সমাজকৰ্মী পুৰন্দৰ কোঁৱৰৰ অভিনন্দন গ্ৰন্থ ‘প্ৰজ্ঞান পুৰন্দৰ’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- “আশীৰ দশকতে চিনাকিসূত্ৰে পুৰন্দৰ কোঁৱৰৰ লগত মোৰ এক আত্মিক সম্বন্ধ গঢ়ি উঠিছিল৷ বিশেষকৈ তাই ভাষা-সংস্কৃতিৰ একনিষ্ঠ সাধকৰূপে গুৱাহাটীৰ সেই সময়ৰ আঙুলিৰ মূৰত লেখিবপৰা যিকেইজন ব্যক্তি ওলাই আহিছিল তাৰ ভিতৰত তেওঁ আছিল আগৰণুৱা৷ উক্ত সময়তে অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ তাই সংস্কৃতিৰ বিভিন্ন দলক উলিয়াই আনি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সফলতাৰে ‘তাই সাংস্কৃতিক সন্ধিয়া’ অনুষ্ঠিত কৰি তেওঁ যি সাহসৰ পৰিচয় দিছিল তাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো৷”-বিশিষ্ট তাই পণ্ডিত, গৱেষক , প্ৰাক্তন অধ্যাপক , ছ্যুকাফা বঁটা প্ৰাপক ড° পুষ্পধৰ গগৈয়ে আজি কৰ্মযোগী, তাই পণ্ডিত, সমাজকৰ্মী পুৰন্দৰ কোঁৱৰৰ ৯১সংখ্যক জন্মজয়ন্তী উপলক্ষে প্ৰকাশিত গ্ৰন্হ আৰু তথ্যচিত্ৰ উন্মোচনী সভাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণত এইদৰে মন্তব্য কৰে ৷ বিশিষ্ট সাহিত্যিক অৰুণ ৰাজবংশীয়ে পৌৰোহিত্য কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত অভিনন্দন গ্ৰন্হ ‘প্ৰজ্ঞান পুৰন্দৰ’ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক, পদ্মশ্ৰী ড°যোগেন্দ্ৰ নাথ ফুকনে৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অসমৰ প্ৰাক্তন মন্ত্ৰী ড°হেমপ্ৰভা শইকীয়াই৷ অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ৰামকৃষ্ণ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী ভৈৰৱ প্ৰসাদ দাস, ৰামকৃষ্ণ চক্ৰৱৰ্তী, আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে সমাজকৰ্মী পুৰন্দৰ কোঁৱৰৰ সান্নিধ্যৰ বিভিন্ন দিশ বৰ্ণনা কৰে৷অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটোৰ আৰম্ভণিতে পুৰন্দৰ কোঁৱৰৰ একমাত্ৰ বোৱাৰী, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে সভাৰ আদৰণি ভাষণত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই পুৰন্দৰ কোঁৱৰৰ সামাজিক অৱদানৰ চমু অবলোকন কৰে ৷ অনুষ্ঠানত অধ্যাপিকা ইন্দ্ৰানী গগৈ পানীফুকনে বিষ্ণু প্ৰসাদ ৰাভাৰ এটি গীত পৰিৱেশন কৰে৷ সভাখনিত কিৰণ গগৈ , কুশল চাংমাই, ৰুক্মনাথ গোহাঞিবৰুৱা, বিবেকানন্দ ফুকন, তৰুণ বৰগোহাঞি, মানিক গগৈ,ড° সুৰেশ সন্দিকৈ, ৰঞ্জিত বৰুৱা, নন্দ কোঁৱৰ,নিৰঞ্জন বৰুৱা, অজয় বৰগোহাঞি, বসন্ত গগৈ,য়ে হম বুঢ়াগোহাঁই, কল্পনা গগৈ, মামনি চাংমাই বৰুৱাকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্হিত থাকে৷কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী , কৰ্মচাৰীবৃন্দ আৰু উপস্হিত বহুজনে পুৰন্দৰ কোঁৱৰক সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানৰ শেষত পুৰন্দৰ কোঁৱৰৰ ওপৰত যুগুতোৱা এখনি তথ্যচিত্ৰ ‘ম’লুঙ পুৰন্দৰ কোঁৱৰ’ প্ৰদৰ্শন কৰা হয় ৷