সমাজত নাৰীৰ স্থান- আশাৰাণী বৰুৱা 

সমাজত নাৰীৰ স্থান

 

আমাৰ দেশ স্বাধীন হোৱাৰ আজি বহু বছৰে হৈ গ’ল। প্ৰাক্ স্বাধীনোত্তৰ কালৰে পৰাই আমাৰ সমাজত নাৰীৰ স্থান সদায় তলত থকা দেখা গৈছিল । এটা সময়ত এগৰাকী নাৰীয়ে জীৱনৰ প্ৰতিটো সময়তে ওৰণি তলত জীৱন কটাবলগীয়া হৈছিল সেয়া উত্তপ্ত গৰম কিম্বা হিম শীতল ঠাণ্ডাই নহওক কিয় । অতীজৰে পৰা দেখা যায় যে এগৰাকী নাৰীয়ে জীৱনৰ প্ৰতিটো সময় নিজৰ মাক দেউতাকৰ কথা বিয়া হোৱা পিছত নিজৰ গিৰিয়েক তথা শাহু, শহুৰৰ কথাত চলিব লগা হৈ আহিছে । কেনেবাকৈ তাৰ বিপৰীতে গ’লে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছিল । এটা সময় আছিল নাৰীৰ পাতৰ তলৰ লাও আখ্যা দিয়া হৈছিল যিদৰে লাও গছ জোপা যিমানেই লহ্পহকৈ বাঢ়ি নাযাওক কিয় পাতৰ তলত লাওৰ স্থান ঠিক তেনেদৰে, নাৰীকো একেই ভাবিছিল যিমানেই নাৰীয়ে শিক্ষা দিক্ষা লৈ আগ নাবাঢ়ক কিয় নাৰী সদায় পুৰুষৰ সমপক্ষ কেতিয়াও নহয় ।

হয়তো বৰ্তমান সময়ত আধুনিকতাই স্পৰ্শ কৰি যোৱা সমাজত নাৰীকেন্দ্ৰিক সভ্যতা সংস্কৃতিৰ আগবাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত এগৰাকী নাৰীয়ে জন্মৰ পিছৰ পৰাই নিজক অসুৰক্ষিত অনুভৱ কৰি আহিছে । ক’ৰবাত ভয়ৰ সম্মুখীন হৈ আহিছে। সভ্যতা-সংস্কৃতি যিমানেই আগবাঢ়ি গৈছে সিমানেই পিছ পৰি ৰৈছে এচাম মানুহ যি নিজৰ সন্মানৰ কথা চিন্তা কৰি নিমাত হৈ থাকে । আজিৰ দিনত নিমাত হোৱা সময় আছে জানো ? ইয়াৰ পৰিপ্ৰেক্ষিতত সমাজত ধৰ্ষণ, ধৰ্ষণ কৰি নৃশংস হত্যালীলাৰ ভেটি গঢ় লৈ উঠিছে । ধৰ্ষণ কি?? ইয়াৰ অৰ্থ কি বুজি নাপাওঁতে এজনী ছোৱালীয়ে ইয়াৰ বলি হ’ব লগীয়া হৈছে । দেউতাকৰ লগত একেলগে কাম কৰা বিষয়া কিম্বা একে লগে কাম কৰা সমবয়সৰ লোকে আহি এজনী ৬-৭ বছৰীয়া ছোৱালীৰ হাতত এটি চকলেট দি ইমান মৰম লগা ছোৱালী বুলি কৈ তাইৰ গোপন স্থান হাত দিয়া তথা ওচৰৰ সম্পৰ্কীয় ব্যক্তিয়ে ছোৱালীজনীৰ বুকুত হাত দিয়া তথা ওঠত চুমা খোৱাৰ কাৰ্য দেখিবলৈ পোৱা যায় । ছোৱালী জনীয়ে যেতিয়া মাক দেউতাকক সেই কথা কয় তেতিয়া মাক-দেউতাকে “হেই মৰমতে ধৰিছে হে বুলি কয়” তেন্তে তাত ভুল কাৰ ? মাক দেউতাকে এইবোৰ কথা চকু দিব লাগে সৰুৰে পৰাই । দেউতাকৰ সম বয়সৰ তথা তেনেকুৱা মানসিকতা থকা ব্যক্তিৰ পৰা আঁতৰাই ৰখাটোয়ে শ্ৰেয় । আজি তাই সৰু হৈ আছে এনেকৈ সুবিধা দি গ’লে এদিন কৰিছে বুলি ক’লে ব্যক্তিজনে সুবিধা পোৱা কথা থাকে ।

