সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ টার্গেট ৩৭০ আসন

সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ টার্গেট ৩৭০ আসন

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় অধিৱেশন। এই ৰাষ্ট্ৰীয় অধিৱেশনৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলকো সম্বোধন কৰে। ইয়াৰ জৰিয়তে কাৰ্যতঃ প্রধানমন্ত্রীগৰাকীয়ে লোকসভা নিৰ্বাচনৰ বাবে দলে প্রস্তুত কৰা ৰণকৌশলত চূড়ান্ত মোহৰ মাৰে। তেওঁ নিজৰ ভাষণত অতি স্পষ্টভাৱে কয় যে- ‘আমাৰ হাতত আৰু ১০০ দিন সময় আছে। এই ১০০টা দিনত দলৰ সকলো কার্যকর্তাই অধিক পৰিশ্ৰম তথা সক্রিয় হৈ পৰিব লাগিব। বিজেপিৰ লক্ষ্য হৈছে সমাগত লোকসভা নির্বাচনত ৩৭০খন আসন দখল কৰা। দলৰ কাৰ্যকৰ্তাসকলে অহা ১০০ দিনত বুথ পর্যায়ত সক্রিয়তাৰে কাম কৰিব লাগিব। তেনেদৰে ২০১৯ চনৰ তুলনাত প্রতিটো বুথত অতিৰিক্ত ৩৭০টা ভোট কেনেদৰে লাভ কৰিব পৰা যায়, তাৰ বাবে প্রত্যেকেই নিয়োজিত হওক।’ ৩৭০খন আসনক টার্গেট কৰি বিজেপিয়ে নির্ধাৰণ কৰা এই ১০০দিনীয়া কর্মসূচী অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব বুলি প্রধানমন্ত্রীগৰাকীয়ে ঘোষণা কৰে। ৰাষ্ট্ৰীয় অধিৱেশনৰ প্ৰথম দিনাই দলৰ বিষয়ববীয়াসকলক উদ্দেশ্যি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ বিষয়ে পৰৱৰ্তী সময়ত এক সংবাদ মেলযোগে সদৰী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱড়েই। প্রধানমন্ত্ৰীৰ উদ্ধৃতিৰে সাধাৰণ সম্পাদক টাৱড়েই কয় যে অহা লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়াসকলৰ কাষলৈ বিজেপিৰ কাৰ্যকৰ্তাসকল যাব লাগিব। তেওঁলোকক বুজাব লাগিব ২০১৪ চনৰ পূৰ্বে দেশৰ অৱস্থা কেনেধৰণৰ আছিল আৰু বিগত ১০ বছৰত বিজেপিয়ে কি কি পৰিৱৰ্তন আনিছে। একে সময়তে মহিলা ভোটাৰসকলক যাতে পাহৰি যোৱা নহয়, সেই কথাও কার্যকর্তাসকলক কোৱা হৈছে। বিজেপিয়ে মহিলাৰ জীৱনযাত্রা সহজ কৰাৰ চেষ্টা কৰাৰ বিষয়টো বুজাই দিব লাগিব। একে সময়তে দুর্নীতিমুক্ত স্বচ্ছ প্রশাসন ব্যৱস্থা গঢ়ি তোলাৰো প্ৰচাৰ চলাব লাগিব। বিগত ১০ বছৰ ধৰি মোদী চৰকাৰে দেশত স্বচ্ছ-নিকা-দুর্নীতিমুক্ত প্রশাসন ব্যৱস্থা গঢ়ি তুলিছে। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এটাও দুর্নীতিৰ অভিযোগ উত্থাপন হোৱা নাই, সেই তথ্য জনমানসত দাঙি ধৰিব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এনে বক্তব্যত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে গ্রহণ কৰা ‘জ্ঞান’ সূত্ৰটোকেই প্রতিফলিত কৰিছে। ‘জ্ঞান’ অর্থাৎ ইংৰাজী বর্ণমালাত লিখিলে ‘জি বাই এ এন’ৰ । ধাৰণাটোৰ জৰিয়তে ‘গৰিব-যুৱ-অন্নদাতা-নাৰীশক্তি’ক সামৰি ল’ব বিচাৰিছে শাসকীয় দলটোৱে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক টাৱড়েই সদৰী কৰা অনুসৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৩৭০খন