে নাথাকে সমাজৰ গতি।  গতিশীল সময়ে সকলোতে  পৰিৱৰ্তন সাধন কৰে।সমাজৰ ক্ষেত্ৰতো প্ৰায় একে কথাই। কিন্তু পৰিৱৰ্তনৰ নামত, আধুনিকতাৰ  অপসংস্কৃতি, অসামাজিক  কাৰ্য কৰাৰ মানসিকতাই প্ৰকৃততে কি বুজায়?বিকৃত ৰুচিবোধ,বিকৃত মানসিকতা , বিকৃত চিন্তা কৰা লোকৰ সংখ্যা দিনক দিনে আমাৰ সমাজত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।যি সমূহে সমাজৰ সকলো স্তৰৰ লোককে প্ৰভাৱিত কৰিছে।বাস্তৱত দেখা যায় বেয়া কথাবোৰ   খুব সোনকালে মানুহৰ  মাজত বিয়পি পৰে। কিন্তু ভাল কথাবোৰৰ চৰ্চা ইমানকৈ নহয়। সাম্প্ৰতিক সময়ত সমাজৰ লোক সকলৰ বহু দিশত পৰিৱৰ্তন আহি পৰা পৰিলক্ষিত হৈছে। ৰুচিবোধৰ পৰিৱৰ্তন, জীৱনশৈলীৰ পৰিৱৰ্তন তথা জীৱনবোধৰ পৰিৱৰ্তনে সমাজৰ সচেতন মহলক ভবাই তুলিছে। শিক্ষিত নামধাৰী লোকৰ মাজতেই আজি মূল্যবোধৰ অভাৱ।বহু অভিভাৱক এই ক্ষেত্ৰত উদাসীন।উঠি অহা প্ৰজন্মৰ মাজতো নৈতিকতাৰ অভাৱ বাৰুকৈয়ে বিদ্যমান ।নহ’লেনো  অসামাজিক কামৰ প্ৰতি  ইমান নিৰ্ভয়ে আগবাঢ়ি যাব পাৰেনে? স্বয়ং বহু অভিভাৱকেই আজি সামাজিক বান্ধোন,নীতি-আদৰ্শ মানি চলিব নোখোজে। শ্ৰদ্ধাশীল নহয় মূল্যবোধৰ দৰে সামাজিক বিষয়ৰ প্ৰতি।সামাজিক পৰিৱেশ বিনষ্ট হৈ উঠাৰ কাৰণ সমূহৰ অন্যতম কাৰণ হৈছে সামাজিক মূল্যবোধৰ জ্ঞানৰ অভাৱ।সামাজিক বিশৃংখলা,অসামাজিক কাম-কাজ উদ্বেগজনক ভাবে বৃদ্ধি পাইছে,বৃদ্ধি পাইছে মানৱ ৰূপী দানৱৰ অমানৱীয় কাৰ্য। ভয়, লাজ,শংকা আদিবোৰ যেন ক্ৰমাৎ নোহোৱা হৈ আহিছে। কোনো কোনো সময়ত  মানৱতা ৰহিত কৰ্মৰে সামাজিক বান্ধোন,নিয়মৰ উলংঘা কৰিছে।এই সকলোবোৰৰ বাবে জগৰীয়া মূল্যবোধহীন মানসিকতা।আজিৰ সমাজত শিক্ষিত লোকৰ সংখ্যা সৰহ। কিন্তু ইয়াৰ মাজত কেইজন ‘প্ৰকৃত মানুহ’? নামত মানুহ হ’লেই নহ’ব।থাকিব লাগিব সামাজিক সচেতনতা। কেৱল কিতাপৰ শিক্ষাৰে শিক্ষিত হ’লেই নহ’ব,হ’ব লাগিব মূল্যবোধৰ জ্ঞানেৰে জ্ঞানী।অন্যথা সামাজিক জীৱন বিঘ্নিত হ’ব।