সমগ্ৰ দেশৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ ৬৫ তম জন্ম জয়ন্তী উদযাপন কৰে হাজো শাখাই

pc Facebook

সমগ্ৰ দেশৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ ৬৫ তম জন্ম জয়ন্তী উদযাপন কৰে হাজো শাখাই

অনলাইন বাৰ্ত্তাসেৱা – সমগ্ৰ দেশৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ ৬৫ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি হাজো শাখাই ও এক ছেপ্টেম্বৰ ৰ পৰা সাত ছেপ্টেম্বৰলৈ এক সপ্তাহ জুৰি বীমা সপ্তাহ হিচাপে উদযাপন কৰে “দায়বদ্ধতা আৰু বিশ্বাস”ৰ আশ্বাসেৰে । কোভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠান অনুস্থূপিয়াকৈ পতা হয়।পহিলা ছেপ্টেম্বৰৰ দিনটোত নিগমৰ পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্জলন কৰে সমূহ কৰ্মচাৰী,অভিকৰ্তা, গ্ৰাহক সমন্বিতে শাখা প্ৰৱন্ধক উদয় শংকৰ চহৰীয়াই।তৃতীয় দিনা নিগমৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ চিন স্বৰূপে হাজো শাখাৰ দ্বাৰা হালোগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি “একোৱা গাৰ্ড”ৰ ৱাটাৰ ফিল্টাৰ যোগান ধৰা হয়।ইয়াকে লৈ সুখ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে হালোগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধায়ক ডাঃ যুগল চন্দ্ৰ দাসৰ লগতে সমগ্ৰ হালোগাঁও বাসী ৰাইজে।গ্ৰাহকৰ ওজৰ-আপত্তি অতি কম সময়ৰ ভিতৰত নিষ্পত্তি কৰিবলৈ হাজো শাখা সংকল্প বদ্ধ।ইয়াৰ বাবে বীমা সপ্তাহৰ মাজতে বিভিন্ন পদক্ষেপ হাতত লৈছে বিভাগীয় কৰ্তৃপক্ষই।বীমা সপ্তাহৰ মাজতে ষষ্ঠ দিনা হাজো শাখাৰ উন্নয়ন বিষয়া বুবুল ঠাকুৰীয়াৰ টীমৰ অভিকৰ্তা সকলোৰ মাজত এখনি “বিজনেছ ৰিভিউ মিটিং” অনুষ্ঠিত কৰা হয় হাজো স্থিত চন্দ্ৰমা ৰেষ্টুৰেণ্টত,য’ত উপস্থিত থাকে গুৱাহাটী ডিভিজনৰ মেনেজাৰ চেলছ অতনু বৰুৱা,শাখা প্ৰৱন্ধক উদয় শংকৰ চহৰীয়া,শাখা প্ৰৱন্ধক(বিক্ৰয়) ৰতন চন্দ্ৰ দাস।সভাত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বিভিন্ন বঁটা প্ৰদান কৰা হয় শাখাৰ লগতে উন্নয়ন বিষয়া ঠাকুৰীয়াৰ ফালৰ পৰা ।বীমা সপ্তাহৰ মাজতে অভিকৰ্তা নিয়োগ প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে বুলি ঠাকুৰীয়াই জানিবলৈ দিছে।
সেয়েহে উন্নয়ন বিষয়া বুবুল ঠাকুৰীয়াই হাজোৰ বিভিন্ন পাৰ্শ্ববৰ্তী অঞ্চলৰ পৰা চৰকাৰী চাকৰিৰ বাবে আশা পালি নাথাকি নিবনুৱা যুৱক-যুৱতী,গৃহিনীৰ লগতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ প্ৰাপ্ত লোকক নিগমৰ অভিকৰ্তা হিচাপে যোগদান কৰি এক সুন্দৰ জীৱন যাপন কৰাৰ লগতে ভাৰতৰ এক নম্বৰ জীৱন বীমাৰ অনুষ্ঠান এল আই চিৰ বৃহৎ পৰিয়ালৰ এজন হ’বলৈ আগবাঢ়ি আহিবলৈআহ্বান জনাইছে।অভিকৰ্তা এজনে তেওঁৰ প্ৰদৰ্শনৰ দ্বাৰা নিগমৰ পৰা আকৰ্ষণীয় কমিচন লাভ কৰাৰ লগতে বিভিন্ন সুযোগ-সুবিধা লাভ কৰিব পাৰে।ইয়াৰ বাবে শাখাত আহি তেওঁক লগ ধৰি বিতংকৈ জানি লবলৈ আহ্বান জনাইছে।অথবা তেওঁৰ মোবাইল নম্বৰ ৯৭০৭০৩১১১৮/৮৬৩৮০০৩০৫৭ ত যোগাযোগ কৰিবলৈ দিছে। শাখাৰ বিভিন্ন উন্নয়ন বিষয়াৰ দ্বাৰাও তেওঁলোকৰ টীমৰ মিটিং অনুষ্ঠিত কৰা হয় ভিন ভিন তাৰিখত।শেষৰ দিনা শাখা কাৰ্যালয়ৰ সন্মুখত কানিমুনি (টেকেলি ভঙা) প্ৰতিযোগিতা আয়োজন কৰা হয় নিগমৰ কৰ্মচাৰী, অভিকৰ্তা আৰু গ্ৰাহকৰ মাজত।উল্লেখযোগ্য যে ভাৰতীয় জীৱন বীমা নিগমে তেওঁলোকৰ গ্ৰাহক সকলোৰ বন্ধ হৈ থকা পলিচি বোৰ পুনৰ চলাবৰ বাবে এক সুযোগ প্ৰদান কৰাৰ নিমিত্তে যোৱা ২২ আগষ্টৰ পৰা আগন্তুক ২৩ অক্টোবৰলৈকে “স্পেচিয়েল ৰিভাইভেল কেম্পেইন” নামেৰে এক আঁচনি হাতত লৈছে।য’ত গ্ৰাহক সকলে “লেট ফাইন”ৰ ওপৰত আকৰ্ষণীয় ৰেহাই লাভ কৰিব বুলি শাখা প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিছে।”জীৱনৰ লগতো, জীৱনৰ পিছতো” উদ্দেশ্যে আগত ৰাখি আগবঢ়া ভাৰতীয় জীৱন বীমা নিগম উজলি উঠক।