আসন টার্গেট কৰি লোৱাৰ প্ৰসংগত এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৩৭০ কেৱল এটা সংখ্যাই নহয়। এয়া সংবিধানৰ ৩৭০নং অনুচ্ছেদ প্রত্যাহাৰৰ বাবে অভিযান গঢ়ি তোলা ড° শ্যামাপ্রসাদ মুখার্জীলৈ শ্রদ্ধাঞ্জলি হ’ব। এই উদ্দেশ্যে ১০০দিনীয়া কৰ্মসূচীৰ সময়ছোৱাত চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ কাষলৈ যাবলৈও প্রধানমন্ত্রী মোদীয়ে দলীয় কার্যকর্তাসকলক আহ্বান জনায়। লগতে বিজেপিৰ টার্গেট ৩৭০খন আসন হ’লেও সামগ্রিকভাবে এনডিএৰ ৪০০ + লোকসভা সমষ্টি দখল কৰাটো লক্ষ্য হ’ব বুলি তেওঁ উল্লেখ কৰে। ভাষণত প্রধানমন্ত্রী মোদীয়ে বিৰোধীকো কঠোৰভাৱে সমালোচনা কৰে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক টাৱড়েই এই সন্দর্ভত জানিবলৈ দিয়া মতে, প্রধানমন্ত্রী মোদীয়ে কয় যে বিৰোধীয়ে অপ্রয়োজনীয় আৰু আৱেগিক কেতবোৰ ইছ্যু উত্থাপন কৰিব পাৰে। এইক্ষেত্ৰত আমাৰ দলীয় কার্যকর্তাসকল সচেষ্ট হৈ থাকিব লাগিব। বিৰোধীৰ ইছ্যুৰ বিপৰীতে উন্নয়ন, দৰিদ্ৰৰ হকে গ্রহণ কৰা নীতি আৰু আন্তর্জাতিক পর্যায়ত ভাৰতৰ উত্থানৰ দৰে বিষয়বোৰ দেশৰ জনসাধাৰণক অৱগত কৰাব লাগিব কার্যকর্তাসকলে। ইয়াৰ পূর্বে ভাৰত মণ্ডপমত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উষ্ম আদৰণি জনায় । তাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত হয় প্রদর্শনীস্থলীত। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উদ্বোধন কৰা প্ৰদৰ্শনীখনত মূলতঃ মোদী চৰকাৰৰ ১০ বছৰীয়া শাসনকালৰ বিভিন্ন সাফল্যৰ চিত্রপট দাঙি ধৰা হৈছে। বিষয়ববীয়াৰ সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডায়ো ভাষণ দিয়ে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলে বিভিন্ন সাফল্যৰ সাক্ষী হৈছে। মোদী চৰকাৰৰ তৃতীয়টো কার্যকালত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশত পৰিণত হোৱাৰ লগতে বহু দিশত উচ্চ শিখৰত উপনীত হ’ব। তেওঁ সমগ্র দেশতে বিজেপিৰ সাংগঠনিক ভেটি বিস্তাৰৰ তথ্য দাঙি ধৰে। বিশেষকৈ দক্ষিণ ভাৰতত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় নহয় বুলি বিভিন্নজনে কৰি অহা মন্তব্যৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে দক্ষিণত কংগ্ৰেছৰ সাংসদৰ সংখ্যা হৈছে ২৮জন। ইয়াৰ বিপৰীতে আমাৰ দলৰ সাংসদ আছে ২৯জন। পঞ্চায়ত প্রধানৰ পৰা কেন্দ্রীয় মন্ত্রী- বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলৈকে সমগ্র দেশৰ ১১,৩০০ জন প্রতিনিধিয়ে অংশগ্রহণ কৰা বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ প্ৰথম দিনা উপস্থিত থকাসকলৰ ভিতৰত অন্যতম আছিল কেন্দ্রীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশী আদি। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় অধিৱেশন উপলক্ষে ভাৰত মণ্ডপম আটকধুনীয়াকৈ সজাই তুলিছে বিজেপিয়ে।