ইয়াৰ পিছত কোৱা হয় নাৰীয়ে চুটি কাপোৰ পিন্ধে কিয় । মান সন্মান নাই নেকি । ল’ৰায়ে সুবিধা পাব । এযোৰ কাপোৰক দোষ দিয়াটো যুক্তি ক’ত ? তাই মন গৈছে এটা পাৰ্টীলৈ গৈছে তাই পিন্ধিলেই তাত তাইৰ সুন্দৰতাৰ কথা দুই এজনে লগ হৈ কথা পাতে *মালটো ভাল,আমোক তমোক* এইবোৰ ক’ত যুক্তি থকা কথা । কিয় পাহৰি পেলায় তেওঁলোকে যে সেইগৰাকীও কাৰোবাৰ ভগ্নী, কাৰোবাৰ ছোৱালী, কাৰোবাৰ বাইদেউ আৰু কাৰোবাৰ আপোন গৰাকী ? লʼৰাই ভালকৈ ইংৰাজী কি শিকিলে মাক দেউতাকে ম’বাইল কিনি দিলে পঢ়া শুনাৰ কথা দুই এটা শিকক বুলি কিন্তু ল’ৰা ব্যস্ত পঢ়া শুনাৰ পৰা বহু যোজন আঁতৰত বেলেগ এখন অচিনাকী পৃথিৱীত । এনেও সকলোৰে অচিনাকী বস্তু এটা নিজেই অনুভৱ (experience) কৰি চোৱাৰ হেঁপাহ জাগে আৰু ল’ৰাই সেই গতিকে নিজৰ ওচৰৰ সম্পৰ্কীয় কাৰোবাৰ লগত এনেকুৱা ভুল কৰ্মত লিপ্ত হৈ পৰিল । এতিয়া কওঁক ভুল কাৰ ? নিশ্চয় মাক দেউতাকৰ । সেয়ে সৰুৰে পৰা শিক্ষিত সমাজ ব্যৱস্থাত যৌন শিক্ষাৰ দিশটো আগবঢ়োৱাৰ চেষ্টা কৰিব লাগে প্ৰতিটো শিশুয়ে নিৰ্দিষ্ট বয়সত অনুসন্ধিৎসু মনত যৌন শিক্ষাৰ বিষয়ে ভালকৈ শিকি যাবলৈ দিয়া উচিত । বৰ্তমান সমাজ ব্যৱস্থাত কিতাপত থকা যৌন শিক্ষাৰ অধ্যায় কেইটা শিক্ষকে ঘৰত গৈ পঢ়িবা কোৱাৰ পৰিবৰ্তে কোনো দ্বিধাবোধ নকৰাকৈ ভালকৈ পঢ়োৱাই দি তাৰ অৰ্থ বুজাই দিব লাগে । নাৰীক ফুলৰ লগত তুলনা কৰা হয় আৰু ফুলক সকলোৱে ভাল পাই আৰু ধুনীয়া ফুল পাহক যিদৰে ছিঙি আনি মানুহে সজাবলৈ চেষ্টা কৰে ঠিক সেইদৰে নাৰীকও এচামে কোমলীয়া ফুল পাহৰ দৰে ছিঙি নিজৰ ঘৰত পত্নী কিম্বা কাম কৰা তিৰোতা সজাই । কিন্তু নাৰী গৰাকীৰ সপোন তথা কি বিচাৰে সেয়া কেতিয়াও জানিবলৈ ইচ্ছা নকৰে । কিন্তু ফুলক আচল ভাল পোৱা গৰাকীয়ে যেনেকৈ ফুল পাহ গছত ফুলি ৰওঁতে তাৰ সৌন্দৰ্য অনুভৱ কৰিছে ছিঙি আনিলে যে তাৰ সৌন্দৰ্য বৰঞ্চ কমি যাব তাক বুজি লৈছে মানুহো ঠিক তেনেকুৱাই হোৱা উচিত । উচিত সন্মান সকলোৱে বিচাৰে সেয়া পুৰুষে হওঁক বা মহিলাই । কিছুমানে কয় নাৰী সদাই পুৰুষৰ তলত কিন্তু আজিৰ দিনত কোনো তলত বা ওপৰত নহয় সকলো সমান ।

নাৰী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিদ্যালয়ত কেৰাটে বিদ্যাৰ দৰে শিক্ষা দিয়া উচিত যাতে আজিৰ নাৰীয়ে নিজক নিজে সুৰক্ষা দিব পাৰে । সকলো ঠাইতে সজাগতা সভা তথা বাটৰ নাটক আদিৰ দৰে অনুষ্ঠান আয়োজন কৰি মাক দেউতাকৰৰ লগতে সকলো অনভিজ্ঞ লোকক নাৰী সকলক সন্মান দিয়া তথা যৌন শিক্ষাৰ প্ৰয়োজনীয়তা বুজাবলৈ প্ৰয়াস কৰাব লাগে ।।

 

-আশাৰাণী বৰুৱা 

 – দেৰগাঁও